“মই জানো, অস্তিত্বৰ আনন্দ লভি জীয়াই থাকিবলৈ জীৱনৰ গধুৰ তত্ত্বৰ প্ৰয়োজন নাই। তত্ত্বই জীৱন-ভোগৰ আনন্দ নষ্ট কৰে! পৃথিৱীৰ কোটি কোটি নৰ-নাৰী জীৱনৰ তত্ত্ব নজনাকৈ মহা আনন্দৰে জীয়াই আছে। ময়ো তেওঁলোকৰ মাজৰে এজন হ'ব খোজোঁ। মই মোৰ জীৱনৰ অস্তিত্বটো সাৰ পাই থকা প্ৰতিটো মুহূৰ্ত অনুভৱ কৰি অনাবিল আনন্দ পাওঁ। মই পৃথিৱীত থকাৰ যদি একো অৰ্থও নাই, মই নিৰৰ্থকভাৱে এনেয়ে জীয়াই থাকি ভাল পাওঁ। এনেয়ে। যেনেকৈ পখিলাই ফুলৰ বুকুত পৰি ৰস চুপে, এনেয়ে। ফুলনিত নানা ৰঙৰ ফুল্লবোৰ ফুলি থাকে, এনেয়ে। বহু দূৰ দিগন্তত এজাক চৰাই উৰি গুচি যায়, এনেয়ে। মোৰ জীৱনৰ অস্তিত্বটোও মই প্ৰাণভৰি ভাল পাওঁ এনেয়ে।”
~ দেৱকান্ত সন্দিকৈ ~