সন্ধান
সন্ধান বন্দিতা ফুকনৰ দ্বাৰা অসমীয়া ভাষাত ৰচিত শিশু-কিশোৰৰ বাবে উপযোগী এখন কল্পবিজ্ঞান ভিত্তিক উপন্যাস। [১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- পৃথিৱী নামৰ গ্ৰহটো সদায় আজিৰ দৰে নাথাকে। ই ক্ৰমান্বয়ে তাৰ গঠন সলাই এসময়ত নিজৰেই উপগ্ৰহ চন্দ্ৰটোৰ দৰেই শিল-বালিময়, বায়ুশূন্য গ্ৰহ এটালৈ ৰূপান্তৰিত হ'বই।[২]
- আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য সকলো কথাৰ ব্যাখ্যা আমি দূৰত্ব, ভৰ, আৰু সময় - এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰিহে দিওঁ। ঘনে ঘনে গতি পৰিৱৰ্তন কৰা ৰে'ল এখনত উঠিলে আমাৰ এনে অনুভৱ হ'ব যে সময় বৰ ধীৰ গতিৰে পাৰ হৈছে। এনে অৱস্থাত আমি বৰ ধীৰ গতিৰে জীৱন যাপন কৰোঁ।[৩]
- পানীৰ কোবাল সোঁত অথবা তাপৰ সহায়েৰে ভাপ সৃষ্টি কৰি নতুবা সৌৰ পেনেলৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পৰা প্ৰযুক্তিবোৰৰ বিষয়ে জ্ঞান থকা সত্ত্বেও মানৱ জাতিয়ে এটমিক ৰিয়েক্টৰ বা আণৱিক চুলাৰ মাজত কিবা কাৰণে দুৰ্ঘটনা ঘটিলে সেই দুৰ্ঘটনাৰ ফলত বিকিৰণ হোৱা তেজষ্ক্ৰিয় ৰশ্মিয়ে কেৱল মানৱ জাতিৰেই নহয়, সমগ্ৰ প্ৰাণী আৰু উদ্ভিদকুলকো মৃত্যুৰ মুখলৈ ঠেলি দি একেবাৰে পৃথিৱীৰ পৰা নিশ্চিহ্ন কৰি দিব পাৰে।[৪]
- একোজন মহাকাশচাৰীয়ে তিনি মিনিট সময় মহাশূন্যত বিচৰণ বা 'স্পেচ-ৱাক' কৰোঁতে অনুভৱ কৰে যেন এযুগ সময়হে পাৰ কৰি দিছে। এক মিনিট বা দুই মিনিট 'স্পেচ-ৱাক' কাৰ্য যে কিমান গুৰুত্বপূৰ্ণ, বিজ্ঞানীসকলৰ কিমান কঠোৰ পৰিশ্ৰমৰ ফল, য'ত মেধাৱী বিজ্ঞানী আৰু মহাকাশচাৰীৰ মগজুৰ ফচল নিহিত হৈ থাকে, তাৰ হিচাপ কোনে ৰাখে?[৫]
- কিবা বিপদ হ'ব বুলিয়েই মানৱ জাতিয়ে মহাকাশত পৃথিৱীৰ সমতুল্য নতুন গ্ৰহৰ সন্ধান নকৰিবনে?[৬]
- নিজৰ স্বাৰ্থতকৈ পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ স্বাৰ্থক আগত স্থান দিব লাগিব। [৭]
- এজন বিজ্ঞানীয়ে সমগ্ৰ বিশ্বৰ কল্যাণৰ কথাকে ভাবিব লাগিব। [৮]
- বিজ্ঞানী এজনৰ মনত অজস্ৰ কৌতূহল আৰু প্ৰশ্নই ভিৰ কৰেহি। সেইবোৰৰ উত্তৰ বিচাৰিবলৈ যাওঁতেই তেওঁ নিজে নজনাকৈয়ে হৈ পৰে এজন সফল বিজ্ঞানী। [৯]
- ক্ষণিকৰ উষ্মাত কৰা অপৰাধ একোটা এজন ব্যক্তিৰ গাত কেলেই ওৰেটো জীৱনৰ বাবে জাপি দিব লাগে? [১০]
- ৰে'ল ষ্টেচন অথবা এয়াৰপ'ৰ্টত যেতিয়া কোনোবা আপোনজনক বিদায় জনোৱা হয়, তেতিয়া সেই সময়ত তেওঁৰ লগতেই গুচি যাবলৈ সকলোৰে মন যায়। [১১]
- হাত পুৰিব বুলি তুমি খাদ্য নাৰান্ধি অনাহাৰে থাকিবানে? সাৱধান হ'লে তোমাৰ হাত নোপোৰে। [১২]
- ব্যক্তিত্বহীন নাৰীৰ সৌন্দৰ্য কৃষ্ণপক্ষৰ শেঁতা জোনটোৰ দৰে; পোহৰ আছে কিন্তু উজ্জ্বলতা নাই। [১৩]
- মানুহে কেতিয়াবা সপোনতো নভবা কথাবোৰ বাস্তৱত ঘটি থাকে। [১৪]
- মানুহ সদায় পৰিস্থিতিৰ দাস। তথাপি কিছুমান অসাধাৰণ লোকে, বিৰূপ পৰিস্থিতিৰ মাজতো জীৱনটো সুন্দৰ আনন্দময় কৰিবলৈ প্ৰয়াস কৰে। [১৫]
- একো একোটা বিফল মহাকাশ অভিযানত অভূতপূৰ্বভাবে ধন-জন নষ্ট হৈ যাব পাৰে, কিন্তু এই বিফলতাৰ পৰাই অহা অভিজ্ঞতাবোৰে মানুহক আগতকৈ বেছি অভিজ্ঞতাপুষ্ট কৰি তুলিব, যাতে পিছৰটো মহাকাশ অভিযানত আগতে কৰা ভুলবোৰৰ শুধৰণি হয়। [১৬]
- বাধা বিঘিনিৰ অংকবোৰ কৰিবলৈ যাওঁতে সম্ভাব্য ক্ষতিবোৰৰ হিচাপ-নিকাচবোৰ কৰিবলৈ লৈ মানৱ জাতিয়ে তেওঁলোকৰ গ্ৰহান্তৰৰ অভিযানবোৰ স্তব্ধ কৰি ৰাখিব নোৱাৰে। [১৭]