বাহাৰুল ইছলাম

অসমৰ চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা, নাট পৰিচালক

বাহাৰুল ইছলাম (ইংৰাজী: Baharul Islam) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু নাট পৰিচালক। বাহাৰুল ইছলামে বৰ্তমানলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰায় ৮০খন চলচ্চিত্ৰত অভিনয় কৰিছে। চিগাল থিয়েটাৰ গোটৰ প্ৰতিষ্ঠাপক আৰু ইয়াৰ সৈতে বাহাৰুল ইছলাম জন্মলগ্নৰে পৰা ওতপ্ৰোতভাৱে জড়িত হৈ আছে , চিগাল থিয়েটাৰৰ বাবে তেখেতে ৩০খন বেছি নাটক ৰচনা কৰিছে।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. প্ৰথমেই মই কওঁ, সকলোৰে বদমাচি বা ফিল'চফী এটা থাকে নহয়; ফিল'চফী আৰু বদমাচি 'পেৰেলেলি' যায় দেই।যেনেকৈ দুখ আৰু কান্দোন একেলগে। মোক যদি দুটা অপচন দিয়া হয় এতিয়াও - যদি এইটো ৰাস্তাৰে যোৱা,তুমি অনায়াসে যাব পাৰিবা,কোনো বাধা-বিঘিনি নাই, আৰু যদি কয় - এইটো ৰাস্তাৰে যোৱা তাত বহুত 'ভেৰাইটি' আছে কিন্তু বৰ কষ্টকৰ; মোৰ নাজানো সেই বদমাচি বা ফিল'চফীয়ে সদায় সেই কষ্টকৰ পথটো বুলি ক'ব।সেই বদমাচিটো শিকি গলোঁ।[১]
  2. মোৰ লক্ষ্য মুম্বাই। নেচনেল স্কুল অৱ ড্ৰামালৈ যোৱা।নেচনেল স্কুল অৱ ড্ৰামালৈ যোৱা সময়তো মোৰ ধান্দা এটাই আছিল,লক্ষ্য এটাই আছিল - মিঠুন চক্ৰৱৰ্ত্তী হোৱা।মই মুম্বাইলৈ যাম। নাট্য বিদ্যালয় এন এচ ডি এটা বাহানা আছিল মোৰ বাবে! মোৰ লক্ষ্য মুম্বাই।নেচনেল স্কুল অৱ ড্ৰামাত যোৱাৰ পিছত মোৰ ভিতৰৰ মিঠুনটো আঁতৰি গ'ল। থাৰ্ড ইয়েৰত বাহাৰুল জাগ্ৰত হ'ল। ভাবিলো - বেটা মুম্বাই তোৰ ৰাস্তা নহয়।মনৰ ভিতৰত দেখোন বহুত আইডিয়া কিলবিল কৰি আছে।আৰু আচৰিত কথা যে নেচনেল স্কুল অৱ ড্ৰামাত যোৱাৰ আগতেই মই অসম সাহিত্য সভাৰ কবি সন্মিলনত দুবাৰ প্ৰতিনিধিত্ব কৰিছোঁ, যুৱ কবি হিচাপে।এবাৰ কোকৰাঝাৰত হৈছিল নবীন কবি সন্মিলনত তেতিয়া ৰীতা বাইদেউহঁতো (ৰীতা চৌধুৰী) গৈছিল, এম কামালুদ্দিন আহমেদকে ধৰি কেইবাজনো গৈছিল।আৰু এবাৰ ভগৱতী প্ৰসাদ ভৱন,গুৱাহাটীত হৈছিল। কবিতাৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া।মই আলোচনী সম্পাদক আছিলো।গতিকে এই কবিতাই,সাহিত্যই মোক সহায় কৰিলে,লগতে নিজকে চোৱাৰ ক্ষেত্ৰত এন.এচ.ডিয়ে বহুত সহায় কৰিলে।[১]
  3. প্ৰতিটো ক্ষেত্ৰতে মই মোৰ বেছিভাগ কামকে ভুল দেখো আৰু নিজেই নিজৰ আটাইতকৈ ডাঙৰ সমালোচক হৈ পৰো। মোৰ আত্মসন্তুষ্টি খুব কম।শুনি তুমি টান পাবা,কেবাখনো নাটক,কেবাখনো দেই - এটা শ্ব',বা দুটা শ্ব' বা ৰিহাৰ্চেল কৰি উঠিও বন্ধ কৰি দিছোঁ।মোৰ শ্ব' ৰাইজলৈ মেলি দিয়া নাই।বন্ধ কৰি দিওঁ। য়েছ আজিলৈ এটা অনুভৱ, যদি এটা শব্দত কোৱা তুমি - যে আজিৰ এই দীৰ্ঘ পৰিক্ৰমাত মোৰ অনুভৱ কি - মোৰ ভাৱ হয়, চাগে মই সঠিক পথেৰেই গৈ আছোঁ।সেইটোৱেই মোৰ শক্তি আৰু মোৰ বিশ্বাস। সেইটো মোৰ স্বাভিমান। অহঙ্কৰ নহয়, স্বাভিমান।[১]
  4. বৰ্তমান আমি এটা কঠিন সময়ৰে গৈ আছোঁ, নাটকত আমি ল'ৰা-ছোৱালী ধৰি ৰাখিব পৰা নাই।বৰ্তমান instant success এটা বিচাৰে চবেই,মই কাকো দোষ দিয়া নাই,কিন্তু এইটো খন্তেকীয়া সন্তুষ্টি। ছিৰিয়েল আদিৰ কথাবোৰ আকৌ ঘূৰি আহিব। Root টো থিয়েটাৰেই।তথাপি কিন্তু সাংঘাটিক সংকটত আমি ভোগা নাই।আমি বহুত ভাগ্যৱান।কাৰণ আমাৰ আৰম্ভণিৰ পৰা প্ৰশিক্ষণ কেন্দ্ৰ আছে, বহুত ল'ৰা-ছোৱালী আমাৰ পৰা ওলাই গৈছে... সতি সন্ততি বহুত আমাৰ। গতিকে কিছুমানে যিমান suffer কৰে,আমাৰ সিমান হোৱা নাই। লাগ বুলিলে ল'ৰা-ছোৱালী আমি পাই যাওঁ।কিয়নো আমাৰ সম্প্ৰসাৰণত বহুত সতি সন্ততি আছে গতিকে আমি ভাগ্যৱান।[১]
  5. অসমীয়া চিনেমাৰ মূল culprit হ'ল অসম চৰকাৰ। তেওঁলোকৰ কোনো নীতি নাই। মোৰ ৰ'দৰ চিঠিত খৰচ আছিল ৩০লাখ টকা।'Gate Collection' আছিল ২৬ লাখ টকা।মই পালোঁ ৫ লাখ টকা। মই ৩০ লাখ টকাৰে চিনেমা বনালোঁ,২৬ লাখ টকা আহিলে,৪ লাখ টকা মনৰ শান্তিৰ বাবে বাদেই দিলোঁ।৩০ লাখ টকাৰে চিনেমা বনাই যদি ৫ লাখ টকা পাওঁ তেন্তে পিছৰ চিনেমাখন কিয় বনাম অসমীয়াত? মই বনামেই চিনেমা।কিন্তু অসমীয়াত কিয় বনাম।মই অসমীয়া বাবেই অসমীয়াত চিনেমা বনাম নেকি? মোৰ ঘৰ-বাৰী বিক্ৰী কৰি চিনেমা বনাম নেকি? চৰকাৰী নীতিত মই অসন্তুষ্ট।[১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ সাক্ষাৎকাৰঃ বাহাৰুল ইছলাম. প্ৰকাশক: সাহিত্য ডট অৰ্গ (জানুৱাৰী ১৫, ২০১৬). আহৰণ কৰা হৈছে: 31 মে' 2024.