জীৱনৰ বাটে বাটে অসমীয়া ভাষাত বিপিনপাল দাসে ৰচনা কৰা এখন গ্ৰন্থ।

উদ্ধৃতি সমুহ

সম্পাদনা কৰক
  1. অকল বিদ্যা লাভ কৰাটোৱেই শিক্ষাৰ এক মাত্ৰ উদ্দেশ্য নহয়। নিজৰ জাতিটো, নিজৰ সমাজ খন চিনি পাব পৰাটোও শিক্ষাৰ অন্যতম মূল লক্ষ্য। সমাজখনৰ পৰা সাংস্কৃতিকভাৱে, মানসিকভাৱে আৰু আধ্যাত্মিকভাৱে বিচ্ছিন্ন হৈ লাভ কৰা উচ্চ শিক্ষাৰ কোনো মূল্য নাই বুলি মই ভাবো।[]
  2. ছাত্ৰই ৰাজনীতিত অংশ লোৱাত মই বাধা দিবলৈ নিবিচাৰো, কিন্তু দলীয় ৰাজনীতি শিক্ষানুস্থানত প্ৰৱেশ কৰাটো মুঠেই সমৰ্থন নকৰো।[]
  3. যদি সততা আৰু কৰ্মদক্ষতাৰ মাজত যিকোনো এটা বাছিলবলগীয়া হয় তেতিয়া মই সদায় সততাৰ পক্ষেহে ভোট দিম।[]
  4. নীতি আৰু কাৰ্য্যসূচীৰ ওপৰত ভিত্তি কৰি আদৰ্শৰ মিল থকা দলৰ লগত মৰ্চা গঠন কৰা সমৰ্থন যোগ্য। কিন্তু অকল শাসকসকলক গাদীচ্যুত কৰিবলৈ নীতি-আদৰ্শ বাদ দি যাৰে-তাৰে লগত হাত মিলাবলৈ যোৱাটো বা সেইদৰে প্ৰতক্ষ বা পৰোক্ষভাবে যাৰে-তাৰে সমৰ্থন লৈ ক্ষমতাৰ গাদীত বহিবলৈ যোৱাটো নৈতিকতাহীন ৰাজনীতি বুলি মই ভাবো।[]
  5. বেছিভাগ ৰাজনৈতিক নেতাক দুৰ্নীতিলৈ ঠেলি দিয়ে এফালে নিজৰ পৰিয়ালে আৰু আনফালে তেওঁৰ ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু ব্যক্তিগত সেৱাত নিয়োজিত বিষয়াবৰ্গই। এই দুটাৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিলে এজন ৰাজনৈতিক নেতা সহজে দূৰ্নীতিৰ কবলত নপৰে।[]
  6. নীতিৰ দ্বাৰা পৰিচালিত ন্যায়নিষ্ঠ,নিৰপেক্ষ কামবিলাকৰ ফল সদায় মিঠা আৰু সৰ্বজনপ্ৰিয়।[]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. বিপিনপাল দাস। জীৱনৰ বাটে বাটে। মিডিয়াহাইপ পানবজাৰ,গুৱাহাটী-১, পৃষ্ঠা:১২।
  2. বিপিনপাল দাস। জীৱনৰ বাটে বাটে। মিডিয়াহাইপ পানবজাৰ,গুৱাহাটী-১, পৃষ্ঠা:১১৮।
  3. বিপিনপাল দাস। জীৱনৰ বাটে বাটে। মিডিয়াহাইপ পানবজাৰ,গুৱাহাটী-১, পৃষ্ঠা:৩০৮।
  4. বিপিনপাল দাস। জীৱনৰ বাটে বাটে। মিডিয়াহাইপ পানবজাৰ,গুৱাহাটী-১, পৃষ্ঠা:৯৭।
  5. বিপিনপাল দাস। জীৱনৰ বাটে বাটে। মিডিয়াহাইপ পানবজাৰ,গুৱাহাটী-১, পৃষ্ঠা:১৮৪।
  6. বিপিনপাল দাস। জীৱনৰ বাটে বাটে। মিডিয়াহাইপ পানবজাৰ,গুৱাহাটী-১, পৃষ্ঠা:১১২।