জৱাহৰলাল নেহৰু
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী
জৱাহৰলাল নেহৰু (ইংৰাজী: Jawaharlal Nehru; ১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- নাৰীক দিয়া মৰ্য্যদাই এটা জাতিৰ ছবি প্ৰতিফলন কৰে।[উৎসৰ প্ৰয়োজন]
- জীৱনটো তাচ খেলৰ লগত তুলনা কৰিব পাৰি। তোমাৰ ভাগত যিকেইখন তাচ পৰে সি হ'ল নিশ্চয়তাবাদ। তাচপাতখিনি তুমি কেনেকৈ খেলা সেইটো হ'ল তোমাৰ মুক্ত ইচ্ছা।[১]
- মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে।[২]
- অসমৰ ৰাইজৰ কাৰণে মোৰ প্ৰাণ কান্দি উঠিছে৷ (১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণৰ সময়ত ৰেডিঅ’যোগে কোৱা)[৩]
- অসন্তুষ্টিয়ে উদাসীনতাৰ সৃষ্টি কৰে - যাৰ পৰা অক্ষমতা প্ৰকাশ পায়৷ [৪]
- অভাৱ, দাৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহ কাল তিষ্ঠিব নোৱাৰে।[৫]
- বেৰৰ ফালে প্ৰতিচ্ছবিখন ঘূৰাই থৈ ইতিহাসৰ গতি সলনি কৰিব নোৱাৰি৷[৪]
- যিসকলে চিন্তা আৰু কাম কৰিবলৈ সাহস গোটাইছে তেওঁলোকেই কৃতকাৰ্যতাৰ সম্মুখীন হৈছে৷ ভয়াতুৰৰ কোনো কৃতকাৰ্যতা নাই৷[৪]
- ধৰ্ম কি? সম্ভৱতঃ ব্যক্তিৰ আন্তৰিক উন্নতি আৰু চেতনাৰ বিকাশেই ধৰ্ম৷ এই বিকাশ কোনদিশে হ’ব? মই যিমানখিনি বুজি পাইছোঁ, ধৰ্মই ব্যক্তিৰ আন্তৰিক পৰিৱৰ্তনক গুৰুত্ব দিয়ে৷ লগতে বাহ্যিক পৰিৱৰ্তনকো আন্তৰিক পৰিৱৰ্তনৰে নামান্তৰ বুলি ভাবে৷ আন্তৰিক আৰু বাহ্যিক দুয়োটাৰে পাৰস্পৰিক বিক্ৰিয়া ঘটে৷ পশ্চিমৰ ঔদ্যোগিক জগতখনত বাহ্যিক উন্নতিয়ে আন্তৰিক উন্নতিক অতিক্ৰম কৰি যোৱাটো তেনেই স্বাভাৱিক৷ সেইবুলি পূবৰ মানুহে যদি ভাবে যে আমাৰ যিহেতু বাহ্যিক উন্নতি মন্থৰ সেইবাবে আমাৰ আন্তৰিক উন্নতি বেছি, তেন্তে সেয়া ভুল কৰা হ’ব৷ তেনেকৈ ভবাটো আত্মপ্ৰতাৰণামূলক, নিজকে প্ৰবোধ দিয়াৰ, নিজৰ হীনমন্যতাক জয় কৰাৰ প্ৰয়াস মাথোন৷[৪]
- আদৰ্শ যদি ম্লান নহয়, আশা যদি ভয়হীন হৈ থাকে তেন্তে ব্যৰ্থতা আহিব নোৱাৰে৷[৪]
- আমি এনে এখন শ্ৰেণীহীন সমাজৰ লক্ষ্য গ্ৰহণ কৰা উচিত, যিখন সমাজে সমূহীয়া প্ৰচেষ্টাৰ ওপৰত ভিত্তি কৰি সকলোৰে বাবে সা-সুবিধা আগবঢ়াব পাৰিব৷[৪]
- মানৱ সভ্যতাৰ মূল কথা হৈছে প্ৰত্যেক মানুহেই কিছুমান অধিকাৰ উপভোগ কৰা৷ কাৰণ, তেওঁলোকৰ প্ৰত্যেকৰে কিছুমান দায়িত্ব আছে৷ এই অধিকাৰবিলাক নাথাকিলে জীৱনৰ ওপৰত নিৰাপত্তাহীনতা আৰু ভীতিভাবৰ উৎপীড়ন চলে, জীৱন সংঘৰ্ষময় হৈ উঠে৷[৪]
- ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে৷[উৎসৰ প্ৰয়োজন]
- এলাহ আৰু খং ত্যাগ কৰিলে প্ৰতিজন মানুহেই উন্নতিৰ পথ সুগম কৰিব পাৰে। [৬]
- এগৰাকী সুগৃহিণী নিৰান্নব্বৈজন শিক্ষকতকৈ শ্ৰেষ্ঠ৷[৭]
- মই নিজে হিন্দুস্থানী ভাষাত ইংৰাজী আৰু আন আন বিদেশী ভাষাৰ পৰা শব্দ গ্ৰহণ কৰাৰ পক্ষে৷ ইয়াৰ আৱশ্যকতা আছে৷ কাৰণ আধুনিক বহু নাম আৰু শব্দৰ প্ৰতিশব্দ আমাৰ ভাষাত নাই৷ সংস্কৃত, আৰবী বা ফাৰ্চীৰ পৰা টান টান শব্দ ৰচনা নকৰি সকলোৰে চিনাকি শব্দ ব্যৱহাৰ কৰাই ভাল৷[৮]
- জীৱনত কেতিয়াও পৰাজিত নোহোৱাটো গৌৰৱ নহয়, গৌৰৱ হ’ল কোনো পৰাজয়তে হাৰ নামানি আগবাঢ়ি যোৱাটো৷[৯]
- জীৱনটোত যদি ঘাত প্ৰতিঘাতেই নাথাকে তেন্তে সেইটো জীৱনেই হ'ব নোৱাৰে। জীৱনটো হৈছে এটা কলা। ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাঙ্খাৰ প্ৰেৰণাই হৈছে জীৱনৰ অঙ্গ। ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকাই।
- গীতা বিপদ আপদৰ বন্ধু, ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ শান্তিদাতা আৰু মানুহৰ মনৰ ভাব চিন্তাৰ ফলদাতা।
উৎস
সম্পাদনা কৰক- ↑ নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ, ২০২১
- ↑ মহৎ লোকৰ অমৰ বাণী. প্ৰকাশক: as.vikaspedia.in.
- ↑ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৫১
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
- ↑ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ২
- ↑ ধনদা বৰা বৰদলৈ (২০১৭)। চুপহি (আলোচনী)। সদৌ অসম মইনা পাৰিজাত, কলিয়াবৰ অধিৱেশন, পৃষ্ঠা:১১৪।
- ↑ প্ৰদীপ শইকীয়া (৮ মাৰ্চ, ২০২৩)। কলংপাৰ (সাপ্তাহিক কাকত)। কলংপাৰ প্ৰকাশন, পৃষ্ঠা:৩।
- ↑ (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।