পীতাম্বৰ দেৱগোস্বামী
পীতাম্বৰ দেৱ গোস্বামী হৈছে অসমৰ আউনীআটী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ। তেওঁ ১৯৯৭ চনত পদত অধিষ্ঠিত হয়। [১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- আগৰ শিক্ষাত আছিল --"ছাত্ৰানং অধ্যয়নং তপঃ"-- এই বাক্যৰ সাৰ্থকতা। তপস্যা অৰ্থাৎ কঠোৰ শাৰীৰিক,মানসিক পৰিশ্ৰম আছিল আগৰ শিক্ষাত। এতিয়া বিভিন্ন ইলেক্ট্ৰনিক মাধ্যম তথা আধুনিক সচ্ছলতা বেছিকৈ থকাত শ্ৰমৰ হাৰ কমি গ’ল। আনহাতে আগৰ শিক্ষা আছিল নৈতিক মূল্যবোধ তথা চৰিত্ৰ থকা শিক্ষাৰ পয়োভৰ। আজিৰ শিক্ষাত এনে ভাৱ নোহোৱা হৈছে। ইয়াৰ কাৰণে পাঠ্যক্ৰম আৰু পৰিৱেশ জগৰীয়া।[১]
- আধ্যাত্মিক শিক্ষা অবিহনে কোনো শিক্ষাই সম্পূৰ্ণ হ’ব নোৱাৰে৷অৰ্থাৎ আধ্যাত্মিক শিক্ষা শ্ৰদ্ধা,ভক্তি সম্পৃক্ত বিষয়৷[১]
- ঈশ্বৰ ভাৱাপন্ন তথা শ্ৰদ্ধা-ভক্তি থকা শিক্ষাই মানুহৰ জীৱন পৰিশিলিত কৰিব পাৰে আৰু প্ৰকৃতাৰ্থত মানুহ সুন্দৰ হ’ব পাৰে। সেয়েহে বৰ্তমান শিক্ষা ব্যৱস্থাত ই অত্যন্ত প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ।[১]
- কেৱল বস্তুভোগৰ স্পৃহাই মানুহৰ জীৱন নহয়৷[১]
- আবেগৰ পৰিৱৰ্তে,সস্তীয়া সুখ আমেজৰ পৰিৱৰ্তে,ঠুনুকা মনৰ পৰিৱৰ্তে,গধুৰ আৰু মধুৰ মনটোৰ যুৱ সমাজ ওচৰ চপা উচিত।[১]
- শিশু অৱস্থাতে মানুহে জীৱনৰ প্ৰকৃত ভাঁজ দিবলৈ শিশুক অনুপ্ৰাণিত কৰিব লাগিব।[১]
- সত্ৰসমূহে সমাজত প্ৰাচীন পৰম্পৰা তথা ঐতিহ্য বহন কৰা কথাবিলাক বিজ্ঞানসম্মত ভাৱে তথা আত্ম প্ৰত্যয় অহাকৈ যুক্তি সহকাৰে জনসমাজত বুজোৱাৰ ব্যৱস্থা কৰিব লাগে।[১]
- মহাত্মা গান্ধী তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শত কৰ্মবিমুখৰ স্থান নাই। কৰ্মবিমুখ ,আলস জীৱন-যাপন কৰিবলৈ মহাপুৰুষসকলে কেতিয়াও কোৱা নাই। যি কৰ্মোদ্যোগী জীৱনৰ কথা মহাপুৰুষসকলে কৈছে তাতেই আছে জীৱনৰ বৃত্তি। কিন্তু এই বৃত্তিমুখী চিন্তাত আছে সামূহিক সামাজিক চিন্তা। অনৈতিক বৃত্তিমুখী হোৱাৰ পৰিৱৰ্তে নৈতিক চিন্তাৰে বৃত্তিমুখী হোৱাৰ কথা বাৰে বাৰে সোঁৱৰাই দিছে মহাপুৰুষসকলে। সেয়ে সততা থকা , নৈতিকতা থকা বৃত্তি গ্ৰহণ কৰা উচিত যিয়ে স্থায়ী সুখ ভোগ , শান্তিৰ সন্ধান দিব।[১]