উপেন্দ্ৰনাথ গোস্বামী

অসমীয়া লেখক, গৱেষক

উপেন্দ্ৰনাথ গোস্বামী (জন্ম: ১৯২৩ — মৃত্যু: ২০০০) হৈছে ভাষাবিদ, অধ্যাপক, অনুবাদক আৰু অভিধান প্ৰণেতা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰা গোস্বামীদেৱে ভাৰত ত্যাগ আন্দোলনতো অংশ লৈছিল। ‘ভাষাবিজ্ঞান’, ‘অসমীয়া ভাষাৰ ব্যাকৰণ’, ‘অসমীয়া ভাষা আৰু উপভাষা’, ‘অসমীয়া লিপি’, ‘অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ’ ইত্যাদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ৷

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  • সংস্কৃত 'ভাষ্‌' ধাতুৰ পৰা সৃষ্টি হোৱা 'ভাষা' শব্দৰ উৎপত্তিৰ অৰ্থ 'ব্যক্ত বাণী'।[১]
  • কোনো বিপদ উপস্থিত হ'লে হৰিণা আৰু কিছুমান জন্তুৱে চিঞৰি চিঞৰি আনবোৰক বিপদৰ আগ-জাননি দিয়ে। মৌ-মাখীবোৰে এক বিশেষ ধৰণৰ গতিৰ (নাচ) দ্বাৰা ইটোৱে সিটোক মৌ থকা ঠাইৰ সম্ভেদ জনায়। জীৱ-জন্তুবোৰৰ মনোভাৱৰ প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা মাত বা গতিৰ কিন্তু কোনো নতুনত্ব দেখা নাযায়৷ চিৰকাল সিহঁতে একেধৰণে মনোভাৱ ব্যক্ত কৰি আহিছে৷ দুই-এবিধ জন্তু বা চৰায়ে কোনো এবিধ শিকোৱা কথা বা কাম হুবহু ক'ব নাইবা কৰিবও পাৰে৷ কিন্তু সিহঁতে শিকোৱা কথাকেইটাৰ বাহিৰে আন কোনো কথা নিজৰ পিনৰ পৰা উদ্ভাৱন কৰি প্ৰকাশ কৰিব নোৱাৰে৷ মানুহে হ'লে বিৱিধ ধৰণৰ অসংখ্য ধ্বনি মুখেৰে উচ্চাৰণ কৰি সেইবোৰৰ সংযোগৰ দ্বাৰা নতুন নতুন ৰূপত মনোভাৱ ব্যক্ত কৰিব পাৰে।[২]
  • মানুহে উচ্চাৰণ কৰা ধ্বনিবোৰৰ অৱশ্যে নিজৰ কোনো অৰ্থ নাই।সেই ধ্বনিবোৰৰ কোনো ধ্বনি ব ধ্বনিৰ সংযোগে কোনো এটা বস্তুৰ প্ৰতীকৰূপে কাম কৰে।এনেদৰে উচ্চাৰণ কৰা ধ্বনিৰ প্ৰতীকৰ সহায়েৰে ভাৱৰ প্ৰকাশৰ নাম ভাষা।[২]
  • বাঁহী এটা মুখেৰে ফুৱাই অৰ্থাৎ বাঁহীটোৰ ভিতৰত বতাহ সুমুৱাই দি বেলেগ বেলেগ বিন্ধাবোৰত বিৱিধধৰণে সেই বতাহক বাধা দিলে যিদৰে বিৱিধ মাত ওলায়,সেইদৰে মানুহৰ হাওঁফাওঁৰ পৰা ওপৰলৈ অহা বতাহক মুখ আৰু নাকেদি ওলাই যাওঁতে কেইবাঠাইতো বাধা দিয়াৰ ফলস্বৰূপে বিৱিধ ধ্বনিৰ সৃষ্টি হয়।[৩]
  • প্ৰকৃতপক্ষে ব্যাকৰণ-ৰচনাৰ দ্বাৰা কোনো এটা ভাষাৰ গঠন-প্ৰণালীটোক তন্ন তন্নকৈ দেখুৱাই দিয়া হয়।ব্যাকৰণ-শিক্ষাও এক প্ৰকাৰৰ খেল।গতিকে যিটো কথাক ভাষাটোৰ গঠনৰ পিনৰ পৰা দেখুৱাই দিব নোৱাৰি বা যিটো কথাৰ কোনো স্পষ্ট অৰ্থ বুজাত অসুবিধা হয়,তেনে ধৰণৰ কথাই ব্যাকৰণত ঠাই পোৱা যুগুত নহয়।[৪]

লগতে চাওক

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক