শিল্প-সংস্কৃতিৰ ৰণাঙ্গন (গ্ৰন্থ)

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • বিজ্ঞান মানৱ মনৰ যুক্তিৰ প্ৰধান আহিলা, যদি মানৱ মুক্তিৰ আদৰ্শৰ দ্বাৰা সি পৰিচালিত হয়।[১]
  • ইতিহাস-ৰচনা একে অতি সুশৃংখল, প্ৰণালীবদ্ধ আৰু সতৰ্ক কাম, যাক rigorous বোলা হয় ইংৰাজীত। আৰু আজি আমি ইতিহাস ৰচনাৰ এইবোৰ প্ৰচলিত পদ্ধতি ধৰ্মীয় বা জাতিগত অন্ধ আৱেগৰ বশীভূত হৈ লংঘন কৰিলে মানৱীয় জ্ঞান আৰু সভ্যতাৰ বাটত আগবাঢ়ি নগৈ পিছলি আহি পৰিহে যাম।[২]
  • 'ৰূপান্তৰেহে মাথোঁ জগৎ ধুনীয়া কৰে' বুলি অন্তৰৰো অন্তঃস্থলৰ পৰা বিশ্বাস কৰা জ্যোতিপ্ৰসাদে মানুহৰ ৰুচিবোধ আৰু মনোজগতৰ ৰূপান্তৰতে ক্ষান্ত হোৱা নাছিল। স্পষ্ট আৰু দ্বিধাহীন ভাষাত তেওঁ সমাজৰ ৰূপান্তৰ বিচাৰিছিল, সকলো ধৰণৰ শোষণ-দমনৰ অৱসান গভীৰ প্ৰত্যয়েৰে দাবী কৰিছিল। যিসকলে সমাজৰ ৰূপান্তৰৰ সম্ভাৱনাত ভীতিগ্ৰস্ত হৈ মানৱ-মনৰ অভ্যন্তৰীণ শোধন আৰু সংস্কাৰতে জোৰ দি থাকে, তেওঁলোকে জ্যোতিপ্ৰসাদৰ চিন্তাৰ এই ভাৰসাম্য (Balance) বিকৃত কৰে।'[৩]

উৎস সম্পাদনা কৰক

  1. বিজ্ঞানমনস্কতা আৰু আমাৰ সমাজ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
  2. ইতিহাসৰ পৰিহাস, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
  3. জ্যোতিপ্ৰসাদৰ পথ পৰিক্ৰমাৰ মানচিত্ৰ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১

বাহ্যিক সংযোগ সম্পাদনা কৰক