উচ্চাকাংক্ষা (গ্ৰন্থ)

অসমীয়া প্ৰবন্ধ সংকলন

উচ্চাকাংক্ষা (ইংৰাজী: Ussakansya) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই উচ্চাকাংক্ষা প্ৰবন্ধ সংকলনখন ১৯৯৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ কৰে ষ্টুডেণ্টচ্ ষ্ট’ৰচ্‌ প্ৰকাশনে।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. প্ৰত্যেক মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত এটা নহয়—দুটা। প্ৰথমটো লক্ষ্য হ’ল নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচিৰ লগত সঙ্গতি ৰাখি এখন কৰ্মক্ষেত্ৰ বাছি লৈ তাত কৃতকাৰ্য হ’বলৈ চেষ্টা কৰা। দ্বিতীয়টো লক্ষ্য হ’ল নিজৰ সুকুমাৰ হৃদয়-বৃত্তি আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনত সুখ, শান্তি আৰু আনন্দ পাবলৈ চেষ্টা কৰা। আমাৰ যেনেকৈ খোজ কাঢ়িবলৈ দুখন ভৰি, কাম কৰিবলৈ দুখন হাত, চাবলৈ দুটা চকু আৰু শুনিবলৈ দুখন কাণ আছে, চিন্তা কৰিবলৈ মগজ আৰু অনুভৱ কৰিবলৈ হৃদয় আছে, ঠিক তেনেকৈ জীৱনটো সৰ্বাঙ্গসুন্দৰ কৰিবলৈকো আমাৰ দুটা লক্ষ্য থকা উচিত।
  2. ‘সকলো মানুহেই যে সত্যবাদী আৰু ন্যায়পৰায়ণ নহয় সেই কথা মোৰ ল’ৰাটোৱে জানিব লাগিব। সেই কথা মই জানো। কিন্তু আপুনি মোৰ ল’ৰাটোক এই কথাও জনাব লাগিব যে এই পৃথিৱীত যিমান দগাবাজ আছে সিমান ভাল মানুহো আছে; যিমান স্বাৰ্থপৰ ৰাজনীতিক আছে— ঠিক সিমানেই আছে মানুহৰ সেৱাত নিজকে উছৰ্গা কৰা নেতা।
     ‘আপুনি তাক এই কথা শিকাব লাগিব যে প্ৰত্যেক মানুহৰ এজন যদি শত্ৰু আছে, ঠিক তেনেকৈ তেওঁৰ এজন বন্ধুও আছে। যদি পাৰে, তেন্তে আপুনি তাক আৰু এটা কথা শিকাব। সেই কথাটো তাৰ মনত দলৈকে সোমোৱাই দিবলৈ কিছু সময় লাগিব, সেই কথা মই জানো। কিন্তু আপুনি চেষ্টা নকৰাকৈ নাথাকিব। আপুনি তাক এই শিক্ষা দিব যে হেৰাই-পোৱা বা বক্‌চিচ্ হিচাপে পোৱা পাঁচটা ডলাৰতকৈ নিজে কষ্ট কৰি আৰ্জন কৰা এটা ডলাৰৰ মূল্য বহুত বেছি।
     ‘আপুনি তাক হেৰুৱাবলৈ আৰু হাৰিবলৈ শিক্ষা দিব; লগতে জয়ৰ আনন্দ উপভোগ কৰিবলৈ শিকাবলৈকো নাপাহৰিব।
     ‘যদি পাৰে, খিয়াল আৰু কুচুট-কপট আদি কু-প্ৰবৃত্তিবোৰৰ পৰা তাৰ মনটোক মুক্ত কৰিবলৈ আপুনি চেষ্টা কৰিব। মানুহৰ মুখত সন্তোষৰ নীৰৱ হাঁহি বিৰিঙি উঠাৰ ৰহস্য কি, সেই কথা আপুনি তাক শিকাব। যদি পাৰে, আপুনি তাক কিতাপৰ বিস্ময়ৰ আভাস দিবলৈ চেষ্টা কৰিব। কিন্তু সি যাতে মাজে-সময়ে নিৰলে আকাশত উৰিফুৰা চৰাইবোৰৰ, ৰ’দত উমলি ফুৰা মৌমাখিবোৰৰ আৰু সেউজীয়া পাহাৰত জকমকাই ফুলি থকা ফুলবোৰৰ অনন্ত ৰহস্যৰ ধ্যান কৰিব পাৰে তাৰ কাৰণেও তাক অলপ সময় দিব।
