বিদ্যা
ভাৰতীয় দৰ্শনত বিদ্যাৰ (ইংৰাজী: विद्या) অৰ্থ হৈছে সামগ্ৰিকভাৱে বিজ্ঞান, শিক্ষণ, জ্ঞান, আৰু পাণ্ডিত্য। ই বৈধ জ্ঞানক বুজায়, যাৰ বিৰোধিতা কৰিব নোৱাৰি। ই প্ৰকৃত জ্ঞানকো সূচায় যিটো হৈছে আত্মাৰ স্বজ্ঞাতভাৱে লাভ কৰা জ্ঞান। কেৱল বৌদ্ধিক জ্ঞানতে বিদ্যা সীমাৱদ্ধ নহয়।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- বিদ্যা সকলো সদ্গুণৰে মূল, তাৰ পৰা মনুষ্যৰ ইহ কালত আৰু পৰ কালতো অসীম উপকাৰ হয়, বিদ্যাৱন্ত মানুহ নিৰ্ধনী হলেও তেঁওক সকলোৱে মান সৎকাৰ কৰে, কিন্তু ধনৱন্ত মূৰ্খে জ্ঞানিৰ সমাজলৈ গলে তাক কেৱে নুসুধি পণ্ডিত -কহে আদৰ কৰিব। বিদ্যাৰ দ্বাৰা মনুষ্যৰ মন পোহৰ হয়, কিয়নো নানা শাস্ত্ৰ পঢ়িলে নানা কথা জনা জায়, বিদ্যা জানিলে এই পৃথিবী কেনে ইয়াত কিং আচে আৰু আকাশ নক্ষত্ৰ প্ৰভৃতি নৌ কেনে এই সকল সুন্দৰে জানি, কিন্তু যাৰ বিদ্যা নাই সি এই সকল একোকে নেজানে আৰু তাৰ মন গোটেই এন্ধাৰ হৈ থাকে। বিদ্যা জানিলে সময় ব্যয় কৰি বলৈ সুন্দৰ উপায় ওলায়, আৰু পণ্ডিতে সময় দিঘল হবলৈ অভিলাষ কৰে, কিন্তু মূৰ্খে সময় চুটি হয় মানে ভাল পায়; কিয়নো সি সময় যাপন কৰিবলৈ একো উপায় নাপায়। বিদ্যাৰ পৰা অৰ্থ লাভ, যশস্যা ইত্যাদি হয়, বিদ্যাক ভগন কৰিলে বাঢ়ে, আৰু একোৰে গুচাব নোৱাৰে; কিন্তু এই সকল গুণত কৈও বঢ়া গুণ আচে।[১]
- হে লৰা বিলাক, তোমোলাক যদি অতি ধনৱন্তেই হোৱা তেও বিদ্যাক হেলা নকৰিবা, ধনৱন্ত হৈ বিদ্যাৱন্ত হব পাৰিলে অধিক সুখৰ হে কথা, কিন্তু ধন থাকি বিদ্যা না থাকিলে তাৰ সমান বিষম পাব লগা কথা আরু নাই।[১]
- আনন্দৰাম ঢেকিয়াল ফুকন
- বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।[২]
- সকলো কামতে বিদ্যা বুদ্ধি লাগে৷ বিদ্য-বুদ্ধি লগাই কৰিলেহে কামটো ভালকৈ সিজে৷ স্বতন্তৰীয়া বৃত্তিত বিদ্যা-বুদ্ধিৰ বিশেষ প্ৰয়োজন আছে৷ বিদ্যাৰ সাৰ দিলে বৃত্তিৰ উদ্গতি হয়৷ ইউৰোপত আৰু আমেৰিকাত স্বতন্তৰীয়া বৃত্তি শিক্ষিত মানুহৰ হাতত, সেইদেখি বৃত্তিবোৰ তাত বহুত উন্নত হৈছে৷
- সত্যনাথ বৰা
- বিদ্যা উদ্গতিৰ ঘাই আহিলা, এতেকে যি উদ্গতি কৰিব খোজে, সি আগে বিদ্যা যতনাই লোৱা উচিত৷[৩]
- সত্যনাথ বৰা
- পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্ব্বল সি নোৱাৰে।[৪]
- সত্যনাথ বৰা
- পুথিত লিখা কথাৰ প্ৰতি আস্থা নহ’লে, গুৰুৰ প্ৰতি ভক্তিভাৱ নাথাকিলে, বিদ্যালাভ কৰা সহজ নহয়৷ ছাত্ৰজীৱনতেই ভৱিষ্যৎ জীৱনযাত্ৰাৰ সমল গোটাই ল’ব লাগিব৷ তাকেই একনিষ্ঠ, দৃঢ়প্ৰতিজ্ঞ আৰু ব্ৰহ্মচৰ্য ব্ৰতধাৰী নহ’লে কৰা টান৷”
উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ আনন্দৰাম ঢেকিয়াল ফুকন. অসমিয়া লৰাৰ মিত্ৰ পৃষ্ঠা: ২. আহৰণ কৰা হৈছে: 1 এপ্ৰিল 2022.
- ↑ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
- ↑ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২২.
- ↑ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২২.