মহিম বৰা (ইংৰাজী: Mohim Borah; ১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁৰ পিতৃৰ নাম গজেন্দ্ৰনাথ বৰা আৰু মাতৃৰ নাম চন্দ্ৰকান্তি বৰা৷ কলিয়াবৰৰ হাটবৰৰ গজেন্দ্ৰনাথ বৰাই দৰঙ জিলাৰ ঘোপসাধাৰু চাহ বগিছাত কৰ্মৰত অৱস্থাত পুত্ৰ মহিম বৰাৰ জন্ম হয়৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া ভাষাৰ অধ্যাপক নিযুক্ত হয়৷ পিছলৈ তেওঁ নগাঁও মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে৷ হাইস্কুলত পঢ়ি থকাকালতে সহপাঠী দেবেন হাজৰিকাৰ লগত লগ হৈ “ময়লা’’ নামে এখন হাতেলিখা আলোচনী উলিয়ায়৷ “ময়লা’’তে তেওঁ ’হাভানাৰ চুৰট’ নামৰ প্ৰথম গল্পটি প্ৰকাশ কৰে৷ পিছলৈ তেওঁ কাঠনিবাৰীৰ ঘাট, বহুভূজী ত্ৰিভূজ, দেহাগৰকা প্ৰেম, ৰাতি ফুলা ফুল, এখন নদীৰ মৃত্যু আদি কেইবাখনো চুটিগল্প সংকলন প্ৰকাশ কৰে৷ “এধানি মাহীৰ হাঁহি’’ নামৰ উপন্যাসৰ বাবে ২০০১ চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰে৷ তেওঁ জীৱনৰ বেছিভাগ সময় নগাঁৱতে পাৰ কৰে। তেওঁ ১৯৮৯ চনৰ অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ সভাপতি আছিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. “ধৰ্মৰ বিভিন্নতা আছেই আৰু থকা উচিত৷ কিন্তু ধৰ্মসমূহৰ মূল ঐক্যৰ ওপৰত গুৰুত্ব দিয়া উচিত৷ ........ এই বিভিন্ন অনৈক্যসমূহেই আমাৰ বৈচিত্ৰৰ সৃষ্টি কৰিছে৷ এই বৈচিত্ৰৰ মাজত ঐক্যৰ সৃষ্টি কৰাই হৈছে আমাৰ চিৰকালৰ জাতীয় সাধনা৷ অৰ্থাৎ ঐক্য সৃষ্টি কৰা মানে বৈচিত্ৰ ধ্বংস কৰা নহয়, বৈচিত্ৰৰ সংৰক্ষণ কৰাহে৷’’[১]
  2. ..... স্বাধীন ভাৰতত, স্বাধীন অসমৰ নদন-বদন সেই স্বপ্নৰ পথাৰখন! কোনে হুৰাই দিলে সেইজাক বতা চৰাইক মোৰ পথাৰৰ পৰা? সময়েই৷ ঠোঁটে ঠোঁটে একোচিৰা স্বপ্ন লৈ সিহঁত উৰা মাৰিলে অসীমৰ দিগন্তলৈ৷ থৈ গ’ল জীৱনৰ চাৰিকাষে স্বপ্ন ভংগৰ অসহ্য যন্ত্ৰণা৷ তথাপি নতুন পুৰুষে স্বপ্ন দেখিবই লাগিব৷ কাৰণ মানুহ জীয়াই থাকিব স্বপ্নেৰেহে...[২]
  3. “বুৰঞ্জী আৰু বুৰঞ্জীয়ে কোনোমতে চুই যাব পৰা দিন ধৰি আমাৰ উমৈহতীয়া ভাষাটো, আমাৰ ৰীতি-নীতি, জীৱনধাৰাটোৱে আমাক নিজা বৈশিষ্ট দান কৰি আহিছে৷ সম্প্ৰতি কালৰ ধামখুমীয়াত পৰি ভিতৰৰ বদন আৰু বাহিৰৰ মানৰ হেঁচাত আমাৰ অট্টালিকাৰ ভেটি থৰক-বৰক হৈছে, ইয়াত ভিতৰ বাহিৰ দুয়োফালৰ পৰা ষড়যন্ত্ৰ চলিছে৷ এই দেশ যদি এক খণ্ড ভাৰতবৰ্ষ তেনেহলে ইয়াত নিগাজীকৈ থাকিবলৈ অহাসকলে এইখনকো নিজৰ ভাৰতবৰ্ষ বুলি মনে-প্ৰাণে গ্ৰহণ কৰিব লাগিব৷ ধৰ্মৰ নামত, ভাষাৰ নামত নিজা এখন ৰাজ্য স্থাপনৰ কথা সপোনতো ভাবিব নালাগিব৷ সংবিধানৰ দোহাই দি ইয়াত এখন ত্ৰিপুৰা বা চিকিম কৰিবলৈ দিয়া নহ’ব৷ স্বাধীন দেশত আমি অসমীয়াসকলো ভাৰতৰ অন্যান্য প্ৰান্তৰ অধিবাসীসকলৰ দৰেই স্বাধীন৷ আমি কাৰো বহতীয়া হৈ নাথাকিম, সেইটো আমাৰ তেজত নাই৷ আমাৰ গোপন শত্ৰুসকল, বা আমাৰ চুকত থাকি বুকুত কামুৰিব খোজাসকলে যেন এই কথা পাহৰি নাযায়৷ এয়া মোৰ ভাবাৱেগ নহয়, এয়া আমাৰ বুৰঞ্জীৰ কণ্ঠস্বৰ৷’’[৩]

উৎস সম্পাদনা কৰক

  1. অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত বিদেশী নাগৰিকৰ সমস্যা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি, ডঃ অমল ৰাজখোৱা, মনপুৰ মৌচন্দা
  2. পাখি লগা দিনৰ মিঠা সোঁৱৰণিত মহিম বৰাৰ জীৱন এষণাৰ কিঞ্চিৎ আভাস, ড° মঞ্জু লস্কৰ, সূৰ্যৱতী; অঃসাঃসঃৰ ৰহা অধিৱেশনৰ স্মাৰকগ্ৰন্থ
  3. সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, পৃ: নং, ২১৪, চন্দ্ৰ প্ৰকাশ

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: