য়েছে দৰজে ঠংচি
ভাৰতীয় সাহিত্যিক
য়েছে দৰজে ঠংচি (ইংৰাজী: Yese Dorjee Thongchi) এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প আৰু উপন্যাসলৈ তেওঁ সাহিত্য কৰ্মৰ প্ৰসাৰণ ঘটায়। তেওঁৰ ভালেমান গল্প ‘সংগম’, ‘মনোৰঞ্জন’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। তেওঁ মৌন ওঁঠ মুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু ‘পাপৰ পুখুৰী’ নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[১]
উদ্ধৃতি
সম্পাদনা কৰক- ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাই বিপৰ্যয় মাতিলেও অৰুণাচল প্ৰদেশত এতিয়াও অসমীয়া ভাষা সাহিত্যৰ চৰ্চা ব্যক্তিগত উদ্যোগত অব্যাহত আছে৷ অৰুণাচলৰ ভিতৰুৱা অঞ্চলত মানুহে এতিয়াও অসমীয়া ভাষাই ব্যৱহাৰ কৰে৷ অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা, নিজৰ ভাষা৷[২]
- বিভিন্নজনে অসমীয়াত গল্প, উপন্যাস, কবিতা লিখি আছে৷ তেওঁলোকক উলিয়াই অনা বাবে পদক্ষেপ লোৱা হৈছে৷ চৰ্চা হ’লে অৰুণাচলত অসমীয়া ভাষা পুনৰ আগৰ দৰেই জাতিষ্কাৰ হৈ উঠিব৷[২]
- অসমৰ সাহিত্যপ্ৰেমী ৰাইজৰ দাবীৰ আগত শিৰনত কৰি মই অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ’বলৈ মনস্থ কৰিছোঁ৷ অসম সাহিত্য সভা, জিলা সাহিত্য সভাৰ তথা শাখা সাহিত্য সভাসমূহৰ লগতে অসমবাসী ৰাইজৰ সঁহাৰি আশা কৰিছোঁ৷[৩]
- মৌন ওঁঠ মুখৰ হৃদয়
- চেৰদুকপেন জনজাতি সকলে অতীজৰেপৰা অসমৰ সৈতে বেহা-বেপাৰ কৰি আহিছে। অসমত সিহঁতৰ মিতিৰ-কুটুম আছে। প্ৰত্যেক বছৰে জাৰৰ দিনত সিহঁত পো-পৰিয়ালৰ সৈতে দৈমাৰা নামৰ ঠাইলৈ নামি যায়। তাতেই বাহৰ পাতি থাকি অসমৰ অসমীয়া আৰু কছাৰী গাঁৱত সিহঁতে নিজৰ মিতিৰ-কুটুম্বৰ ঘৰলৈ যায়। প্ৰচলিত ৰীতি অনুসৰি চেদুকপেন সকলে শুকান জলকীয়া, শুকান মূলা ইত্যাদি নিজৰ মিতিৰক দিয়ে আৰু মিতিৰসকলে ধাৰ্য থকা হিচাপত ধান দিয়ে, তামোল-পাণ দিয়ে।[৪]
উৎস
সম্পাদনা কৰক- ↑ Padma Vibhushan for Mary Kom, Padma Bhushan for SC Jamir, Padma Shri for 13 others from Northeast. প্ৰকাশক: NENOW (25 January 2020).
- ↑ ২.০ ২.১ অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা, নিজৰ ভাষা৷. আহৰণ কৰা হৈছে: 27 জুলাই 2023.
- ↑ য়েচে দৰজে ঠংচি. আহৰণ কৰা হৈছে: 27 জুলাই 2023.
- ↑ য়েছে দৰজে ঠংচি (২০০১)। মৌন ওঁঠ মুখৰ হৃদয়, পৃষ্ঠা:১৪।