সুবালা হৈছে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. সম্পূৰ্ণ নিজকে লৈ সংসাৰত কোনেও শান্তিৰে জীয়াই থাকিব নোৱাৰে। যাৰ কোনো নাই বুলি ভাবো, সিও নিজৰ নিৰ্জনতাৰ শূণ্যতাক পূৰ্ণ কৰি লয় গানেৰে, স্বপ্নেৰে, কল্পনাৰে, ঈশ্বৰৰ চিন্তাৰে, দেশৰ দহৰ সমাজৰ কাৰণে, আন একো নহ'লে উন্মাদৰ প্ৰলাপেৰে।[উৎসৰ প্ৰয়োজন]
  2. প্ৰত্যেক মানুহৰ নিজস্ব জীৱনটো একো একোটা নিৰ্জন দ্বীপ, সহানুভূতিৰ নাৱত উঠি সি অন্যান্য দ্বীপলৈ অহা-যোৱা কৰে। কেনেবাকৈ সেই নাও অচল হৈ সি যদি নিজৰ দ্বীপ এৰিব নোৱাৰা হয় বা ধুমুহাৰ কোবত সমুদ্ৰতে নাও ডুবি যায়, বাহিৰৰ সমস্ত দ্বীপমালাৰ লগত তাৰ যোগসূত্ৰ বিচ্ছিন্ন হৈ পৰে, কেৱল আপোন-মনৰ মুখামুখি হৈ সি তেতিয়া যি ধৰণৰ আচৰণ কৰে, আনৰ চকুত সিয়েই পাগলামি।[উৎসৰ প্ৰয়োজন]

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: