টাইটানিক (চলচ্চিত্ৰ)

১৯৯৭ চনৰ এখন আমেৰিকান চলচ্চিত্ৰ

টাইটানিক (ইংৰাজী: Titanic) ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত এখন ইংৰাজী চলচ্চিত্ৰ। জেম্‌ছ কেমেৰুণৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এই চলচ্চিত্ৰখন আৰ‌এম‌এছ টাইটানিক নামৰ জাহাজখনৰ ওপৰত আধাৰিত। মুখ্য চৰিত্ৰত অভিনয় কৰিছে লিঅ'নাৰ্ড' ডিকাপ্ৰিঅ' আৰু কেট ৱিন্সলেটে। চলচ্চিত্ৰখনে ১৯৯৭ চনত শ্ৰেষ্ঠ ছবিকে ধৰি এঘাৰটা একাডেমী বঁটা লাভ কৰিছিল।

পোষ্টকাৰ্ডত টাইটানিক

সংলাপসমূহ সম্পাদনা কৰক

জেক ডাউছন সম্পাদনা কৰক

  • মই পৃথিৱীৰ ৰজা!
  • যেতিয়া আপোনাৰ একোৱেই নাই, তেতিয়া আপুনি হেৰুৱাবলগীয়াও একো নাই।

ৰ'জ সম্পাদনা কৰক

  • এগৰাকী নাৰীৰ হৃদয় গোপন কথাৰ এখন গভীৰ সাগৰ।

অন্যান্য সম্পাদনা কৰক

  • বিশ্ববিদ্যালয়ৰ উদ্দেশ্য হৈছে উপযুক্ত স্বামী বিচাৰি উলিওৱা। ৰ'জে ইতিমধ্যে সেইটো কৰিছে।
    • ৰুথ

কথোপকথন সম্পাদনা কৰক

ৰ'জ: শুনা, জেক। মই মোৰ মন সলনি কৰিলোঁ।
জেক: তোমাৰ হাত খন দিয়া। এতিয়া চকু দুটা মুদি দিয়া। [...] এতিয়া, ৰেইলৰ ওপৰত খোজ দিয়া। [...] তুমি মোক বিশ্বাস কৰানে?
ৰ'জ: মই তোমাক বিশ্বাস কৰোঁ।
জেক: চকু মেলা।
ৰ'জ: মই উৰি আছো, জেক।

জেক: এইটো নীলম নেকি?
ৰ'জ: এটা হীৰা। এটা অতি বিৰল হীৰা। জেক, মই বিচাৰো তুমি মোক তোমাৰ কোনোবা ফৰাচী ছোৱালীৰ দৰে আঁকা। এইটো পিন্ধি।
জেক: ঠিক আছে।
ৰ'জ: কেৱল এইটো পিন্ধি।

ৰ'জ: যেতিয়া জাহাজখন ঘাটত ৰাখে, ম‌ই তোমাৰ স'তে যামগৈ।
জেক: এইটো পাগলামি।
ৰ'জ: ম‌ই জানো। ইয়াৰ কোনো যুক্তি নাই। সেইবাবেই মই বিশ্বাস কৰোঁ।

[ৰ'জে ৰক্ষাকাৰী নাওখনৰ পৰা জপিয়াই জেক থকা ঠাইলৈ যায়]
জেক: ৰ'জ! তুমি বৰ মূৰ্খ। কিয় তুমি তেনেকুৱা কৰিলা, হা? তুমি বৰ মূৰ্খ, ৰ'জ। কিয় তুমি তেনেকুৱা কৰিলা? কিয়?
ৰ'জ: তুমি জপিয়ালে, ময়ো জপিয়াম। নহয়নে?
জেক: হয়।
ৰ'জ: হে ঈশ্বৰ! ম‌ই যাব নোৱাৰিলোঁ। মই যাব নোৱাৰিলোঁ, জেক।
জেক: বাৰু, ঠিকেই আছে। আমি কিবা এটা ভাবিম।
ৰ'জ: অন্ততঃ ম‌ই তোমাৰ লগত আছো।

[পানীত থকা এখন দুৱাৰৰ ওপৰত ৰ'জ আৰু জেক কাষৰ পৰা ওলমি আছে, কঁপি আছে]
ৰ'জ: নিস্তব্ধ হৈ পৰিছে।
জেক: নাওবোৰ সংগঠিত কৰিবলৈ দুইমিনিটমান সময় লাগিব৷ তোমাৰ কথা নাজানো, কিন্তু ম‌ই এই সকলোবোৰৰ বিষয়ে হোৱাইট ষ্টাৰ লাইনলৈ এখন শক্তিশালী শব্দৰে লিখা চিঠি এখন লিখাৰ মন মেলিছোঁ।
ৰ'জ: ম‌ই তোমাক ভাল পাওঁ, জেক।
জেক: তেনেকুৱা নকৰিবা। তুমি বিদায় নল'বা। এতিয়াই নহয়, মোক বুজিছানে?
ৰ'জ: মোৰ বৰ ঠাণ্ডা লাগিছে।
জেক: শুনা, ৰ'জ। তুমি ইয়াৰ পৰা ওলাই যাবা, তুমি আগবাঢ়ি যাবা, আৰু তুমি বহুত সন্তান জন্ম দিবা, আৰু তুমি সিহঁতৰ বৃদ্ধি হোৱাটো চাবা। তুমি বৃদ্ধ বয়সত মৰিবা... এগৰাকী বুঢ়ী তাইৰ বিচনাত উমাল হৈ, ইয়াত নহয়, আজি ৰাতি নহয়। এনেকৈ নহয়, মোক বুজিছানে?
ৰ'জ: মোৰ শৰীৰটো অনুভৱ কৰিব পৰা নাই।
জেক: ৰ'জ, সেই টিকটটো জয় কৰাটোৱেই আছিল মোৰ লগত হোৱা আটাইতকৈ ভাল ঘটনা... ই মোক তোমাৰ ওচৰলৈ লৈ আহিছিল। আৰু তাৰ বাবে মই ধন্য, ৰ'জ। মই ধন্য। তুমি মোক এই সন্মান কৰিবই লাগিব। তুমি মোক প্ৰতিশ্ৰুতি দিব লাগিব যে তুমি জীয়াই থাকিবা, যে তুমি হাৰ নামানিবা, যিয়েই নহওক, যিমানেই নিৰাশাজনক নহওক কিয়। এতিয়াই মোক প্ৰতিশ্ৰুতি দিয়া, ৰ'জ, আৰু সেই প্ৰতিশ্ৰুতি কেতিয়াও এৰি নিদিবা।
ৰ'জ: ম‌ই কথা দিছোঁ।
জেক: কেতিয়াও এৰি নিদিবা।
ৰ'জ: মই কেতিয়াও এৰি নিদিওঁ, জেক। মই কেতিয়াও এৰি নিদিওঁ। ম‌ই কথা দিছোঁ।

টেগলাইন সম্পাদনা কৰক

  • নিয়তিৰ সৈতে সংঘৰ্ষ।
  • পৃথিৱীৰ একোৱেই সিহঁতৰ মাজত আহিব নোৱাৰে।

উৎস সম্পাদনা কৰক