মামাং দাই

সাহিত্য অকাডেমি বঁটা বিজয়ী ভাৰতীয় লেখিকা তথা সাংবাদিক

মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। ২০০৬ চনত তেওঁ তেওঁৰ প্ৰথম উপন্যাস দ্যা লেজেণ্ডচ অফ পেনচাম প্ৰকাশ কৰে, ইয়াৰ পিছত প্ৰকাশ পায় ষ্টুপিড কিউপিড (২০০৪) আৰু দ্যা ব্লেক হিল (২০১৪)। ৰিভাৰ পয়েমচ (২০০৪), দ্যা বাল্ম অফ টাইম (২০০৪), হেম্ব্ৰেলাইচ লুম (২০১৪) আৰু মিডচামাৰ চাৰভাইভেল লিৰিক্স (২০১৪) তেওঁৰ কবিতা সংগ্ৰহদ্যা বাল্ম অফ টাইম কিতাপখন অসমীয়ালৈ অনুদিত হৈছে। দ্যা স্কাই কুইন আৰু ৱাঞ্চ আপন এ মুনটাইম (২০০৩) তেওঁ দ্বাৰা ৰচিত লোককথাৰ চিত্ৰিত গ্ৰন্থ। তেওঁৰ অ-কাল্পনিক ৰচনাৱলীসমূহ হৈছে অৰুণাচল প্ৰদেশ: দ্যা হিডেন লেণ্ড (২০০৩) আৰু মাউণ্টেইন হাৰভেষ্ট: দ্যা ফুড অফ অৰুণাচল প্ৰদেশ (২০০৪)। তেওঁ তেওঁৰ উপন্যাস দ্যা ব্লেক হিল-ৰ বাবে ২০১৭ চনত ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

উদ্ধৃতি সম্পাদনা কৰক

  1. আমি নামি যাওঁ নিসংগতা আৰু অলৌকিকতাৰ পৰা।[১]
  2. সেউজীয়া ৰঙে তেওঁক সদায় শান্ত কৰিছিল। তেওঁৰ বাবে এই ৰং হেৰাই যোৱাৰ আৰু নিসংগতাৰ ৰং আছিল।[১]
  3. মনত ৰাখিব একোৱেই শেষ নহয়, সকলো মাথোঁ সলনি হয়।[১]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ 'The Legends of Pensam'; Mamang Dai, 208 pages, Published July 1, 2006 by Penguin India; ISBN 9780143062110 (ISBN10: 0143062115)