দ্য ইমৰ্টেলছ অফ মেলুহা

দ্য ইমৰ্টেলছ অফ মেলুহা (ইংৰাজী: The Immortals of Meluha) অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজী গ্ৰন্থ শৃংখলাৰ প্ৰথমখন গ্ৰন্থ। কাহিনীৰ পৃষ্ঠভূমি হৈছে মেলুহা আৰু ই তিব্বতীয় জনজাতীয় লোক শিৱৰ আগমণৰ সৈতে আৰম্ভ হৈছে। শিৱই ঔষধি সোমৰস পান কৰোঁতে তেওঁৰ কণ্ঠ নীলবৰণীয়া হৈ পৰাত শিৱ তেওঁলোকৰ উদ্ধাৰকৰ্তা নীলকণ্ঠ বুলি মেলুহাবাসীয়ে কৰা বিশ্বাস সঁচা প্ৰমাণিত হয়। শিৱই মেলুহানসকলক চন্দ্ৰবংশীসকলৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিবলৈ সিদ্ধান্ত লয় যি নাগ নামৰ অভিশপ্ত গোষ্ঠীৰ সৈতে যোগ দিয়ে। নিজৰ যাত্ৰাপথ আৰু আৱশ্যম্ভাবী যুদ্ধৰ পৰা শিৱই জানিবলৈ পায় যে তেওঁ বাছি লোৱা পথসমূহে কিদৰে তেওঁ হ'ব বিচৰা মানুহজনক প্ৰতিফলিত কৰি এক ভয়ানক পৰিণামৰ দিশে লৈ যায়।

প্ৰথমাৱস্থাত ত্ৰিপঠীয়ে অসৎ দৰ্শনৰ ওপৰত এখন কিতাপ লিখিবলৈ মনস্থ কৰে কিন্তু যদিও পৰিয়ালৰ পৰা নিৰুৎসাহ হয়। সেয়ে তেওঁ হিন্দু দেৱতা শিৱৰ ওপৰত এখন কিতাপ লিখিবলৈ থিৰাং কৰে। তেওঁ কাহিনীটো এই ধাৰণাৰ ভেঁটিত নিৰ্মাণ কৰিবলৈ ঠিক কৰে যে প্ৰতিজন দেৱতাই এসময়ত মানুহ আছিল; তেওঁলোকক মানৱ জীৱনত তেওঁলোকৰ কৰ্মৰাজীয়ে দেৱতাৰ শাৰীৰ খ্যাতি প্ৰদান কৰিলে। দ্য ইমৰ্টেলছ অফ মেলুহা লিখি সম্পূৰ্ণ কৰাৰ পিছত ত্ৰিপাঠীক কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে নাকচ কৰিলে। যেতিয়া তেওঁৰ প্ৰতিনিধিয়ে কিতাপখন নিজাববীয়াকৈ প্ৰকাশৰ সিদ্ধান্ত ল'লে তেতিয়া ত্ৰিপাঠী এক প্ৰচাৰ অভিযানলৈ সাজু হ'ল। ইয়াৰ ভিতৰত আছিল য়ুট্যুবত এক লাইভ-একচন ভিডিঅ'ৰ অন্তৰ্ভুক্তি আৰু সকলো পঢ়ুৱৈৰ বাবে উপলব্ধ হোৱাকৈ কিতাপখনৰ প্ৰথম অধ্যায়টোৰ ডিজিটেল ডাউনল'ডৰ ব্যৱস্থা।২০১৩ চনৰ জানুৱাৰী মাহত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু ইয়াৰ ছিকুৱেল দ্য ছিক্ৰেট অফ দ্য নাগাজে এক মিলিয়ন কপি ছপাৰ সংখ্যা অতিক্ৰম কৰে। কিতাপ দুখনে প্ৰকাশৰ দুবছৰৰ ভিতৰতে মুঠ খুচুৰা ২২ কোটি টকাৰ বিক্ৰীৰে নীলসেন বুকস্কেনৰ সৰ্বাধিক বিক্ৰীৰ তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখে।

উদ্ধৃতি সম্পাদনা কৰক

  • এজন লোক কিংবদন্তি হয় নে নহয় এয়া ইতিহাসে নিৰ্ধাৰণ কৰে, ভৱিষ্যৎবক্তাই নহয়।[১]
  • এজন ব্যক্তিৰ নৈতিকতা আৰু চৰিত্ৰ ভাল সময়ত পৰীক্ষা কৰা নহয়। বেয়া সময়তহে এজন ব্যক্তিয়ে দেখুৱাই দিয়ে যে তেওঁ নিজৰ ধৰ্মৰ প্ৰতি কিমান অটল।[১]
  • যদি আপুনি এজন ব্যক্তিক বিশ্বাস জন্মায় যে এই জন্মত তেওঁৰ দুৰ্ভাগ্য তেওঁৰ আগৰ জন্মৰ পাপৰ ফলত হৈছে, তেন্তে তেওঁ নিজৰ ভাগ্যৰ প্ৰতি নিজকে সমৰ্পিত কৰিব আৰু সমাজৰ ওপৰত তেওঁৰ ক্ৰোধ প্ৰকাশ নকৰিব।[১]
  • যিকোনো দৰ্শনে, যিমানেই নিখুঁত নহওঁক কিয়, কেৱল এক সীমিত সময়ৰ বাবেহে কাম কৰে।[১]
  • মানুহ এজন মহাদেৱ হৈ পৰে, ভালৰ বাবে যুঁজ দিলেহে। এজন মহাদেৱৰ জন্ম মাকৰ গৰ্ভৰ পৰা নহয়। তেওঁ যুদ্ধৰ উত্তাপত নিৰ্মিত হয়, যেতিয়া তেওঁ বেয়াক ধ্বংস কৰিবলৈ যুদ্ধ কৰে। হৰ হৰ মহাদেৱ - আমি সকলোৱেই মহাদেৱ।[১]
  • মই প্ৰতীকী দেৱতাক বিশ্বাস নকৰোঁ‌। আমাৰ চাৰিওফালে ভগৱানৰ অস্তিত্ব আছে বুলি বিশ্বাস কৰোঁ। নদীৰ প্ৰবাহত,গছৰ হুৰহুৰনিত,বতাহৰ ফুচফুচনিত। তেওঁ আমাৰ লগত সকলো সময়তে কথা পাতে। আমি মাত্ৰ শুনিব লাগিব।[১]
  • ঘৃণা প্ৰেমৰ বিপৰীত নহয়। ই হৈছে উদাসীনতা।[১]
  • আপুনি বস্ত্ৰ এখনৰ শক্তি জানিব বিচাৰিলে তাৰ বয়নৰ মানদণ্ড নিৰীক্ষণ কৰক। যদি আপুনি কোনো ব্যক্তিৰ চৰিত্ৰ বুজিব বিচাৰে তেন্তে তেওঁৰ আন্তঃব্যক্তিগত আচৰণ বা তেওঁলোকৰ লেনদেন ভালদৰে চাওক।[১]
  • যদিহে সমগ্ৰ সমাজখন নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হ’লহেঁতেন তেন্তে কাৰোৱেই নিজৰ ব্যক্তিগত অধিকাৰৰ বাবে যুঁজ দিয়াৰ প্ৰয়োজন নহ’লহেঁতেন। যিহেতু সকলোৰে অধিকাৰৰ যত্ন স্বয়ংক্ৰিয়ভাৱে আন কাৰোবাৰ কৰ্তব্যৰ জৰিয়তে লোৱা হ’লহেঁতেন।[উৎসৰ প্ৰয়োজন]
  • এগৰাকী নাৰীৰ জীৱনৰ আটাইতকৈ শক্তিশালী শক্তি হ’ল তেওঁ যেনেকুৱা তাৰ বাবে তেওঁৰ শলাগ লোৱা, ভালপোৱা আৰু লালন কৰাৰ প্ৰয়োজনীয়তা।[১]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ The Immortals of Meluha Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 23 জুলাই 2022.

বাহ্যিক সংযোগ সম্পাদনা কৰক