বন্দিতা ফুকন
বন্দিতা ফুকন অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা। বন্দিতা ফুকন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা কল্প-বিজ্ঞান লেখিকা।[১] তেওঁ সোণটিৰ ৰবট কুকুৰ, পেন পেন আহিছিল, সন্ধান, সময় হৈছেনে আদি অনেক কল্পবিজ্ঞান ভিত্তিক গ্ৰন্থ শিশু-কিশোৰৰ বাবে ৰচনা কৰিছে।[২]
উদ্ধৃতিসমূহ
সম্পাদনা কৰকসন্ধান
সম্পাদনা কৰক- পৃথিৱী নামৰ গ্ৰহটো সদায় আজিৰ দৰে নাথাকে। ই ক্ৰমান্বয়ে তাৰ গঠন সলাই এসময়ত নিজৰেই উপগ্ৰহ চন্দ্ৰটোৰ দৰেই শিল-বালিময়, বায়ুশূন্য গ্ৰহ এটালৈ ৰূপান্তৰিত হ'বই।[২]
- আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য সকলো কথাৰ ব্যাখ্যা আমি দূৰত্ব, ভৰ, আৰু সময় - এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰিহে দিওঁ। ঘনে ঘনে গতি পৰিৱৰ্তন কৰা ৰে'ল এখনত উঠিলে আমাৰ এনে অনুভৱ হ'ব যে সময় বৰ ধীৰ গতিৰে পাৰ হৈছে। এনে অৱস্থাত আমি বৰ ধীৰ গতিৰে জীৱন যাপন কৰোঁ।[২]
- পানীৰ কোবাল সোঁত অথবা তাপৰ সহায়েৰে ভাপ সৃষ্টি কৰি নতুবা সৌৰ পেনেলৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পৰা প্ৰযুক্তিবোৰৰ বিষয়ে জ্ঞান থকা সত্ত্বেও মানৱ জাতিয়ে এটমিক ৰিয়েক্টৰ বা আণৱিক চুলাৰ মাজত কিবা কাৰণে দুৰ্ঘটনা ঘটিলে সেই দুৰ্ঘটনাৰ ফলত বিকিৰণ হোৱা তেজষ্ক্ৰিয় ৰশ্মিয়ে কেৱল মানৱ জাতিৰেই নহয়, সমগ্ৰ প্ৰাণী আৰু উদ্ভিদকুলকো মৃত্যুৰ মুখলৈ ঠেলি দি একেবাৰে পৃথিৱীৰ পৰা নিশ্চিহ্ন কৰি দিব পাৰে।[২]
- একোজন মহাকাশচাৰীয়ে তিনি মিনিট সময় মহাশূন্যত বিচৰণ বা 'স্পেচ-ৱাক' কৰোঁতে অনুভৱ কৰে যেন এযুগ সময়হে পাৰ কৰি দিছে। এক মিনিট বা দুই মিনিট 'স্পেচ-ৱাক' কাৰ্য যে কিমান গুৰুত্বপূৰ্ণ, বিজ্ঞানীসকলৰ কিমান কঠোৰ পৰিশ্ৰমৰ ফল, য'ত মেধাৱী বিজ্ঞানী আৰু মহাকাশচাৰীৰ মগজুৰ ফচল নিহিত হৈ থাকে, তাৰ হিচাপ কোনে ৰাখে?[২]
- কিবা বিপদ হ'ব বুলিয়েই মানৱ জাতিয়ে মহাকাশত পৃথিৱীৰ সমতুল্য নতুন গ্ৰহৰ সন্ধান নকৰিবনে?[২]