দ্য ছিক্ৰেট অফ দ্য নাগাজ

অমিষ ত্ৰিপাঠীয়ে লিখা গ্ৰন্থ

দ্য ছিক্ৰেট অফ দ্য নাগাজ (ইংৰাজী: The Secret of the Nagas) ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীয়ে লিখা শিৱ ত্ৰিলজীৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন গ্ৰন্থ দ্য ইমৰ্টেলছ অফ মেলুহাত মেলুহা নামৰ কাল্পনিক ঠাইক কেন্দ্ৰ কৰি ত্ৰিলজীৰ কাহিনীভাগ আৰম্ভ হয়। ইয়াত এখন যুদ্ধৰ সূচনা হয় য'ত শিৱৰ নেতৃত্বত সূৰ্যবংশী মেলুহাবাসীয়ে চন্দ্ৰবংশী স্বদ্বীপবাসীৰ পৰা উদ্ধাৰ পোৱা বুলি ধাৰণা কৰে। কিতাপখনৰ শেষ বিন্দুত শিৱই সতীক এজন নাগৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰপৰাই পৰৱৰ্তী গ্ৰন্থ দ্য ছিক্ৰেট অফ দ্য নাগাজৰ কাহিনীভাগ আৰম্ভ হয়।

ত্ৰিলজীৰ প্ৰথমখন গ্ৰন্থৰ মুক্তিৰ পিছতহে ত্ৰিপাঠীয়ে দ্বিতীয়খন লিখিবলৈ আৰম্ভ কৰে। তেওঁ কাহিনীটোত উল্লিখিত ঠাইসমূহৰ বিস্তাৰৰ বাবে ভূগোল আৰু ইতিহাসৰ ওপৰত থকা তেওঁৰ জ্ঞানৰ ওপৰতে নিৰ্ভৰ কৰিছিল। ২০১১ চনৰ ১২ আগষ্টত কিতাপখনে মুক্তিলাভ কৰে। ইয়াৰ প্ৰকাশক আছিল ৱেষ্টলেণ্ড প্ৰেছ। মুক্তিৰ আগেয়ে লেখকে কিতাপখনত কেইবাটাও চৰিত্ৰৰ আচল প্ৰকৃতিৰ লগতে বহু কথা উন্মোচন হোৱাৰ কথা প্ৰকাশ কৰে। মাল্টিপ্লেক্স ছবিঘৰসমূহত প্ৰদৰ্শনৰ বাবে দুটা 'থিয়েট্ৰিকেল ট্ৰেইলাৰ' নিৰ্মাণ কৰা হয়, কিয়নো ত্ৰিপাঠীয়ে বিশ্বাস কৰিছিল যে ছবিঘৰলৈ যোৱা দৰ্শকে কিতাপো পঢ়ে, আৰু ই অধিক প্ৰচাৰ লাভ কৰিব।

মুক্তিৰ আগতেই কিতাপখনৰ চাহিদা উচ্চমানৰ আছিল আৰু ৮০,০০০টা কপি আগতীয়াকৈ অৰ্ডাৰ দিয়া হৈছিল। পুনৰ্মুদ্ৰণ কৰাৰ আগেয়ে প্ৰথম মাহতে ৯৫,০০০ কপিৰ বিক্ৰিৰে ক্ষণিকতে কিতাপখনে বেষ্টচেলাৰ তালিকাৰ শীৰ্ষস্থান পায়। ২০১৩ চনৰ জানুৱাৰীত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজে এক মিলিয়ন কপি ছপাৰ সীমা অতিক্ৰম কৰে। বাণিজ্যিকভাৱে সফল যদিও দ্য ছিক্ৰেট অফ দ্য নাগাজে সমালোচকসকলৰ মিশ্ৰিত সঁহাৰি লাভ কৰে। ইয়াৰ "আকৰ্ষণীয় ধাৰণা"টোৰ বাবে ই প্ৰশংসা লাভ কৰাৰ বিপৰীতে ত্ৰিপাঠীয়ে কৰা অ-সাহিত্যিক ভাষাৰ বাবে সমালোচনাৰ সন্মুখীন হয়।

উদ্ধৃতি সম্পাদনা কৰক

  • প্ৰেমৰ বিপৰীত ঘৃণা নহয়। ঘৃণা কেৱল বেয়া হৈ যোৱা প্ৰেম। প্ৰেমৰ প্ৰকৃত বিপৰীত হৈছে উদাসীনতা। যেতিয়া আপুনি আনজনৰ কি হ'ব তাক লৈ গুৰুত্ব নিদিয়ে।[উৎসৰ প্ৰয়োজন]
  • সত্যক ভাল পাব নালাগে। মাত্ৰ ক’ব লাগিব। ইয়াক কৈ পেলাওক। সত্যই হয়তো আপোনাক আঘাত দিব, কিন্তু ই আপোনাক মুক্ত কৰিব।[উৎসৰ প্ৰয়োজন]
  • জীৱনতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহয়। একো নাই। সেই কথাটোৰ সৰলতা আপুনি তেতিয়াহে উপলব্ধি কৰে যেতিয়া আপুনি প্ৰতিদিনে মৃত্যুৰ সন্মুখীন হয়।[উৎসৰ প্ৰয়োজন]
  • পাপ কৰ্ম সংঘটিত হোৱাৰ সময়ত কাষত থিয় হৈ একো নকৰাটো নিজেই সেই পাপ কৰাৰ দৰেই বেয়া।[উৎসৰ প্ৰয়োজন]
  • শক্তিশালী মানুহে নিজৰ নৈতিকতাত অটল হৈ থাকে, লাগিলে যিয়েই বিচাৰ আৰু কষ্ট নহওক কিয়, দুৰ্বল মানুহে, বহুসময়ত, আনকি উপলব্ধিও নকৰে যে তেওঁলোক কিমান তললৈ ডুব গৈছে।[উৎসৰ প্ৰয়োজন]
  • প্ৰমাণ নেদেখালৈকে মই একো বিশ্বাস নকৰোঁ‌। মই ভাবোঁ প্ৰমাণ নোহোৱা যিকোনো কামৰ বাবে আমি মনক শান্তি দিয়া তত্ত্বটোক বিশ্বাস কৰা উচিত। তত্ত্বটো সঁচা হওক বা নহওক, তাত কোনো কথা নাই।[উৎসৰ প্ৰয়োজন]
  • সেয়া তোমাৰ সত্য আৰু এয়া মোৰ সত্য। বিশ্বজনীন সত্যৰ কথা ক’বলৈ গ’লে; ইয়াৰ অস্তিত্ব নাই।[১]

উৎস সম্পাদনা কৰক

  1. The Secret of the Nagas Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 24 জুলাই 2022.

বাহ্যিক সংযোগ সম্পাদনা কৰক