কবিতা
সাহিত্যৰ ৰূপ
কবিতা (ইংৰাজী: Poetry) হ'ল সাহিত্যৰ এটা বিশিষ্ট ভাগ। বিভিন্নজনে কবিতাৰ সংজ্ঞা দিবলৈ যত্ন কৰিছে৷ সাহিত্যৰ আটাইবোৰ বিভাগৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু পুৰণি ভাগটোৱেই হ'ল কবিতা।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- কবিতা হ'ল ছন্দোবদ্ধ ৰচনা।
- কবিতা হ'ল যুক্তিবুদ্ধিক কল্পনাৰে দীপ্ত কৰি সত্যৰ লগত আনন্দৰ সমন্বয় সাধনৰ কলা।[১]
- ড° জনছন
- নিৰলাত সোঁৱৰা হিয়াৰ আবেগেই কবিতা।
- উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আবেগৰ ঢলেই কবিতা।[১]
- কবিতা সকলো জ্ঞানৰে নিশ্বাস, সুকুমাৰ আত্মা।[২]
- ৱৰ্ডচৱৰ্থ
- কবিতা হ'ল জীবন বীক্ষা।[১]
- মেথিউ আৰ্ণল্ড
- উৎকৃষ্টতম শব্দ পুঞ্জৰ উৎকৃষ্ট তম বিন্যাসেই কবিতা।[১]
- ক'লৰিজ
- কবিতা হ'ল স্মৰণীয় বাক্য।[১]
- অডেন
- কবিতা হ'ল সংগীতময় চিন্তা।[১]
- কাৰ্লাইল
- কবিতা হ'ল, আবেগময় আৰু ছন্দস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি।[১]
- থিয়োডৰ ৱাটছ ডাণ্টন।
- শব্দাৰ্থৌ সহিত কাব্যম (শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা)।[১]
- ভামহ (কাব্যালংকাৰ)
- বাক্যং ৰসাত্মকং কাব্যম (ৰসময় বাক্যই কবিতা)।[১]
- বিশ্বনাথ কবিৰাজ (সাহিত্য দৰ্পণ)।
- ই চিন্তা আৰু শব্দৰ সমন্বয় য'ত আৱেগ সাৱলীলভাৱে নিহিত হৈ থাকে।[২]
- মিল
- কবিতা হ'ল শব্দ প্ৰয়োগৰ এক পদ্ধতি য'ত কল্পনাৰ ওপৰত এটা মায়াজাল ৰচনা কৰা হয়।[২]
- মেকালে
- কবিতা হ'ল কল্পনাৰ প্ৰকাশ।[২]
- শ্যেলী
- কবিতা হ'ল কল্পনা আৰু অনুভূতিৰ ভাষা।[২]
- হেজিলট
- কবিতা হ'ল সত্য সৌন্দৰ্য আৰু শক্তিৰ প্ৰতি এক অনুভূতিময় আহ্বান।[২]
- লে হাণ্ট
- ই সৌন্দৰ্যৰ এক ছন্দোময় সৃষ্টি।[২]
- এডগাৰ এলান পো৷
- কবিতা হ'ল কল্পনা সম্ভূত চিন্তা আৰু ভাবৰ ছন্দোবদ্ধ প্ৰকাশ।[২]
- অধ্যাপক কৰ্টথপ