     ‘পঢ়াশালিত তাক এই শিক্ষা দিব যে প্ৰতাৰণা কৰাতকৈ অকৃতকাৰ্য হোৱাটো বেছি সন্মানজনক। সি নিজে যিবোৰ কথা চিন্তা কৰে বা সত্য বুলি ভাবে সেইবোৰক বিশ্বাস কৰিবলৈ তাক শিক্ষা দিব; তাক এই শিক্ষাও দিব যে আন সকলোৱে তাৰ কথা ভুল বুলি ক’লেও সি যেন সহজে বিচলিত নহয়। ভদ্ৰ মানুহৰ লগত ভদ্ৰ হ’বলৈ আৰু অভদ্ৰৰ প্ৰতি কঠোৰ হ’বলৈ তাক শিক্ষা দিব।
     ‘আনৰ প্ৰচাৰত ভোল গৈ জুম বান্ধি চিঞৰ-বাখৰ কৰা মানুহক অনুসৰণ নকৰিবলৈ আপুনি মোৰ ল’ৰাটোক মনোবল দিব লাগিব। সকলো মানুহৰ কথা মনোযোগ দি শুনিবলৈ আপুনি তাক শিক্ষা দিব; কিন্তু লগতে তাক এই শিক্ষাও দিব যাতে সি শুনা কথাবোৰ সত্যৰ চালনিৰে ভালকৈ চালি-জাৰি চাই কেৱল মঙ্গলজনক কথাবোৰহে গ্ৰহণ কৰিব পাৰে৷
     ‘যদি পাৰে, বিষাদে তাক গ্ৰাস কৰি ধৰাৰ সময়তো তাক হাঁহিবলৈ শিকাব; তাক এই কথাও শিকাব যে কান্দিবলৈ মানুহে লাজ কৰিব নালাগে।
     ‘নিন্দুকক নিন্দা কৰিবলৈ আৰু ছলাহী কথাত ভোল নাযাবলৈ তাক শিক্ষা দিব। আটাইতকৈ বেছি দাম দিব খোজাজনক তাৰ শৰীৰৰ আৰু মগজৰ শক্তি বিক্ৰী কৰিবলৈ তাক শিক্ষা দিব; কিন্তু লগতে তাক এই শিক্ষাও দিব যাতে সি কেতিয়াও তাৰ হৃদয় আৰু আত্মা বিক্ৰী কৰিবলৈ ৰাজী নহয়।
     ‘উন্মত্ত জনতাৰ নিন্দাবাদক উপেক্ষা কৰি নিজৰ মতত অটল হৈ থাকিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপুনি তাক শিক্ষা দিব। তাক আপুনি মৰম কৰিব; কিন্তু সেই বুলি তাক প্ৰশ্ৰয় নিদিব। এই কথা মনত ৰাখিব যে জুইত লোহা ভালকৈ গলোৱাৰ পিছতহে সি তীখাত পৰিণত হয়। আপুনি তাক এই শিক্ষা দিব যে ধৈৰ্য নেহেৰুৱাবলৈ সাহস লাগে আৰু সাহসী হ’বলৈ ধৈৰ্য লাগে। নিজকে পৰিপূৰ্ণভাৱে বিশ্বাস কৰিবলৈ আপুনি তাক শিক্ষা দিব, কাৰণ কেৱল তেতিয়াহে সি মানৱজাতিকো পৰিপূৰ্ণভাৱে বিশ্বাস কৰিব পাৰিব।
     ‘আপোনাক মই এটা বিৰাট দায়িত্ব দিলো। কিমানখিনি কৰিবলৈ আপোনাৰ শক্তিয়ে কুলায় সেই কথা আপুনিহে জানিব। আপুনি চেষ্টা কৰিব … … সিযে ইমান ভাল এটা অকণমানি ল’ৰা, মোৰ পুত্ৰটি!’[] — আব্ৰাহাম লিংকন
  3. তুমি পাহৰি গৈছা যে আমি এইখন দেশত আলহী মাত্ৰ; কিন্তু এই ক’লা মৌ-মাখিটো এই দেশৰ স্থায়ী অধিবাসী তথা নাগৰিক। মৌ-মাখিটো হ’ল গৃহস্থ আৰু আমি হ’লোঁ আলহী। আলহীয়ে গৃহস্থৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে; কিন্তু তাৰ পৰিৱৰ্তে তুমি আলহীজন উদ্যত হৈছা গৃহস্থক হত্যা কৰিবলৈ![] — স্বোৱেইজাৰ
