চেমুৱেল স্মাইলছ্

চেমুৱেল স্মাইলছ (ইংৰাজী: Samuel Smiles) আছিল এজন স্কটিছ লেখক আৰু চৰকাৰী সংস্কাৰক।

উদ্ধৃতি সম্পাদনা কৰক

  • মানুহে সাফল্যৰ জৰিয়তে সফল হয় বুলি ভবাটো ভুল। বেছিভাগ সময়তে বিফলতাৰ পৰাহে সাফল্য আহে। বিফলতাই যি শিকায়; অনুশাসন, অধ্যয়ন, উপদেশ আৰু উদাহৰণে কেতিয়াও সেই শিক্ষা দিব নোৱাৰিলেহেঁতেন।
  • আত্মসন্মানে এজন লোকক দৃঢ়ভাবে থিয় দিবলৈ, আগলৈ চাবলৈ, নিজৰ বুদ্ধিৰ বিকাশ ঘটাবলৈ আৰু আপোন অৱস্থাৰ উন্নতি শাধিবলৈ উদ্গনি দিয়ে। আত্মসন্মানবোধেই হ’ল, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৱিত্ৰতা, শ্ৰদ্ধা, সততা, সংযম আদি সৰহভাগ সদগুণৰ মূল।[১]
  • এটা সুখী জীৱন যাপন কৰিবলৈ জীৱন-যাপনৰ কলা আয়ত্ত কৰা অতি প্ৰয়োজনীয় হৈ পৰে। কবিতা আৰু চিত্ৰকলাৰ নিচিনাকৈয়ে জীৱন-যাপনৰ কলাও ঘাইকৈ প্ৰকৃতিৰ দান। কিন্তু সকলো মানুহেই ইয়াৰ অনুশীলন কৰি উৎকৰ্ষ সাধন কৰিব পাৰে। সেই কাম কৰিবলৈ পিতৃ-মাতৃ আৰু শিক্ষকে দিহা-পৰামৰ্শ দি ল’ৰা-ছোৱালীক সহায় কৰিব পাৰে; কিন্তু তাৰ চৰম বিকাশ সম্ভৱ হয় নিজৰ চেষ্টাৰ দ্বাৰাহে। জীৱন-যাপনৰ কলা শিকিবলৈ প্ৰখৰ বুদ্ধিমত্তাৰ প্ৰয়োজন। বুদ্ধি অবিহনে ইয়াক শিকিব নোৱাৰি।[২]
  • সুখ এটা দুষ্প্ৰাপ্য আৰু মহা-মূল্যৱান মুক্তাৰ নিচিনা বস্তু নহয়। সুখৰ সন্ধান অথলে যায় বুলি ক'ব নোৱাৰি। সুখ হ'ল অতি সৰু সৰু সহজলভ্য মুক্তাৰ সমষ্টি। বহুতো মুক্তা লগ লাগি এধাৰ মালা হোৱাৰ নিচিনাকৈ ক্ষুদ্ৰ সুখবোৰ লগ লাগি এক বিশাল আৰু আনন্দময় সুখত পৰিণত হয়। জীৱনৰ দীঘল বাটৰ দুয়োকাষে সিঁচৰতি হৈ থকা এই সৰু সৰু সুখবোৰলৈ আমি চকু নিদিবও পাৰোঁ। জীৱনৰ সাধাৰণ কৰ্তব্যবোৰ নিষ্ঠাৰে আৰু সন্মানজনকভাৱে পালন কৰিলেই এজন মানুহ জীৱনত যথেষ্ট সুখৰ গৰাকী হ'ব পাৰে।[২]
  • ধন-সম্পত্তিয়ে মানুহক জীয়াই থকাৰ আনন্দ বা উৎসাহ-উদ্দীপনা দিব নোৱাৰে। সেইটো দিব পাৰে সুৰুচি, সংস্কৃতি, ভাল বস্তু উপভোগ কৰাৰ ক্ষমতা আৰু চিন্তা কৰাৰ ক্ষমতাই।[২]

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩২, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  2. ২.০ ২.১ ২.২ ছেমুৱেল স্মাইলছ্ (২০০৩)। জীৱন-যাপনৰ কলা। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা:৯১-১০২। ISBN: 81-7665-183-4