সাঁথৰ (ইংৰাজী: Riddle)ৰ হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰবোৰ ছন্দোৱদ্ধভাৱে ৰচনা কৰা৷ ইয়াৰ মাজেৰে ৰচকৰ কবিত্ব শক্তিৰো উমান পোৱা যায়৷ অসমীয়া সাঁথৰবোৰৰ মাজত অসমীয়া লোক-সংস্কৃতিৰ আভাস পাব পৰি৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা হয় আৰু প্ৰশ্নবোধক সামৰণিৰে প্ৰশ্নটো এৰি দিয়া হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক। অসমীয়া অভিধানত সাঁথৰ শব্দৰ ব্যুৎপত্তিগত অৰ্থ দিবলৈ গৈ কৈছে, “প্ৰশ্ন শুনি য’ত সাঁতুৰি অৰ্থ বিচাৰিব লাগে, সেয়ে সাঁথৰ৷’’ [১]সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয় যদিও শিশু বা প্ৰাপ্তবয়স্ক সকলোৰে মানসিক চিন্তাশক্তিৰ বিকাশত সহায়ক হয়৷

স্ফিংছৰ সাঁথৰ ভাঙি থকা অৱস্থাত ইডিপাছ, ৪৫০-৪৪০ খ্ৰীষ্টপূৰ্বৰ মৃন্ময় মূৰ্তি।

বৰ্ণানুক্ৰম অনুসৰি অসমীয়া সাঁথৰসম্পাদনা কৰক

· · · · · · · · · ·
· · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · ক্ষ · ড় · ঢ় · য়

সম্পাদনা কৰক

  1. অকণমান পানীত বগলীটো চৰে,
    পানীখিনি শুকাই গ’লে বগলীটো মৰে (চাকি)[২]
  2. অ' প্ৰভু, ৰঙাচৰণ,
    তুমি ওলালেই মোৰ মৰণ (কলডিল)
  3. অহাযোৱা চাৰি,
    দেখাশুনা চাৰি,
    অমতে চাৰি,
    লিংলিঙীয়া দুই,
    লৰ বৰুৱা গোট,
    পোন্ধৰ কথা বুজাই দিয়া মোক৷ (গাইজনী)[৩]
  4. অসু অসু অসু
    গটে(গোটেই) গাতে চকু৷ (আনাৰস)[৪]
  5. অৰু অৰু অৰু
    গটেৰে(সকলোৰে) একেটা চৰু৷ (সূৰ্য)[৫]
  6. অৰুণং তৰুণং হিয়া মাজে মেৰুণং
    তাৰ মাজে ব্ৰহ্ম বিন্ধা৷
    অকাই-পকাই সুমুৱাই দিয়া
    মৰি যাওক পোকৰৰ বিন্ধা৷ (বৰতাল, সৰুতাল)

সম্পাদনা কৰক

  1. আগ তিতা গুৰি মৌ,
    কি কৰিছা ভাবলী বৌ (কুহিঁয়াৰ)[১]
  2. আমাৰ ঘৰত এজনী বুঢ়ী আছে,
    যাওঁতে এগোৰ, আহোঁতে এগোৰ৷ (দুৱাৰডলি)
  3. আহিছ আহ ,যাৱ কেলেই ,
    গৈছ যা , আহ কেলেই (কেচুঁৱাৰ দাঁত)
  4. আই বুলিলে নালাগে,
    বোপাই বুলিলে লাগে,
    মনুষ্যৰ শৰীৰতে থাকে৷ (ওঁঠ)[৬]
  5. আমলতা চামলতা
    সাতখন কুঠাৰেৰে কাটিব নোৱাৰি
    সিনো কি বড়গছৰ লতা৷ (ছাঁ)[১]
  6. আছে গুটি দেশত নাই,
    খায় কিন্তু বাকলি নাই৷ (বৰষুণৰ শিলগুটি)[৭]

সম্পাদনা কৰক

  1. ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,
    সাগৰ দেখিলে পাংখা মেলে (জাল)
  2. ইয়াতে মাৰিলোঁ টিপা,
    গড়গাঁও পালেগৈ শিপা (ভূঁইকপ/ অনাতাঁৰ)

সম্পাদনা কৰক

  1. ঈশ্বৰে সৰজা হ’লে দোষ-গুণ চায়
    মনিছে সৰজা বুলি
    বিনাদোষত মাৰবোৰ খায়৷ (ঢেঁকী)[৮]
  2. ঈগল পখী দীঘল ঠোঁট
    শুকান কঠুৱা শৰীৰ গোট
    মুখত ভৰদি থাকে শুই
    পেটৰ ভোকত জ্বলে জুই
    গৰজি গৰজি আহাৰ খায়
    পেটত হ’লে একো নাই৷ [৮]

সম্পাদনা কৰক

  1. উপি উপি বাটত আছে চুপি (জোক) [৮]

সম্পাদনা কৰক

সম্পাদনা কৰক

  1. ঋষিও নহয় কিন্তু বাকলি বসন
    সদাশিৱ নহয় কিন্তু তিনিটি নয়ন
    বৰুণ পুত্ৰ নহয় কিন্তু জল থাকে ভৰি
    পক্ষীও নহয় কিন্তু বৃক্ষে থাকে চৰি৷ ( নাৰিকল)[৩]

সম্পাদনা কৰক

  1. একে মাতৃৰ গৰ্ভে বহু পুত্ৰগণ,
    তেজো নাই, মাংসও নাই, শিৰে হুতাশন। (জুইশলাৰ বাহ)
  2. এজনী কলী গাই
    ঘাটে ঘাটে পানী খায়? (বৰশী)[৯]
  3. এনেয়ে দীঘল,
    টানি দিলে চুটি৷ খালে ওলায় ধোঁৱা৷
    এইটোনো কি কোৱা (চুৰট)[৬]
  4. এদিন খালেই পেট ভৰে
    নিতৌ মানুহে সেৱা কৰে৷ (গাৰু)[৬]
  5. একেখনি বস্ত্ৰ ঘন ঘন গাঁঠি৷
    বহল পানীত পৰি আছে যেন ম’ৰাৰ পাখি৷ (জাল)[৬]
  6. এক মাৰলী দুই ছাল
    নাচে বাপু জয় নাল। (কলপাত)[১০]
  7. এইজন কোন ৰজা
    পেটত পানী মূৰত মূৰা। (হোকা বা ধঁপাত)[১০]
  8. এটা নিগনি এশ ধান কুটে,
    নেগুৰত ধৰিলে জাপমাৰি উঠে। (ঢেঁ‌কী)[১০]
  9. এটোপা পানীত বগলীটো চৰে৷
    পানীটোপা শুকালেই বগলীটো মৰে৷ (চাকি-বন্তি)[৩]
  10. এঠেঙীয়া বগলী,
    নিতৌ নাচে গধূলি৷ (বিচনী)[৩]
  11. একদেল খেৰে ঘৰটু বেৰে৷ (দিয়াচলাইৰ কাঠি)[১১]
  12. এঙ্গেনাতে বেঙ্গেনা;
    একেজোপা গছতে মাহ, কপাহ, বেঙ্গেনা৷ (শিমলু গছ)[১]
  13. আমলতা চামলতা,
    সাতখন কুঠাৰেৰে কাটিব নোৱাৰি,
    সিনো কি বড় গছৰ লতা৷ (ছাঁ)[১]
  14. এফালে ন-ঘৰ,
    এফালে ছঘৰ৷ পহু মাৰে সাতোটা,
    গাইপতি একোটা৷ ( ন-ঘৰ মানে নতুন ঘৰ৷ ছয়ঘৰ আৰু এঘৰ নতুন=মুঠ সাত)[৩]
  15. এডাল মাৰলি দুখন চাল
    নবন্ধা নকৰাকৈ থাকে সৰ্বতিকাল৷ (কলপাত)[৩]
  16. এপাততে তিনিপাত গাত আছে জোং, তাৰ পৰা ধুমসৰে, পিঠিখনত শুং৷ (বেল)[১২]

সম্পাদনা কৰক

  1. ঐ ভাই ভোলা, উপজিয়ে কোনে পিন্ধে চোলা৷ ( বাঁহৰ গজালি)

সম্পাদনা কৰক

  1. ওপৰৰ পৰা পৰিল লাটিম৷
    পালেই তাৰ টিকা কাটিম৷ (তামোল)[৩]
  2. ওপৰৰ পৰা পৰিল টেকেলী
    টেকেলীৰ পেটত এশ ভেকুলী (কঠাল)[৩]

সম্পাদনা কৰক

  1. ঔফুল ফুলি আছে পিন্ধোতা নাই৷
    সু-বিছনা পৰা আছে শোওতা নাই৷ (তৰা, নদী)[৮]

সম্পাদনা কৰক

  1. কেঁচাতে লুথুপথুপ পকিলে টান,
    দিকচৌ দূৰলৈ তোক লৈ যাম। (পকী বাট)
  2. কেঁ‌চাতে লুপথুপ পকিলে টান,
    আউনীআটীৰ ভকতে বোলে আৰু এটা আন (মিঠৈ)
  3. ক’লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)
  4. ক আইটী তপৰাই
    কাটি নিলে বাঢ়ি যায়৷ (সূতা)[১]
  5. কিঙ্কৰৰ কেশ,
    হুল যেন চকু দুটা, নাঙলৰ বেশ। (মিছা মাছ)
  6. কলিংগৰ লিংগ কাটি
    পাঠাৰ কাটি পা
    লবংগৰ বংগ কাটি
    মজা কৰি খা৷ (কঠাল)

সম্পাদনা কৰক

  1. খাল বিল শুকাই গ’ল,
    গছৰ আগত পানী ৰ’ল (নাৰিকল)
  2. খায় গুটি, বাকলি নাই৷
    আছে গুটি, দেশত নাই৷
    এইটোনো কি বস্তু, কোৱাচোন ভাই৷(শিলাবৃষ্টিৰ শিল)[১৩]
  3. খায় মূঢ়া মূঢ়ি,
    হাগে চূণ গুড়ি। (জুই)

সম্পাদনা কৰক

  1. গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়,
    লগুণ আছে কিন্তু বামুণ নহয়? (যঁতৰ)
  2. গৰু নহয় ঘাঁহ খায়৷
    পখী নহয় উৰি যায়৷ (ফৰিং)[৮]
  3. গোপিনীয়ে গৰু চৰায়
    মুখে বাঁহী বায়
    ৰঙা গাই চৰি যায়
    ক’লী গাই বহি যায়(জুহাল)[১৪]

সম্পাদনা কৰক

  1. ঘৰ আছে, দুৱাৰ নাই
    মাত আছে মানুহ নাই৷ [৮]
  2. ঘূৰালেই গোঁ গোঁ ভোমোৰাৰ গুণ
    লগুণ পিন্ধে গাত নহয় বামুণ৷ [৮]
  3. ঘৰৰ তলত ঘৰ,
    তাতে পৰি মৰ? (আঁঠুৱা)

সম্পাদনা কৰক

  1. চৰাই নহয় কিন্তু আকাশত থাকে,
    ডাৱৰ নহয় কিন্ত পানী ধৰি ৰাখে
    ওপৰলৈ চোৱা যদি কাঠৰ আকাৰ
    ভিতৰলৈ চোৱা যদি ৰূপৰ ভাণ্ডাৰ৷ (নাৰিকল)[৮]
  2. চূণ চাধা তামোল পাণ
    কোন পতি-পত্নীৰ বাইছখন কাণ৷ (ৰাৱণ, মন্দোদৰী)[৮]

