আৰ. কে. নাৰায়ণ এগৰাকী ভাৰতীয় সাহিত্যিক। দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুডিৰ পটভূমিত স্থাপন কৰা ৰচনাসমূহৰ বাবে তেওঁ পৰিচিত। ইংৰাজী ভাষাত ভাৰতীয় সাহিত্যৰ প্ৰথম যুগৰ পথপ্ৰদৰ্শক সকলৰ ভিতৰত নাৰায়ণ অন্যতম। ১৯৬০ চনত ‘গাইড’ উপন্যাস ৰচনা কৰাৰ বাবে আৰ. কে. নাৰায়ণক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।

  1. সমালোচনা কোনেও কেতিয়াও আনন্দৰে গ্ৰহণ নকৰে। লাগিলে সেয়া সমালোচনা কৰা ব্যক্তিগৰাকীয়ে হওক বা যাৰ বিষয়ে সমালোচনা কৰিছে তেৱেঁ হওক। []
  2. আপুনি উপলব্ধি কৰেনে যে মানুহে বহু পৰিস্থিতিত তেওঁ কিমান সৌভাগ্যৱান সেই কথা সঁচাকৈয়ে বহু কমেইহে কেতিয়াবা বুজি পায়?[]
  3. ভ্ৰমণকাৰীসকল প্ৰায়ে খুউব উৎসাহী হয়। যাত্ৰাত কিবা অসুবিধা হ’লেও যেতিয়ালৈকে কিবা এটা চাবলৈ পায় তেওঁলোকে একো আপত্তি নাথাকে।[]
  4. আমি এটা ত্ৰুটিপূৰ্ণ, দুৰ্বল প্ৰজাতি, তেওঁ এই পৃষ্ঠাবোৰত আমাক লাহেকৈ সোঁৱৰাই দিয়ে, স্পষ্টভাৱে আৰু আৱেগ নোহোৱাকৈয়ে, নিজৰ মনোযোগ কেন্দ্ৰীভূত কৰি, যিসকলে তললৈ কুঁজা হ’ব, যিসকলে একোতে ৰৈ নাথাকিব। এনে কৰুণ চৰিত্ৰবোৰে আমাৰ মনোযোগ আকৰ্ষণ কৰে কিয়নো তেওঁলোকো আমাৰ বেছিভাগৰে দৰে অহৰহ যত্নবান আৰু এটা ভাল জীৱনৰ আশাৰে পৰিচালিত।[]
  5. আপুনি যদি ময়লাৰ এটা নলালৈ শিলগুটি দলিয়াই আপোনাৰ মুখতহে সেই ময়লা উফৰি পৰিবহি।[]

লগতে চাওক

সম্পাদনা কৰক