ইংৰাজী ভাষা

জাৰ্মানীয় শাখাৰ ভাষা

ইংৰাজী (English, ইংলিছ) হৈছে ইংলেণ্ডত উৎপত্তি হোৱা এটা পশ্চিম জাৰ্মানিক ভাষা। ই পৃথিৱীৰ আটাইতকৈ বেছি প্ৰচলিত ভাষাবোৰৰ ভিতৰত অন্যতম। গ্ৰেট ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰা প্ৰাচীন জাৰ্মানিক জনগোষ্ঠীৰ অন্যতম এংগলছসকলৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল।