দ্ৰৌপদী মূৰ্মু
ভাৰতৰ ৰাষ্ট্ৰপতি
দ্ৰৌপদী মূৰ্মু (ইংৰাজী: Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী আদিবাসী ততা জনজাতীয় মহিলা। ইয়াৰ লগতে তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল। তেওঁ ওড়িশা বিধানসভাৰ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ সন্মিলিত চৰকাৰত তেওঁ বাণিজ্য আৰু পৰিবহন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু মীন,পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী পদতো কাৰ্যনিৰ্বাহ কৰিছিল।
উদ্ধৃতি
সম্পাদনা কৰক- এয়া ভাৰতৰ গণতন্ত্ৰৰ শক্তি যে দুখীয়া জনজাতীয় ঘৰত জন্মগ্ৰহণ কৰা ছোৱালীয়েও সাংবিধানিক শীৰ্ষত উপনীত হ’ব পাৰে।
- ২৫ জুলাই, ২০২২; সংসদৰ কেন্দ্ৰীয় হল। উৎস: টাইমছ অফ ইণ্ডিয়া
- যুগ যুগ ধৰি বঞ্চিত হোৱা আৰু উন্নয়নৰ সুবিধাৰ পৰা বঞ্চিত হোৱা, সেই দুখীয়া, নিপীড়িত, পিছপৰা আৰু জনজাতীয় লোকসকলে মোৰ মাজত নিজৰ প্ৰতিফলন দেখিবলৈ পোৱাটো মোৰ বাবে এক বৃহৎ সন্তুষ্টিৰ বিষয়।
- ২৫ জুলাই, ২০২২; সংসদৰ কেন্দ্ৰীয় হল। উৎস: টাইমছ অফ ইণ্ডিয়া
- মই আচৰিত হোৱাৰ লগতে আনন্দিতও। সুদূৰ ময়ুৰভঞ্জ জিলাৰ এগৰাকী জনজাতীয় মহিলা হিচাপে মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলোঁ
- ২১ জুন, ২০২২; ঝাৰখণ্ড। উৎস: ইকোনমিক টাইমছ
- মোৰ চৰকাৰৰ স্পষ্ট মতামত যে দুৰ্নীতি গণতন্ত্ৰ আৰু সামাজিক ন্যায়ৰ আটাইতকৈ ডাঙৰ শত্ৰু। সেইবাবেই বিগত বছৰ ধৰি দুৰ্নীতিৰ বিৰুদ্ধে অবিৰত যুঁজ চলি আছে। আমি নিশ্চিত কৰিছো যে সৎসকলক ব্যৱস্থাত সন্মান কৰা হ’ব। সমাজৰ দুৰ্নীতিগ্ৰস্তৰ প্ৰতি যাতে কোনো ধৰণৰ সহানুভূতি নাথাকে তাৰ বাবে দেশত সামাজিক চেতনাও বাঢ়িছে।[১]
- ভাৰতৰ গণতন্ত্ৰ সমৃদ্ধিশালী আছিল, শক্তিশালী আছিল, ভৱিষ্যতেও শক্তিশালী হৈ থাকিব। ভাৰতৰ সজীৱতা অমৰ আছিল, ভৱিষ্যতেও ই অমৰ হৈ থাকিব।[১]
- "মোৰ নিৰ্বাচনে প্ৰমাণ কৰে যে, ভাৰতৰ দুখীয়ায়ো সপোন দেখিব পাৰে আৰু সেইবোৰ বাস্তৱায়িত কৰিব পাৰে৷"[২]
- "মোৰ বাবে প্ৰাথমিক শিক্ষা লাভ কৰাটো এটা সপোন আছিল।"[২]
- "মই যুৱক-যুৱতীসকলক ক'ব বিচাৰোঁ, কেৱল আপোনাৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব নিদিব, দেশৰ ভৱিষ্যতৰ ভেটিও স্থাপন কৰক। ৰাষ্ট্ৰপতি হিচাপে আপোনাৰ ওচৰত মোৰ সম্পূৰ্ণ সমৰ্থন আছে।"[২]
- "মই প্ৰান্তীয় লোকৰ কল্যাণৰ ওপৰত গুৰুত্ব দিম।"[২]
- "ভাৰতে প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ নতুন খণ্ড সংযোজন কৰি আছে...ক’ভিদ মহামাৰীৰ বিৰুদ্ধে দিয়া ভাৰতৰ যুঁজে বিশ্বব্যাপী ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিছে।"[২]
- অপৰাধীয়ে মুকলিভাৱে বিচৰণ কৰি আছে, আনহাতে অপৰাধৰ বলি হোৱাসকলে ভয়-শংকাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে৷[৩]
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ↑ ১.০ ১.১ দ্ৰোপদী মূৰ্মুৰ ভাষণ. আহৰণ কৰা হৈছে: 15 জুলাই 2023.
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ {{cite web | url=President Droupadi Murmu's Top 5 Quotes In Historic Address ByDebanish Achom, July 25 2022, Retrieved 15/11/2023
- ↑ দিনটোৰ উক্তি, অসমীয়া খবৰ, প্ৰথম পৃষ্ঠা, ২ ছেপ্তেম্বৰ, ২০২৪