মনজ্যোৎস্না মহন্ত
মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী।[১] তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে - সপোন, অজলা ককাই, দ্বীপজ্যোতি। একক কণ্ঠৰ গীতৰ এলবামসমূহ হ’ল- লহৰ, মনজৰী, আৱেগেৰে, ৰাগি সুৱদি, চকুতে চকু, হিট অফ্ মনজ্যোৎস্না, নাদ (বৰগীত),এনাজৰী, চেনেহজৰী (ৰুদ্ৰ বৰুৱাৰ গীতৰ এলবাম) আদি। মহন্ত বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। উল্লিখিত চলচ্চিত্ৰ আৰু এলবামসমূহৰ উপৰিও অসমৰ বহুতো জনপ্ৰীয় গীতত তেওঁ কণ্ঠ নিগৰাইছে। মহন্তই বৰ্তমানলৈকে দুখনকৈ গ্ৰন্থ সম্পাদনা কৰিছে।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে মই সংগীতত সোমোৱা নাই, সংগীতৰ আনুষ্ঠানিক শিক্ষা মই সৰুতে লোৱা নাছিলোঁ। সংগীতৰ সকলো বাদ্যযন্ত্ৰ আমাৰ ঘৰত আছিল। ক'ব নোৱাৰাকৈ হাৰমনিয়াম চুইছোঁ, বাদ্যযন্ত্ৰবোৰ দেখিছোঁ, চুইছোঁ, বজাবলৈ চেষ্টা কৰিছোঁ। তাত যি শব্দৰ সৃষ্টি হয় সেই শব্দবোৰ perfectly কাণখনত লাগিছে নে নাই সেইটো শুনিবলৈ চেষ্টা কৰিছোঁ। এইদৰে ক'ব নোৱাৰাকৈ মই সংগীতৰ মাজলৈ সোমাই গৈছোঁ।[১]
- সাধাৰণতে, সৰুতে প্ৰশংসা পালে সাংঘাতিক এটা উৎসাহ জাগে।[১]
- গানেই মোৰ সম্পদ আৰু এতিয়াটো দেখিছোঁ যে গানতে উপজি মই শেষ হৈ যাম।[১]
- শাস্ত্ৰীয় সংগীত হ'ল সুৰপ্ৰধান আৰু আধুনিক সৃজনশীল গীত এটা হ'ল কথাপ্ৰধান। আধুনিক গীতত কথা প্ৰথমে আহে।[১]
- টেকনলজিয়ে সাধনাৰ ওপৰত মাৰঘাট মাৰিছে যেন লাগিছে।[১]
- নশিকাৰুসকলৰ বাবে প্ৰথম কথা হ'ল পৃথিৱীৰ যিকোনো বস্তু এটা শিকাৰ আগতে তাক ভালপাব লাগিব। কাৰোবাক জোৰকৈ গায়ক সজাব নোৱাৰি। নিজৰ জন্মগত কিবা এটা থাকিবই লাগিব। কিন্তু জন্মগত বিশেষত্বই গোটেই জীৱনটো তেওঁক লৈ নাযায়, গায়ক হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব।[১]
- থলুৱা সংগীতখিনিক মানে লোকসংগীতখিনিক যেতিয়া তাৰ নিৰ্দিষ্ট ৰূপত পৰিৱেশন কৰা যায় তেতিয়া তাৰ এটা বেলেগ ধৰণৰ মাদকতা থাকে। লোকসংগীতখিনিয়েইতো আচলতে আচল সংগীত, আচল সুৰ।[১]
- সংগীত এনে এখন ক্ষেত্ৰ, য'ত খুব পৰীক্ষা-নিৰীক্ষা চলে।[১]
- সংস্কৃতি সদায় একেধৰণে নাথাকে, পৰিবৰ্তন হ'বয়ে। কিন্তু পৰিবৰ্তনৰ মাজেদিও তাক বচাই ৰাখিব পাৰি।[১]