“দেশ এখনৰ মানুহবোৰৰ ওপৰত আধিপত্য কৰিবলৈ যেনেকৈ এজন ৰজা থাকে, আৰু এই ৰজাৰ ওপৰত আধিপত্য কৰিব পৰা ভগৱানো থাকে, ঠিক তেনেকৈ মানুহৰ সকলো অংগ-প্ৰত্যংগৰ ওপৰত- প্ৰত্যেক ৰিপুৰ ওপৰত আধিপত্য কৰিবলৈ আন এজন ৰজাও থাকে৷… মানুহৰ মনটোৱেই হ’ল মানুহৰ দেহটোৰ ৰজা, কিন্তু এই ৰজাৰ ওপৰত আধিপত্য কৰিব আনকি ভগৱানেও নোৱাৰে৷ কি ভাল, কি বেয়া, সকলোৰে সীমা পাৰ হৈয়ো ভাবিব পৰা অবাধ স্বাধীনতা তাৰ সীমাহীন- তাৰ ওপৰত কৰ্তৃত্ব কৰিব পৰা শক্তি তোমাৰ নাই, মোৰ নাই, কাৰোৱেই নাই৷”
~ অসীমত যাৰ হেৰাল সীমা, (কাঞ্চন বৰুৱা) ~