উইল ডুৰাণ্ট
উইলিয়াম জেমছ ডুৰাণ্ট (ইংৰাজী: William James Durant; ৫ নৱেম্বৰ, ১৮৮৫ – ৭ নৱেম্বৰ, ১৯৮১) এজন আমেৰিকান লেখক, ইতিহাসবিদ আৰু দাৰ্শনিক আছিল। তেওঁ নিজৰ পত্নী এৰিয়েল ডুৰাণ্টৰ সহযোগত ৰচনা কৰা আৰু ১৯৩৫ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত প্ৰকাশিত “দ্য ষ্টৰী অৱ চিভিলাইজেচন” নামৰ ৰচনা বাবে সৰ্বাধিক পৰিচিত হয়। ইয়াৰ আগতে তেওঁ দৰ্শনৰ কাহিনীৰ (১৯২৬) বাবে জনাজাত আছিল, যাক “দৰ্শনক জনপ্ৰিয় কৰাত সহায় কৰা এক গুৰুত্বপূৰ্ণ কৰ্ম” বুলি অভিহিত কৰা হৈছিল।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- ৬০ বছৰৰ আগতে মই সকলো কথা জানিছিলোঁ; এতিয়া মই একো কথাই নাজানো। শিক্ষাই ক্ৰমাগতভাৱে আমাৰ অজ্ঞতা আৱিষ্কাৰ কৰি গৈ থাকে।[১]
- মই যদি ধনী মানুহ হ’লোঁহেঁতেন তেন্তে মই বহুত কিতাপ কিনি মোৰ নিজৰ কাৰণে এটা বহুত ডাঙৰ পুথভঁৰাল কৰিলোঁহেঁতেন৷ কিতাপবোৰ মই ইমান ধুনীয়াকৈ বন্ধাই ল’লোঁহেঁতেন, যাতে সিহঁতৰ চেহেৰা দেখিয়েই মোৰ চকুত আনন্দৰ জেউতি বিৰিঙি উঠে আৰু সিহঁতক চুয়ো ভাল লাগে৷ কিতাপবোৰৰ কাগজ হ’লহেঁতেন দামী, আৰু আখৰবোৰ সহজে পঢ়িব পৰাকৈ ডাঙৰ৷ কিতাপবোৰেই মোৰ দেৱতা৷ সেই দেৱতাসকলক মই পিন্ধালোঁহেঁতেন সোণ-চৰোৱা দামী চমৰাৰ সাজ৷ মই ৰাতি কিতাপবোৰৰ সম্মুখত শাৰী শাৰী মমবাতি জ্বলালোঁহেঁতেন আৰু সিহঁতৰ নাম জপ কৰিলোঁহেঁতেন ৰুদ্ৰাক্ষৰ মালাৰ দৰে৷ মই মোৰ পুথিভঁৰালটো আন্ধাৰ শীতল আৰু আহল-বহল কৰি ল’লোঁহেঁতেন, বাহিৰৰ অবাঞ্ছিত শব্দ আৰু দৃশ্য তাত প্ৰৱেশ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিলোঁহেঁতেন৷ কোঠাটোত থাকিলহেঁতেন কেইবাখনো আৰামদায়ক চকী- যাতে চকীকেইখন দেখিলেই তাত বহি চিন্তা কৰিবলৈ আৰু ধ্যান কৰিবলৈ মন যায়৷ পুথিভঁৰালটোৰ বিভিন্ন অংশ পোহৰ কৰিবলৈ মই ঢাকনি লগোৱা লেম্প ব্যৱহাৰ কৰিলোঁহেঁতেন৷ বেৰৰ প্ৰতি আঙুল ঠাই ঢাকি ৰাখিলোঁহেঁতেন শাৰী শাৰী কিতাপবোৰেৰে - যিবোৰৰ মাজত সঞ্চিত হৈ আছে যুগ যুগৰ পুঞ্জীভূত জ্ঞান৷ আৰু এনেকৈ সজাই লোৱা পুথিভঁৰালটোলৈ মোৰ হাতদুখনে আৰু মোৰ হৃদয়ে দিন-ৰাতিৰ যিকোনো সময়তে নিয়ন্ত্ৰণ কৰিলেহেঁতেন মোৰ বন্ধুসকলক - যদিহে তেওঁলোকৰ হাতবোৰ পৰিষ্কাৰ আৰু আত্মাজ্ঞানৰ ক্ষুধাত কাতৰ৷[২]
- বিজ্ঞানৰ প্ৰত্যেক শাখাই দৰ্শন হিচাপে আৰম্ভ হয় আৰু কলা হিচাপে শেষ হয়৷[২]
- ফ্ৰান্সিছ বেকনৰ জীৱনৰ মূলমন্ত্ৰ আছিল এইটোৱেই যে মানুহে লোকচক্ষুৰ অন্তৰালত যিটো গোপন জীৱন যাপন কৰে, সেইটোৱেই হ’ল তেওঁৰ আচল জীৱন৷[২]
- যিবোৰ আদৰ্শই যৌৱনকালত মানুহৰ জীৱনটোক অৰ্থমণ্ডিত কৰি তোলে, সেইবোৰৰ বেছিভাগেই মধ্যবয়সত মানুহৰ জীৱনৰ পৰা বিদায় লয়৷ কিন্তু যৌৱনকালৰ অন্ততো এটা আদৰ্শই মোক এটিয়াও লগ এৰি দিয়া নাই, মোৰ কাৰণে সি এতিয়াও হৈ আছে আগৰ দৰেই উজ্জ্বল আৰু আনন্দময়৷ সেই আদৰ্শটো হ’ল মোৰ নিৰ্লজ্জ বীৰপূজা৷[২]
- সংস্কৃতি এনে এটা বস্তু নহয়, যাক কেৱল মূৰত সাঁচি থ’ব লাগিব৷ সংস্কৃতি হ’ল এনে এটা বস্তু যাক জীৱনৰ প্ৰতিটো মুহূৰ্ততে যাপন কৰিব লাগিব৷[২]
- যি মানুহে সকলো সময়তে লৰাঢপৰা কৰি থাকে, খন্তেক সময়ো ক্ষান্ত হৈ থাকিব নোৱাৰে, তেওঁক প্ৰকৃত অৰ্থত সভ্য মানুহ বুলিব নোৱাৰি৷[২]
- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷[২]