মহাভাৰত
মহাভাৰত (সংস্কৃত: महाभारतम्) হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন (আনখন হৈছে ৰামায়ণ)। এই মহাকাব্য ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে।
মহাকবি ব্যাসক মহাভাৰতৰ লেখক বুলি অভিহিত কৰা হয়। ইয়াৰ ৰচনাৰ স্তৰ আৰু ইতিহাসৰ তথ্য উলিয়াবলৈ বহুতো চেষ্টা চলোৱা হৈছে। যদিও, এই কাহিনীৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৮ম আৰু ৯ম শতিকাৰ ভিতৰত হোৱা বুলি ঠাৱৰ কৰা হৈছে। সম্ভৱত গুপ্ত যুগৰ প্ৰথম ভাগৰ সময়ত কাহিনীটোৱে এতিয়াৰ ৰূপ পায়। মহাভাৰতত প্ৰায় এক লাখ শ্লোক আৰু দীঘল গদ্য বৰ্ণনাসমূহ ধৰি প্ৰায় ১৮ লাখ শব্দ আছে। ইয়াৰ কলেৱৰ ইলিয়াদ আৰু ওডিছীৰ সন্মিলিত দৈৰ্ঘ্যতকৈ দহগুণ বেছি বা ৰামায়ণতকৈ চাৰিগুণ বেছি।
উদ্ধৃতি
সম্পাদনা কৰক১) धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते।
২) তপস্যাৰ দ্বাৰা, বলিদানৰ দ্বাৰা, উদাৰতাৰ অভ্যাসৰ দ্বাৰা, সত্য কোৱাৰ দ্বাৰা আৰু প্ৰজ্ঞাৰ আদালতত যি ফল উপভোগ কৰা হয়, সেই সকলোবোৰ নিৰাপত্তাৰ কৰ্তব্য পালন কৰি লাভ কৰিব পাৰি।
- মহিৰ্ষী বাল্মীকি, মহাভাৰত, পৃ. ২৩৬
৩) যিকোনো এটা হেঁপাহৰ বস্তু পোৱাৰ আগমুহুৰ্তলৈকে সেই বস্তুটোৰ প্ৰতি মানুহৰ আসক্তি থাকে। বস্তুটো পোৱাৰ পাছত মানুহ পুনৰ নতুন আকাংক্ষাৰ দাস হয়।[১]
৪) মানুহৰ সহজাত স্বভাৱ সলাব নোৱাৰি। পানীৰ গুণ হ'ল শীতলতা। পানী তপতালেও পাছত শীতল হ'বই।
৫) কস্তুৰী লুকুৱাই থ'লেও তাৰ সুগন্ধক লুকাব নোৱাৰি। ঠিক তেনেকৈয়ে মানুহৰ সুগুণ এদিন প্ৰকাশ পাব।
উৎস
সম্পাদনা কৰক- ↑ অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন, পৃষ্ঠা:৩৯।