সম্পাদনা কৰক

  1. ছালখন শুদ্ধ বগা, পেটটো ক’লা
    এইটোনো কি মোহনভোগ খাবলৈ দিলা৷ (তিলপিঠা)[৮]
  2. ছিৰলা-ছিৰলী পাত,
    তাতো নাখায় ভাত
    সূৰুয মুখে যাব লাগে
    ডেৰ পৰৰ বাট৷ (তামোল গছ)[৮]
  3. ছয়াময়া ঘনঘোৰ-দলদোপ হেন্দোলদোপ
    গগণ পকাই তোলে আন্দোলদোপ৷
    অতৰ্কিতে প্ৰাণ হৰে, জীৱই বেঢ়িকুৰি কান্দে৷ (বজ্ৰপাত)[৮]

সম্পাদনা কৰক

  1. জলত জন্ম স্থলত বাস
    মাকে চুলে সৰ্বনাশ৷ (নিমখ)[৮]
  2. জলতো নাই স্থলতো নাই
    পিতাই আনিলে ক’ৰবাত পাই
    ইয়াতে থৈছিলোঁ ইয়াতে নাই৷ (বৰফ)[৮]
  3. জগত পালক চা
    মাজৰটো নকওঁ যা
    শেষৰটো ল
    উত্তৰটো ক৷ (চাউল)[৩]

সম্পাদনা কৰক

  1. টি টি কে টিঞা
    কঁকালটো চিঞা
    হনুমন্ত ভাই মানুহ খেদি যাই৷ (বৰল)[৮]
  2. টাং টঙালি টঙনা
    একেডালি বৃক্ষতে মাহ কপাহ বেঙেনা৷ ( শিমলু গছ)[৮]

সম্পাদনা কৰক

সম্পাদনা কৰক

  1. ডিঙি আছে মূৰ নাই,
    পেট আছে ভুৰু নাই,
    সেইটোনো কি বস্তু কোৱাচোন ভাই৷ (কলহ) [৮]
  2. ডেকাত বেঁকা, বুঢ়াত পোন,
    তাক নাখাই আছে কোন? (ঢেঁকীয়া)[৮]
  3. ডিঙি আছে মূৰ নাই,
    হাত আছে ভৰি নাই৷ (কামিজ)[৮]
  4. ডুবিয়াই ডুবিয়াই যায়,
    বগা নাৰী ওলাই যায়৷[১৫]

সম্পাদনা কৰক

  1. ঢেপেচী পেটেলী গাই,
    মুঠেও কাণসাৰ নাই,
    আনে ছাল টানি খায়৷ ( খেৰৰ মেজি)[৮]
  2. ঢাপ চুৱনিত জনম ধৰে,
    মাকে পুতেকে একেলগে মৰে৷ (কলগছ)[৮]

সম্পাদনা কৰক

  1. তিনি চৰাইৰ তিনি ৰং
    বাহত সোমালে একে হয় ৰং৷ (তামোল, পাণ, চূণ)[১৬]
  2. তই ক’লে নালাগে, মই ক’লে লাগে৷ (ওঁঠ)[৮]
  3. তাক্ ধিনা ধিন্ তাও, দোষ নকৰাকৈ মাৰ খাওঁ৷ (তবলা)[৮]

সম্পাদনা কৰক

  1. থুপুক থাপাক চাৰি,
    অমৃত বৰষে চাৰি,
    দুই ভাই বিচনী,
    দুই ভাই টাঙোন ধৰ,
    এক ভাই নাচনী৷( গাইগৰু )[৮]

সম্পাদনা কৰক

  1. দুগুটি আখৰে নাম, জন্ম আকাশত
    ডেৰকুৰি ৰূপ লওঁ, প্ৰকৃতিৰ বলত
    আধাখিনি ৰূপ মোৰ ভাল নাপায় কেও;
    চোৰে কিন্তু বোলে মোৰ ভাই হয় এওঁ
    নাথাকোঁ মুহূৰ্ত মই একেনামে ৰৈ,
    সকলোকে দেখা দিওঁ ভ্ৰমি ভ্ৰমি গৈ৷(জোনবাই)[১৭]
  2. দুয়োফালে ধাপ, মাজেদি যায় কাৰ্শলা সাপ৷ (মাকোঁ)[১৮]

সম্পাদনা কৰক

  1. ধোঁৱাৰ নিচিনা গাৰ বৰণ,
    অহা-যোৱা চোৰৰ ধৰণ,
    খচ্‌খচকৈ আহে যায়,
    পৰৰ আৰ্জন পৰে খায়। (এন্দুৰ)

সম্পাদনা কৰক

  1. নমৰা নিজীয়া দুই ভাই৷
    জীৱ নহয় চলি যায়৷
    ঘোঁৰা নহয় ঘটক ঘটক৷
    থাকে ভকতৰ পদৰ তলত৷ (খৰম)[১৯]

সম্পাদনা কৰক

  1. পাঁচোটা আখৰেৰে পৃথিৱী বিখ্যাত নাম৷
    আমাৰ দেশ ভাৰততহে বিচাৰিলে পাম৷
    প্ৰথমে তৃতীয়ই মিলি নাম হয় ধাতুৰ৷
    দ্বিতীয় চতুৰ্থই মিলি নাম হয় ঋতুৰ৷
    দ্বিতীয়ই পঞ্চমে মিলি পানীৰ নাম লয়৷
    প্ৰথম আৰু পঞ্চম মিলি বৃক্ষ হেনো হয়৷
    তৃতীয় চতুৰ্থই মিলি এবিধ প্ৰাণীৰ নাম৷
    কৰাচোন পণ্ডিত লোক ইয়াৰ প্ৰমাণ৷ (তাজমহল)[২০]
  2. পাখি নাই জখলা নাই
    আকাশলৈ কোন যায়৷ (ধোঁৱা)[৮]
  3. পোহৰেই পিতৃ যাৰ এন্ধাৰেই যম
    ভাবি-চিন্তি কোৱাচোন তেওঁ বাৰু কোন? (ছাঁ)[৮]
  4. পাৱ পৃষ্ঠ মাথাটো
    দুহাত কুৰি আঙুল নাকটো
    চকু কাণ মুখ নাই
    সেই বস্তু বিচাৰিলে ক’ত পায় (মানুহ)[১]
  5. পেট আছে পেটু নাই
    মুখ আছে জিভা নাই৷ (কলহ)

সম্পাদনা কৰক

  1. ফল খালে গুচে ভোক, পাচলিও হয়
    কোৱাচোন কোন, মোৰ এটা অংগও পেলনি নাযায়৷ (কলগছ)[৮]
  2. ফল বুলি মাতে মোক সবাৰো বিদিত
    ৰস জীৱ নাই মোৰ জানিবা নিশ্চিত৷ (কাগজৰ বা ছবিৰ ফুল)[৮]

সম্পাদনা কৰক

  1. বৰসাপ যায়, চিন চাব নাই৷ (নাও)[৮]
  2. বাৰজন মন্ত্ৰী তিনিজন ভীম
    তাকে ক’ব পাৰিলে হাজাৰ টকা দিম৷ (বছৰৰ তিনিটা বিহু)[৮]
  3. বাঘ নহয় জঁপিয়াই
    কুকুৰ নহয় বহে
    পুঙা নহয় ওপঙে
    মাছ নহয় ডুবে৷ (ভেকুলী)[৮]
  4. বিল খাল শুকাই গ’ল,
    গছৰ আগত পানী ৰ’ল৷ (নাৰিকল)[২১]
  5. বাঁহ খায়, কাঠ খায়
    পানী পালে মৰি যায়৷(জুই) [২২]

