গৰু (ইংৰাজী: Cattle; cows) হৈছে এবিধ পোহনীয়া স্তন্যপায়ী জন্তু। গৰুৰ পৰা খাদ্য হিচাপে মাংস আৰু গাখীৰ আহৰণ কৰা হয়। গৰুৰ গাখীৰৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়। তদুপৰি গৰুগাড়ী চলোৱা, হাল বোৱা, মৰণা মৰা আদি কাৰ্যত সততে গৰুৰ ব্যৱহাৰ কৰা হয়। নোম, চামৰা, আৰু ইন্ধন আৰু সাৰৰ বাবে গোবৰ আদি গৰুৰ পৰা আহৰিত অন্য সামগ্ৰী। ভাৰতৰ দৰে কিছুমান অঞ্চলত গৰুক বিশেষ ধৰ্মীয় মান্যতা প্ৰদান কৰা হয়। অসমত ব'হাগ বিহুৰ প্ৰথম দিনটো গৰুৰ প্ৰতি উৎসৰ্গিত।

গৰুবিহুৰ দিনা গা ধুৱাবলৈ গৰুক সাজু কৰা হৈছে।

উদ্ধৃতি সম্পাদনা কৰক

ফকৰা যোজনা সম্পাদনা কৰক

  • আছে গৰু নাবায় হাল,
    হোৱাতকৈ নোহোৱাই ভাল।
  • গৰুৰ আগত টোকাৰী বায়,
    কাণ-মূৰ জোকাৰি ঘাঁ‌হ খায়।
  • গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধোৱা কথা।
  • গৰু নমৰোতেই চাল আঁজোৰা।
  • গাই আনিবা ৰিংটো বাটৰ,
    ছোৱালী আনিবা দিনটো বাটৰ।
  • চেৰেলিয়া গাই,
    জাকতো নিদিয়ে ঠাই।
  • যাৰ নাই গৰু,
    সি সবাতোকৈ সৰু।

ডাকৰ বচন সম্পাদনা কৰক

  • পূবে ভঁৰাল পশ্চিমে গঁৰাল,
    উত্তৰে চৰু, দক্ষিণে গৰু॥
  • বাৰিষা কালত বেঙ্গৰ ৰাৱ।
    হাল গৰু লৈ পথাৰক যাৱ॥

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: