সৌৰভ কুমাৰ চলিহা
সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। ১৯৩০ চনত মঙলদৈত জন্মগ্ৰহণ কৰা চলিহাই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ অধ্যয়ন সমাপ্ত কৰি অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে৷ আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল। অশান্ত ইলেক্ট্ৰন, দুপৰীয়া, এহাত ডাবা, গোলাম আদি চুটিগল্পৰ সংকলন৷ ’আজি শুক্ৰবাৰ’ তেওঁৰ দহটা বিদেশী গল্পৰ অসমীয়া অনুবাদৰ সংকলন৷ ’গোলাম’ গ্ৰন্থৰ বাবে তেওঁ ১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে৷ ১৯৯৫ চনত চলিহাই ’অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে৷ সৌৰভ কুমাৰ চলিহাৰ মৃত্যু হয় ২০১১ চনৰ ২৫ জুন তাৰিখে৷
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- সাহিত্যিক হোৱাৰ মোৰ কোনো ইচ্ছা নাছিল৷ সাহিত্যৰ তত্ত্ব বা ভাষাসমূহৰ প্ৰতি কোনোদিনে মোৰ আগ্ৰহ ওপজা নাই৷ ...... মোৰ হাতলৈ যি যি আহে আৰু যি যি পঢ়ি ভাল লাগে সেইবোৰকে মই পঢ়োঁ৷ বিশেষ বাচ-বিচাৰ নাই৷ কেতিয়াবা মনৰ কিবা ভাব প্ৰকাশ কৰিবৰ স্পৃহা জাগিলে, দুই-এটা গল্প লিখোঁ৷ কিন্তু লিখোঁ ঘাইকৈ পইচাকেইটাৰ বাবে বা হয়তো সম্পাদক নাইবা ৰেডিঅ’ৰ তাগিদাত৷[১]
- আৰম্ভণি আৰু সমাপ্তি মোটামুটি ভাবি ল’ব লাগে৷ ভিতৰৰ খুঁটি-নাটি নিজে নিজেই নিয়ন্ত্ৰিত হয়৷ অৱশ্যে খুঁটি-নাটিয়েও কেতিয়াবা ভয়ানক দিগদাৰ দিয়ে - জেঠী এটাৰ টিক্ টিক শব্দ ঠিক ক’ত কেনেকৈ সোমাব সেইটোৰ বিষয়ে নিশ্চয় হ’ব নোৱৰা বাবৰ আৰু সমাপ্তিখিনি ঠিক কৰিব নোৱৰা বাবে ’বাৰকাৰল’ গল্পটো লিখি উলিয়াবলৈ সময় লাগিল প্ৰায় তিনি বছৰ৷[১]
- (গল্প এটা লিখিবলৈ) ভাবি-চিন্তি প্ৰস্তুত হোৱা নাযায়৷ হঠাৎ কেতিয়া কি ভাবে বা প্লট মনলৈ আহি যায় তাৰ কোনো নিশ্চয়তা নাই৷[১]
- মই নিজে অৱশ্যে সদায় সতৰ্ক থাকোঁ যাতে আন কোনো লেখকৰ কোনো অনুকৰণ মোৰ লেখাত নাহে। কেইবছৰমান আগেয়ে এখন মাহেকীয়া আলোচনীয়ে গাব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজৰ 'ৱান হান্ড্ৰেড ইয়াৰ্ছ অফ চলিটেউড' (One Hundred years of Solitude) উপন্যাসখনৰ এটা পৰিচিত লিখিবলৈ দিছিল। আধা আধি পঢ়াৰ পিছত বুজিব পাৰিলোঁ যে এইখন উপন্যাসৰ প্ৰভাৱ মই কোনোদিনে এৰুৱাব নোৱাৰিম, ইয়াৰ কথনভংগী, প্ৰকাশ শৈলী, কাহিনীধাৰা, শব্দ গাঁথনিৰ চমৎকাৰিত্বৰ পৰা মোৰ নিস্তাৰ নাই, মোৰ অজ্ঞাতে হ'লেও এইখন কিতাপৰ প্ৰভাৱ মোৰ লেখাত সোমাই যাব গতিকে সন্ত্ৰস্ত হৈ কিতাপখন তাতে পঢ়া বন্ধ কৰিলোঁ আৰু সম্পাদকক ওভোটাই দিলোঁ, ক'লো যে কামটো মোৰ অইতাৰ উৰ্দ্ধত। (পাছলৈ অৱশ্যে দুৰ্বাৰ আকৰ্ষণ আৰু উৎসুক্যক বাধা দিব নোৱাৰি ঠিক কৰিলোঁ যে, না যি হয় হ'ব, কিতাপখন শেষ কৰিবই লাগিব — কিন্তু সেইটো এটা বেলেগ কথা)।[২]