সম্পাদনা কৰক

  1. ভাবিচিন্তি মইনাহঁত উত্তৰ দিয়াচোন
    মূৰত টিকনী লৈ পুৰি মৰে কোন? (মমবাতি)[৮]
  2. ভৰিয়ে কৰে লটংপটং হাতে কৰে পোন
    টপৰাই কোৱাচোন সেইটোনো কোন? (চাইকেল)[৮]

সম্পাদনা কৰক

  1. মনে মনে চুকত বহে,
    পৃথিৱীখন ভ্ৰমি ফুৰে৷ (ডাকটিকট)[৮]
  2. মনে মনে বহি থাকে
    হেঁচি দিলেই বমি কৰে৷ (দমকল)
  3. মোৰ নামত ৰান্ধনী মৰে,
    যিয়ে মোক ডোখৰ ডোখৰ কৰে,
    সিয়েই আকৌ চকুপানী টোকে৷(পিয়াঁজ) [২৩]
  4. মাকে বৰশী বায়
    পুতেকে সৰগ চায়৷ (বাঁহ)[১]
  5. মাক জুতুলী-পুতুলী
    পুতেক চোকা টেকেলা৷ (জলকীয়া)

সম্পাদনা কৰক

  1. যিমানে কাটিবি মোক,
    দীঘল হৈ দেখুৱাম তোক৷ ( সূতা )[২৪]
  2. যাৰ নাই আকাৰ
    সি নহ’লে হাঁহাকাৰ৷ (পানী)[৮]

সম্পাদনা কৰক

  1. ৰজাৰ পুতেকে ভাত খায়
    চাৰি কুকুৰে আছে চাই৷[৮]
  2. ৰান্ধনী বাই ৰান্ধনী বাই
    কি শাকৰ গুটি নাই৷ (ঢেঁকীয়া)[৮]

সম্পাদনা কৰক

  1. লাটুমটো খাপকটা
    জিভাখন ফটা
    বগা চাদৰত খচখচ হানে
    কলাপানী বতিয়াই
    মুখে হৰিনাম টানে৷ (কলম)
  2. লিকি লিকি ডিমৰু চিকি চিকি পাত,
    সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট। (তামোল গছ)[২৫]

সম্পাদনা কৰক

  1. শ শ তাৰ ঘৰ
    ৰস তৃপ্তিকৰ
    সেৱাতো লাগে দৰৱতো লাগে
    নাম তাৰ মৰমৰ৷ (মৌ)[৮]
  2. শদিয়ালৈ নাযাবা শতফুল নাখাবা
    কেঁচা পাতত নাবান্ধিবা লোণ
    উপজিয়েই বগা হয় কোন? (গাখীৰ)[৮]
  3. শিল যেন ডুব যায়,
    তুলা হেন ভাঁহে৷
    বাঘ যেন জঁপিয়ায়
    কুকুৰ যেন বহে৷[৩]
  4. শুকান তেনে তাৰ শৰীৰ গোট
    চৰাই নহয় কিন্তু আছে দীঘল ঠোঁট
    সৰ্প নহয় তাৰ আছে ফঁটা জিভা
    সেইটোনো কি বস্তু কোৱাচোন বোপা৷(চিয়াঁহী-কলম) [২৬]

সম্পাদনা কৰক

  1. সৰুৰে পৰা ডাঙৰ হ’লোঁ
    ঘৰৰ পিছফাল নেদেখিলোঁ
    হেৰা ভকত ৰৈ যোৱা
    উত্তৰটো কি কৈ যোৱা৷ (পিঠিফাল)[৮]
  2. সাহটো পেলাই বাকলিটো খায়,
    সেইটোনো কি ফল কোৱাচোন ভাই। (ঔ টেঙা)

সম্পাদনা কৰক

  1. হাবিত কাঁহে
    ওলাই নাহে৷ (কুঠাৰ)[৮]
  2. হাবিৰ পৰা ওলাল বাঘিনী
    চাৰিঠেং মেলি হ’ল গাভিনী৷ (আঁঠুৱা)[২৭]

