উইলিয়াম শ্বেইকছপীয়েৰ
ইংৰাজী ভাষী নাট্যকাৰ
উইলিয়াম শ্বেইকছপীয়েৰ (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬) আছিল এক ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়। তেওঁৰ সাহিত্য সম্ভাৰে ৩৮ খন নাটক, ১৫৪ টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।

উদ্ধৃতিসমূহসম্পাদনা কৰক
- সকলো উজ্জ্বল বস্তুই সোণ নহয়; প্ৰকৃত সত্যই জীৱনৰ উন্নতিৰ মূল।
- ভুলকৈ জনাতকৈ একো নজনাই ভাল।
- পাহাৰ বগাবলৈ হ'লে প্ৰথমে লাহে লাহে গতি কৰিব লাগিব।
- সাফল্যক যদিহে আমি এটি উজ্জ্বল বহুৰঙী ফুল বুলি ধৰি লওঁ, তেন্তে তাৰ উৎস পৰিবহণহে যাৰ অবিহনে সেই ফুল কেতিয়াও ফুলি নুঠে।
- সাধুতাৰ সমান ঐশ্বৰ্যশালী সম্পত্তি একো নাই।
- অতি দুখীয়া মানুহৰ বাবে আশাই ঔষধ।
- ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে।
- পৃথিৱীত মই নিজৰ বাহিৰে আন কাকো সমালোচনা বা ভৰ্ৎসনা কৰিব নোখোজোঁ; কাৰণ মই নিজৰ দোষবোৰ যিমান ভালকৈ জানো, আন কাৰো দোষ সিমান ভালকৈ নাজানো।[১]
- ঈশ্বৰকো যিজনে ছলনা কৰে তেৱেঁই ৰাজনীতিজ্ঞ৷
উত্সসম্পাদনা কৰক
- ↑ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।