নমিতা ভট্টাচাৰ্য
অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী
নমিতা ভট্টাচাৰ্য (ইংৰাজী: Namita Bhattacharya) হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন কৰিছিল৷ আলি ঢাকি পৰ শালিকী, লাজ লাজ লাজ, সুধিছা তোমালৈ কিমান মৰম, আলফুলীয়া কপৌফুল আদি তেখেতৰ কেইটামান সৰ্বজনসমাদৃত গীত৷ অসমৰ লগতে ভাৰতৰ কেইবাখনো ঠাইৰ লগতে ইউৰোপতো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা নমিতা ভট্টাচাৰ্যই ২০২১ বৰ্ষৰ অসম চৰকাৰে প্ৰদান কৰা 'শিল্পী বঁটা' লাভ কৰে৷ আধুনিক গীতৰ লগতে তেখেতে পৰম্পৰাগত গীত-মাত, ভজন আৰু গজলো পৰিৱেশন কৰে ৷
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- কিছু কিছু ক্ষেত্ৰত অনুভৱ কৰিছোঁ যে ক্ষন্তেকীয়া জনপ্ৰিয়তাক যেন নতুন প্ৰজন্মই অধিক গুৰুত্ব দিছে। তেওঁলোকৰ গীতবোৰ সৃষ্টি হয়, দুদিনমান খুউব জনপ্ৰিয় হৈ লাহে লাহে স্তিমিত হৈ পৰে। কিন্তু আগৰ গীতবোৰ তেনে নাছিল। আমি আগৰ গীতবোৰ এতিয়াও খুউব আনন্দৰে আওৰাওঁ। তেতিয়া এটি এটি গীত সৃষ্টি হয় মানে তাত সকলোৰে অপৰিসীম কষ্ট আৰু প্ৰচেষ্টা যোগ হৈ আছিল। আমি গীতবোৰ কেৱল ভাললগাৰ বাবেই নহয় ভিতৰৰ পৰা অনুভৱ কৰি গাইছিলোঁ। কিন্তু বৰ্তমান যুগত গায়ক-গায়িকাসকলৰ ভিতৰৰ উপলব্ধিতকৈ বাহিৰৰ জাকজমকতাক বেছি গুৰুত্ব দিয়া যেন অনুভৱ হয়।[১]
- আজিৰ চামৰ বহুতেই কষ্ট কৰি পোৱা নাই। সেয়ে আগবাঢ়িব পৰা নাই। গতিকে মোৰ সাংগীতিক যাত্ৰাত মায়েই প্ৰথমে আঙুলিত ধৰি খোজ পেলাবলৈ সহায় কৰি দিছিল। সংগীতৰ গুৰু বুলিবলৈ মই সেয়ে মা আৰু ককা নবীন চন্দ্ৰ শৰ্মাৰ নামেই ল’ব লাগিব।[১]
- কলিকাতাত ৰেকৰ্ডিং কৰাৰ এক বেলেগ অভিজ্ঞতা আছিল৷ তেতিয়া আমি গীতটো সম্পূৰ্ণ লাইভ ৰেকৰ্ডিং কৰোঁ৷ বাদ্যযন্ত্ৰীসকলে লাইভ বজাই আৰু আমি কণ্ঠদান কৰোঁ৷ দ্বৈত কণ্ঠৰ গীত হ’লে পুৰুষ কণ্ঠশিল্পীজনো থাকিব লাগে৷ আচলতে তেতিয়া ‘এক্সপ্ৰেশ্যন’ ভাল হয়৷ পুৰুষ কণ্ঠশিল্পীজন থাকিলে বুজাবুজি এটা হয়, গীতটোত সেইবোৰ ফুটি উঠে৷ মাজত কিবা ভুল হ’লেও আকৌ প্ৰথমৰে পৰা কৰোঁ৷ আজিৰ দৰে ট্ৰেকত গোৱা নাছিল৷ কলকাতাৰ বাদ্যযন্ত্ৰীসকল বৰ সাংঘাতিক আছিল৷ বহুকেইজনে লতা মংগেছকাৰৰ লগত মঞ্চত অনুষ্ঠান কৰিছিল তেতিয়া৷ যেনে ৰমাকান্ত নন্দী৷ বিৰাট প্ৰতিভাৱান বাদ্যযন্ত্ৰী আছিল৷ কেতিয়াবা মই আপোনপাহৰা হৈ তেওঁলোকৰ সংগীত শুনি গীত গাবলৈ পাহৰি যাওঁ৷ ৰমেন দায়ে চিঞৰে “ঐ কি কৰি আছ, গান গা আকৌ”।[১]
- আজিকালি গীত এটা শুনি কল্পনাৰ জগত এখনলৈ উৰা মাৰি যাব পৰা নাযায়। তথাপিও মই আশাবাদী নতুন প্ৰজন্মৰ গীতলৈ এক নতুনত্ব আহিব আৰু আমাক প্ৰতিটো শব্দয়ে গীতৰ কথাখিনি চুই চাব পৰাকৈ সুবিধা দিব। আমাৰো নতুন নতুন শিল্পীৰ গীত শুনিবলৈ মন যায়৷[১]
- মই বহুতো ঠাইত বিচাৰক হিচাপে যাওঁ৷ তেওঁলোকৰ কণ্ঠ খুবেই ভাল, কিন্তু প্ৰায় সকলোৱে একেই ‘ৰিডম’ত গায়৷ লগতে ভাষাৰ সামঞ্জস্য নাই গীতৰ কথাত৷ আমাৰ আগৰ গীত এটা শুনিলে কাহিনী এটা চকুৰ সন্মুখত ভাঁহি উঠিছিল৷ এটা গানে কাহিনী ক’ব পাৰিছিল৷ আজিকালি বেছিভাগ গীতৰ কথাত সেইটো বিচাৰি নাপাওঁ৷ তথাপিও দুই এজন আছে খুব ভাল৷[১]