ক্ষসম্পাদনা কৰক

  1. ক্ষয় নাই লয় নাই আৰু নাই যতি
    ইনো কি মহাধন দিলেও নাযায় টুটি৷ (বিদ্যাধন)

উৎসসম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ড° লীলা গগৈ (২০০৭)। অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা। বনলতা।
  2. সাঁথৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ. আহৰণ কৰা হৈছে: 18 মাৰ্চ 2022.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ ৩.৬ ৩.৭ ৩.৮ ৩.৯ চাও লোকেশ্বৰ গগৈ। অসমৰ লোকসংস্কৃতি।
  4. লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
  5. লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
  6. ৬.০ ৬.১ ৬.২ ৬.৩ (ফেব্ৰুৱাৰী, ২০১৮) মৌচাক। মৌচাক প্ৰকাশন।
  7. প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
  8. ৮.০০ ৮.০১ ৮.০২ ৮.০৩ ৮.০৪ ৮.০৫ ৮.০৬ ৮.০৭ ৮.০৮ ৮.০৯ ৮.১০ ৮.১১ ৮.১২ ৮.১৩ ৮.১৪ ৮.১৫ ৮.১৬ ৮.১৭ ৮.১৮ ৮.১৯ ৮.২০ ৮.২১ ৮.২২ ৮.২৩ ৮.২৪ ৮.২৫ ৮.২৬ ৮.২৭ ৮.২৮ ৮.২৯ ৮.৩০ ৮.৩১ ৮.৩২ ৮.৩৩ ৮.৩৪ ৮.৩৫ ৮.৩৬ ৮.৩৭ ৮.৩৮ ৮.৩৯ ৮.৪০ দুগ্ধচন্দ্ৰ গোস্বামী। সাঁথৰৰ বৰপেৰা।
  9. সংগ্ৰাহক, সম্পাদক: দুগ্ধচন্দ্ৰ গোস্বামী (২০ ডিচেম্বৰ ২০১৩)। সাঁ‌থৰৰ বৰপেৰা। পৰাগ-প্ৰতীম গ্ৰন্থ যাত্ৰা।
  10. ১০.০ ১০.১ ১০.২ অসমীয়া সাঁথৰ. প্ৰকাশক: অসম বাৰ্তা. আহৰণ কৰা হৈছে: 18 মাৰ্চ 2022.
  11. লোকসংস্কৃতিৰ লেছেৰি বোটলা, ডিম্বেশ্বৰ মেধি
  12. সাদিন, সাদিনৰ চোতাল, ১৯ জানুৱাৰী, ২০২৩
  13. সাদিনৰ চোতাল, সাদিন, ১৩ মাৰ্চ, দেওবাৰ
  14. সাদিনৰ চোতাল, সাদিন, ৫জুন, ২০২২
  15. অসমৰ লোক-সংস্কৃতি, চাও লোকেশ্বৰ গগৈ
  16. সাদিনৰ চোতাল, সাদিন
  17. সাদিনৰ চোতাল, সাদিন, ৮ মে’ দেওবাৰ ২০২২
  18. প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
  19. সাদিনৰ চোতাল, সাদিন, দেওবাৰ ১৫ মে’ ২০২২
  20. সাদিনৰ চোতাল, সাদিন, দেওবাৰ ১৫ মে’ ২০২২
  21. প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
  22. প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২
  23. সাদিনৰ চোতাল, সাদিন, ২৬ জুন, দেওবাৰ, ২০২২
  24. সাদিনৰ চোতাল, সাদিন, ২৪ এপ্ৰিল, ২০২২
  25. তামোল-পাণ সংবাদ. প্ৰকাশক: janambhumi.in (৩ আগষ্ট ২০১৭). আহৰণ কৰা হৈছে: ৮ জুন ২০২২.
  26. সাদিনৰ চোতাল৷ সাদিন, ২৬ জুন, ২০২২, দেওবাৰ
  27. প্ৰতিভা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, সম্পা: ৰাজশ্ৰী শৰ্মা, ২০১১-১২