  4. পৰিশ্ৰমৰ প্ৰতি গভীৰ আৰু আন্তৰিক অনুৰাগ নাথাকিলে কোনো মানুহেই এই সংসাৰত উন্নতি কৰিব নোৱাৰে।
  5. যেতিয়াই দুখত বা বিপদত পৰ, তেতিয়া এটা কথা মনত পেলাবি যে দুখ বা বিপদ কেৱল তোলৈকে অহা নাই। তোতকৈ বহুত বেছি দুৰ্ভগীয়া কোটি কোটি মানুহ আছে - যিবোৰে দুখৰ সাগৰত ককবকাই পাৰ পোৱা নাই। সিহঁতৰ দুখৰ লগত নিজৰ দুখ ৰিজাই চালেই তই নিজকে খুব ভাগ্যৱান বুলি ভাবিব পাৰিবি আৰু মনত শান্তি পাবি। কেৱল নিজৰ দুখৰ কথাকে চিন্তা কৰি থকাটো পাপ। লোকৰ দুখ - কষ্ট দেখিও তাক দূৰ কৰিবলৈ চেষ্টা  নকৰাটো আৰু বেছি ডাঙৰ পাপ। ৩.শিষ্টাচাৰৰ আচল পৰিচয় ফুটি উঠে উচ্চ স্থানত থকা মানুহে তেওঁতকৈ তলৰ স্থানত থকা মানুহৰ প্ৰতি দেখুওৱা আচৰণৰ যোগেদি।
  6. গভীৰ জ্ঞানৰ কথা কেৱল মানুহৰ মগজুৰ পৰা নোলায়, হৃদয়ৰ পৰাও জ্ঞানৰ কথা ওলাব পাৰে। হৃদয়ৰ জ্ঞানৰ তুলনাত আন সকলো জ্ঞানকে তুচ্ছ বুলি ভাবিবলৈ নিশিকিলে আমি জীৱনৰ আচল অৰ্থ কেতিয়াও বুজিব নোৱাৰিম।
  7. মানুহৰ জীৱনৰ লক্ষ্য যিমানেই ডাঙৰ হয়, সিমানেই কঠোৰ আৰু দীঘলীয়া হয় তেওঁৰ পৰিশ্ৰম। ঘাঁহ যিমান সোনকালে বাঢ়ে সিমান সোনকালে মৰে।  এজোপা বৰগছ বা আঁহত গছৰ চৰম বৃদ্ধি হ'বলৈ বহুবছৰ লাগে; কিন্তু সি জীয়াইয়ো থাকে বহুবছৰ।
  8. মানুহে যদি কাকো ভাল পাব নোৱাৰে বা কাকো ঘৃণা কৰিব নোৱাৰে, কাকো শ্ৰদ্ধা কৰিব নোৱাৰে বা কাকো নিন্দা কৰিব নোৱাৰে, তেন্তে মানুহৰ হৃদয় বোলা বস্তুটোৰ গঠন আৰু বিকাশ হ'ব নোৱাৰে।
  9. প্ৰত্যেক মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত এটা নহয় - দুটা। প্ৰথমটো লক্ষ্য হ'ল নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচিৰ লগত সংগতি ৰাখি এখন কৰ্মক্ষেত্ৰ বাছি লৈ তাত কৃতকাৰ্য হ'বলৈ চেষ্টা কৰা। দ্বিতীয়টো লক্ষ্য হ'ল নিজৰ সুকুমাৰ হৃদয় - বৃত্তি আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনত সুখ, শান্তি আৰু আনন্দ পাবলৈ চেষ্টা কৰা।
  10. যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে।
  1. বৰগোহাঞি, হোমেন (1999)। উচ্চাকাংক্ষা। গুৱাহাটী। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্। আহৰণ কৰা হৈছে: 4 june 2020।
  2. উচ্চাকাংক্ষা 2011, পৃষ্ঠা. 22-24.
  3. উচ্চাকাংক্ষা 2011, পৃষ্ঠা. 72.

গ্ৰন্থপঞ্জী

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: