ডক্টৰ ষ্ট্ৰেইঞ্জ (চলচ্চিত্ৰ)

ডক্টৰ ষ্ট্ৰেইঞ্জ (ইংৰাজী: Doctor Strange) হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ছুপাৰহিৰ’ চলচ্চিত্ৰ। চলচ্চিত্ৰখনত ডক্টৰ ষ্ট্ৰেইঞ্জৰ চৰিত্ৰত অভিনয় কৰিছে বেনেডিক্ট কাম্বাৰবেট্‌ছে। ডক্টৰ ষ্ট্ৰেইঞ্জ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ (MCU) চতুৰ্দশখন চলচ্চিত্ৰ।

সংলাপসমূহ সম্পাদনা কৰক

ড° ষ্টিফেন ষ্ট্ৰেইঞ্জ সম্পাদনা কৰক

  • চক্ৰ বা শক্তি বা বিশ্বাসৰ শক্তিৰ বিষয়ে থকা সাধুকথাত মই বিশ্বাস নকৰো।
  • আত্মা বুলি কোনো কথা নাই। আমি পদাৰ্থৰে গঠিত আৰু ইয়াতকৈ বেছি একোৱেই নহয়। ই মাথোঁ এখন উদাসীন বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত আন এটা ক্ষুদ্ৰ ক্ষণিক কণিকা।
  • দৰমামু, ম‌ই বন্দৱস্ত কৰিবলৈ আহিছোঁ।

দ্য এনচিয়েণ্ট ওৱান সম্পাদনা কৰক

  • অহংকাৰ আৰু ভয়ে এতিয়াও তোমাক সকলোতকৈ সহজ আৰু উল্লেখযোগ্য পাঠটো শিকিবলৈ বাধা দিয়ে।
  • আমি আমাৰ সময় বাছি ল’বলৈ নাপাওঁ।
  • তুমি এজন চাবিৰ ফুটাৰে পৃথিৱীখন চাই থকা মানুহ, আৰু সেই চাবিৰ ফুটাটো বহল কৰিবলৈ তুমি গোটেই জীৱনটো পাৰ কৰিছা৷
  • আমি কেতিয়াও আমাৰ দানৱবোৰ হেৰুৱাই পেলোৱা নাই ম’ৰ্ড’। আমি কেৱল সিহঁতৰ ওপৰত জীয়াই থাকিবলৈ শিকিছোঁ।
  • কেতিয়াবা বৃহত্তৰ মংগলাৰ্থে সেৱা আগবঢ়াবলৈ নিয়ম ভংগ কৰিব লাগিব।
  • আমি আমাৰ সময় বাছি ল’বলৈ নাপাওঁ। মৃত্যুৱেই জীৱনক অৰ্থ প্ৰদান কৰে। জানিবলৈ তোমাৰ দিনবোৰ গণনা কৰা হৈছে। তোমাৰ সময় কম। তুমি ভাবিবা ইমান সময়ৰ পিছত মই সাজু হৈ যাম। কিন্তু মোলৈ চোৱা। এটা মুহূৰ্ত এহাজাৰলৈ প্ৰসাৰিত কৰি আছো... কেৱল যাতে মই বৰফখিনি চাব পাৰো।
  • অস্তিত্বৰ মূলতে মন আৰু পদাৰ্থৰ মিলন ঘটে। চিন্তাই বাস্তৱক গঢ় দিয়ে।
  • এই বিশ্বব্ৰহ্মাণ্ডখন অসীম সংখ্যাৰ ভিতৰত এখনহে। অন্তহীন জগতবোৰ। কিছুমান উপকাৰী আৰু জীৱনদায়ক। আন কিছুমান কু-অভিপ্ৰায় আৰু ভোকত ভৰি পৰিল। অন্ধকাৰ ঠাই য’ত সময়তকৈ পুৰণি শক্তিবোৰে লুকাই আছে... আৰু অপেক্ষা কৰি আছে। এই বিশাল বহুবিশ্বত তুমি কোন, মিষ্টাৰ ষ্ট্ৰেইঞ্জ?

ক্ৰিষ্টিন সম্পাদনা কৰক

  • আন কিছুমান বস্তুৱো আছে যিয়ে তোমাৰ জীৱনক অৰ্থ দিব পাৰে।

ম’ৰ্ড’ সম্পাদনা কৰক

  • আপুনি জানে বুলি ভবা সকলো কথা পাহৰি যাওক।
  • এনেকৈ যুঁজ দিয়ক যেন নিজৰ জীৱনটো ইয়াৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছে। কাৰণ এদিন এনেকুৱাও হ’ব পাৰে।

ৱং সম্পাদনা কৰক

  • বিজ্ঞতাৰে নিজৰ অস্ত্ৰ বাছি লওক।
  • ৰহস্যবাদী কলাৰ বাবে আপোনাৰ হয়তো এটা উপহাৰ থাকিব পাৰে, কিন্তু এতিয়াও আপোনাৰ বহুত শিকিবলগীয়া আছে।

কথোপকথন সম্পাদনা কৰক

টেগলাইন সম্পাদনা কৰক

  • আপোনাৰ মনটো প্ৰসাৰিত কৰক।
  • মনটো খোলক। নিজৰ বাস্তৱতা সলনি কৰক।
  • বাস্তৱক প্ৰশ্ন কৰক। নিজৰ ভাগ্য সলনি কৰক।
  • অসম্ভাৱিতাবোৰ অন্তহীন।

বাহ্যিক সংযোগ সম্পাদনা কৰক