পল্লৱী গগৈ বৰগোহাঁই
পল্লৱী গগৈ বৰগোহাঁই (ইংৰাজী: Pallabi Gogoi Borgohain) এগৰাকী লেখক৷ তেওঁৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে ‘আবৃত্তিৰ ৰূপৰেখা’৷ এই গ্ৰন্থখন পূৰ্বাঞ্চল প্ৰকাশে ২০১৯ চনত প্ৰকাশ কৰিছে৷ গ্ৰন্থাকাৰৰ অন্যান্য গ্ৰন্থসমূহ হৈছে-দূৰত্ব (২০০৮) সময় এতিয়া দুঃসময় (প্ৰথম প্ৰকাশ (২০১০), আন্তঃগাঁথা (২০১৩), শোকাৰ্ত হৃদয়ৰ বিভিন্ন কোৰাচ (২০১৮) কবিতা সংকলন হৈছে- কবিতা মোৰ হৃদয়ৰ ভাষা মাথোঁ বৰ্ণৰে গথা (২০১৬), উপন্যাস হৈছে- ইতিকথা (মাহেকীয়া আলোচনী 'বাৰ্তাপখিলী'ত ধাৰাবাহিকভাবে প্ৰকাশ হৈ আছে)[১]
উদ্ধৃতি
সম্পাদনা কৰকআবৃত্তিৰ ৰূপৰেখা
- শিল্পীয়ে শিল্প সৃষ্টি কৰাৰ সময়ত বিচাৰে উপাদান। তেওঁৰ উপাদান হ'ব পাৰে পথাৰ, ৰং আৰু হ'ব পাৰে কথা। কথা কোৱাৰ যি শৈলী, যি আঙ্গিকেবে কবিয়ে বা প্ৰাজ্ঞজনে কথা কয়, সি শিল্পতত্ত্বৰ এক অতুলনীয়, ৰহস্যময় ধাৰা। [২]
- ভাষা হ'ল মানুহৰ দৈনন্দিন কাম-কাজৰ এক প্ৰয়োজনীয় হাতিয়াৰ। দৈনন্দিন জীৱনৰ কাজ-কৰ্ম বাস্তব অভিজ্ঞতাৰ আদান-প্ৰদানৰ ক্ষেত্ৰত এক মাধ্যম। সাধাৰণ কথা-বতৰাৰ পৰা আৰম্ভ কৰি তৰ্কশাস্ত্ৰৰ জটিল যুক্তি প্ৰক্ষেপণৰ পৰা ব্যঞ্জনাভৰা ভাষা-শৈলীলৈকে ভাষাৰ এটা গভীৰ আৱেদন আছে। ই দেখাত ওজনহীন, লঘু অথবা শূন্য, কিন্তু ইয়াৰ মাজত এক অৰ্থবহ জ্ঞানগৰ্ভ, গভীৰ দাৰ্শনিকতাবোধ, মূল্যবোধসম্পন্ন এক কাব্যিক উপমা সমন্বিতে গভীৰ আৰু বিস্তৰ ধ্যান-ধাৰণাৰ লগতে ব্যাসকূটৰ চমৎকাৰিতা- এই সমস্ত কৃতি উপলব্ধি কৰা যায়। সংগীতৰ দৰে ভাষা স্পন্দমান আৰু ই সংগীতৰ দৰেই দোলায়িত হৈ থাকে। [২]
- কাব্যৰ এটা জীৱন্ত শৰীৰ আছে তাক দোলায়িত কৰিবলৈ ভাষাই এক বিস্ময়কৰ ভূমিকা গ্ৰহণ কৰে।[২]
- সাহিত্যৰ দুটি প্ৰধান ৰূপ হ'ল- গদ্য আৰু পদ্য বা কাব্য। গদ্যৰ ধৰ্ম হ'ল যি ধৰণৰ ভাব বহন কৰা দৰকাৰ তাক বহন কৰি লৈ যোৱা। ই এক ধৰণৰ বাৰ্তাবাহক শৈলী। ই পোন অথবা ঋজু। যি ক'ব বিচৰা হৈছে গদ্যই কেৱল সেইখিনিকে উন্মোচন কৰে। ই পোনে পোনে অৰ্থ প্ৰকাশ কৰে। দ্বিধাবোধ নেথাকে। ই কঠোৰভাৱে অৰ্থৰ প্ৰতি বিশ্বাসভাজন হৈ থাকে। গদ্যৰ কেতিয়াও পদ্যশিল্প হোৱাৰ অধিকাৰ নাই। তথাপিও ই যেন কোনো কোনো স্তৰত কাব্যৰ চাৰিসীমা স্পৰ্শ কৰিব খোজে। [২]
- কাব্যই ভাষাক অতি ৰূপহ কৰি তুলিলে। কাব্যৰ জন্ম হয় কবিৰ অৱচেতন মনলোকৰ গভীৰত। শব্দৰ যি ইন্দ্ৰিয়জ আবেদনে কবিক আকৰ্ষণ কৰে কবিয়ে তেওঁৰ পাঠকসকলক সেই শব্দৰ দ্বাৰা আমন্ত্ৰণ কৰে। কাব্য হ'ল- শব্দ তাৰ ব্যঞ্জনা, অৰ্থৰ পৰিচৰ্যা আৰু ভাবনাৰ কুশল সমন্বয়। [২]
- ভাষা এনে এক চিত্ৰ যিয়ে বৰ্ণবোৰৰ দ্বাৰা বিভিন্ন শব্দ সৃষ্টি কৰিব পাৰে কিন্তু বৰ্ণবোৰৰ যি সীমাবদ্ধতা সেয়া ভাঙিব নোৱাৰে। বহু নতুন নতুন শব্দ সৃষ্টি হৈছে সঁচা কিন্তু কোনো নতুন বৰ্ণ সৃষ্টি হোৱা নাই। ই দুৰূহ কাম। আমাৰ ভাষাত বৰ্ণ অনুসৰি ধ্বনিৰ সংখ্যা কম। বিশেষভাৱে, অ' ধ্বনিৰ বাবে আমি বিশেষ এটা বৰ্ণ সৃষ্টি কৰিব নোৱাৰিলোঁ। আনহাতে এ' ধ্বনিৰ বাবেও নতুন বৰ্ণৰ সৃষ্টি নহ'ল। দুয়োটা ধ্বনিৰ ক্ষেত্ৰত দুটা সুকীয়া বৰ্ণৰ সৃষ্টি হ'ব লাগিছিল। বৰ্ণমালা চহকী হ'লহেঁতেন। গৱেষণা নহ'ল, আলোচনাও নহ'ল। অন্যহাতে, এচামে বানানবোৰৰ সৰলীকৰণ কৰিবলৈ গৈ আওপাকে ধ্বনিৰ বিপৰ্যয় মাতি আনিছে। দ্বিত্ব বৰ্জনেও ভাষাৰ ধ্বনিশিল্পৰ মাধুৰ্য বহু পৰিমাণে কমাই দিছে। ই ভাষাৰ ধ্বনিশিল্পৰ বাবে শুভকৰ নহয়। [২]