চিত্ৰজিৎ শইকীয়া

চিত্ৰজিৎ শইকীয়া (জন্ম-১৯৮২) অসমৰ এগৰাকী সাহিত্যিক, সমালোচক, অধ্যাপক। মূলতঃ অসমীয়া সমালোচনা সাহিত্যৰ লগত জড়িত৷ তেখেত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ [] সাতসৰী, প্ৰকাশ, গৰীয়সীৰ লগতে অসমৰ ভালেমান বাতৰি কাকতত তেওঁ প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে কেইবাখনো গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰিছে৷

  1. সামগ্ৰিকভাবে সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ বৈচিত্ৰ্যপূৰ্ণ আৰু ইয়াৰ পৰিসৰ অত্যন্ত ব্যাপক। মানুহৰ বাহ্যিক আচৰণ আৰু ক্ৰিয়াকলাপৰ সমান্তৰালকৈ চলিহাই আভ্যন্তৰীণ জগতখনকো নিৰীক্ষণ কৰিছে।[]
  2. মামণি ৰয়ছম গোস্বামীৰ জীৱন আছিল বৈচিত্ৰ্যময়। প্ৰাপ্তি-অপ্ৰাপ্তিৰে ভৰা। কৰ্ম, সাধনা আৰু শ্ৰমেৰে এক ব্যস্তময় জীৱন। তাৰ মাজতো স্বদেশ আৰু স্বজাতিৰ চিন্তা। অসমৰ অন্যতম সমস্যাস্বৰূপ আলফা আৰু চৰকাৰৰ মধ্যস্থতাকাৰীৰূপেও ভূমিকা গ্ৰহণ। নিজৰ মাটি আৰু পুৰস্কাৰৰ বৃহৎ ধনৰাশিৰে দক্ষিণ কামৰূপত হস্পিটেল নিৰ্মাণ। তথাপি মানুহগৰাকীয়ে জীৱনকালত বদনামৰপৰা হাত সাৰিব পৰা নাছিল। বহুতে চৰিত্ৰ সম্পৰ্কেও সন্দেহৰ আঙুলি তুলিছিল। ঠিক ভূপেন হাজৰিকাৰ দৰে।[]
  3. মহেন্দ্ৰ বৰঠাকুৰৰ গল্প সহজ-সৰল। বাস্তৱ জগতখনৰ লগত জড়িত চিনাকি বিষয়বোৰেই তেওঁৰ গল্পৰ মূল উপজীব্য। পৰিচিত যেন লগা সূক্ষ্ম সূক্ষ্ম বিষয়বস্তুৰ মাজেৰে গল্পকাৰে কৌশলেৰে তথা দক্ষতাৰে একো একোটা গভীৰ চিন্তাৰ প্ৰতিফলন ঘটাইছে। লেখকৰ মননশীল চিন্তা-চেতনা বহন কৰিব পৰাকৈ তেওঁৰ প্ৰতিটো গল্পই সক্ষম।[]
  4. অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, স্বৰাজোত্তৰ কালছোৱাতে অসমীয়া উপন্যাস সাহিত্যৰ আশানুৰূপ বিকাশ সাধন হৈছিল। এই কালছোৱাতে অসমীয়া উপন্যাসৰ বিষয়বস্তুলৈ অভিনৱত্ব আহিবলৈ ধৰে যাৰ ফলত বিষয়বস্তু অনুযায়ী অসমীয়া সাহিত্যত বিবিধ প্ৰকাৰৰ উপন্যাসৰ সৃষ্টি হ'বলৈ ধৰে। আংগিকৰ পৰীক্ষা-নিৰীক্ষা, ঔপন্যাসিকসকলৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন, সমকালীন পৰিৱৰ্তনশীল সমাজৰ প্ৰভাৱ তথা বিশ্বসাহিত্যলৈ অহা নতুনত্বই অসমীয়া উপন্যাসক নতুন গতি প্ৰদান কৰিবলৈ ধৰে। এনে কাৰণতে উপন্যাসৰ অন্যান্য শাখাৰ দৰে অসমীয়া সাহিত্যত মনস্তাত্ত্বিক উপন্যাসে ভুমুকি মাৰে।[]
  5. অম্বিকাগিৰী ৰায়চৌধুৰীৰ বৰণীয় সাহিত্যিক সত্তাটো আচ্ছন্ন হৈ আছিল বহুমুখী প্ৰতিভাৰে। তেওঁ একাধাৰে আছিল এজন কবি, নাট্যকাৰ, সাংবাদিক, সংগীতজ্ঞ, অভিনেতা, সমাজ সংস্কাৰক তথা ৰাজনৈতিক কৰ্মী। তথাপি অসমীয়া সাহিত্য জগতত তেওঁ মূলতঃ কবি আৰু গীতিকাৰ ৰূপেহে প্ৰখ্যাত।[]
  6. ৰায়চৌধুৰীৰ কবিতাত প্ৰধানতঃ দেশপ্ৰেম তথা জাতীয়তাবাদৰ সুৰ আৰু ৰহস্যবাদ বা অতীন্দ্ৰিয়তাবাদী সুৰ ধ্বনিত হৈছে। স্বকীয় ছন্দ কুশলতা আৰু স্পষ্ট ভাৱ প্ৰকাশক শব্দ প্ৰয়োগে তেওঁৰ কবিতাক বিশেষ মাত্ৰা প্ৰদান কৰিছে। আনহাতে ৰায়চৌধুৰীৰ গীতত কথা আৰু সুৰৰ অপূৰ্ব সমাহাৰ পৰিলক্ষিত হয়। একেদৰে ৰায়চৌধুৰীৰ গদ্যৰীতি গুৰু-গম্ভীৰ। ওজঃ গুণসম্পন্ন ভাষাৰ প্ৰয়োগ তেওঁৰ গদ্যৰ অন্যতম বিশেষত্ব।[]

তথ্যসূত্ৰ

সম্পাদনা কৰক