অৰুণ হাজৰিকা
অৰুণ হাজৰিকা হৈছে অসমৰ এজন চলচ্চিত্ৰ সহ পৰিচালক, প্ৰশিক্ষক তথা অভিনেতা। তেওঁ বেছিভাগ চলচ্চিত্ৰতে ব্যংগ অভিনয়ক সম্পূৰ্ণ অকৃত্ৰিম আৰু বাস্তৱিক ৰূপত প্ৰতিফলিত কৰি শ্ৰোতা-দৰ্শকৰ মন জয় কৰিছে। জোনবাই ভিচিডিৰ নেত্ৰকাই চৰিত্ৰটিৰে তেওঁৰ এক সুকীয়া পৰিচয় আছে বুলি অসমীয়া চলচ্চিত্ৰপ্ৰেমীয়ে কয়।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- অভিনয় কৰিলোঁ জীৱনৰ প্ৰথমখন নাটক “তেজে ৰোৱা ধান”,যিখন নাটকে সেইবাৰ শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ পাবলৈ সমৰ্থ হ’ল৷ সেইবাৰ তৌফিক দাহঁতেও অভিনয় কৰিছিল৷ পিছদিনা আমাৰ প্ৰধান শিক্ষক মহোদয়ে আমাৰ বিদ্যালয় চুটিৰ পাছত আমাৰ অভিনয় গোটৰ সকলোকে মাতি আনি প্ৰশংসা কৰাৰ লগতে ষ্টুডিঅ’ত নি ফটো উঠাৰো ব্যৱস্থা কৰিলে৷ পাছত আমাৰ এই কৃতকাৰ্যতাৰ কথা বাতৰি হিচাপে জনমভূমি কাকততো প্ৰকাশ হৈছিল,যি আমাৰ বাবে অফুৰন্ত উৎসাহ আৰু প্ৰেৰণাৰ সম্ভাৰ আছিল৷ [১]
- চিনেমাৰ লগত সংযোগ প্ৰথম আৰম্ভ হৈছিল,১৯৯০ চনত৷ প্ৰয়াত শ্ৰদ্ধাৰ অতুল বৰদলৈ দেৱৰ চিনেমা চিঞৰৰ মাধ্যমৰে৷ প্ৰযোজনাত আমাৰ বোকাখাতৰে দুই চাৰিয়ে আগভাগ লৈছিল৷ অতুল দায়ে ক’লে চিনেমা কৰিবলৈ মন আছে নেকি! মোৰ সঁহাৰি পাই ক’লে তুমি সহকাৰী পৰিচালক হ’ব লাগিব,তেনেকৈয়ে চিনেমাৰ জগতত ভৰি দিলোঁ৷ কোনটো দৃশ্যত আগদিনাৰ দৃশ্যগ্ৰহণ শেষ হৈছিল বা নায়কে কোনটো চোলা পিন্ধি আছিল,কেইটা বুটাম চাৰ্টৰ খোলা আছিল- এনেকুৱা প্ৰতিটো খুটি নাটিয়ে টুকি গৈছিলো৷ সহ পৰিচালকৰ অভিজ্ঞতায়ে বহুখিনি পুৰঠ কৰি তুলিলে৷ অতুল দায়ে বহুত কথা শিকাইছিল৷ [১]
- দৰ্শকে মনোৰঞ্জন বিচাৰে৷ মই অভিনয় কৰা জোনবাই নামৰ ভিচিডি ছবিখনৰ নেত্ৰকাই চৰিত্ৰটোৰ বাবে মোক অসমৰ গাঁৱে ভু়ঞে অৰুণ হাজৰিকা নামতকৈ নেত্ৰকাই নামটোৰেহে ভালকৈ চিনি পায়৷ [১]
- প্ৰকৃততে দৰ্শকে ছবি এখনত মনোৰঞ্জনৰ মাধ্যমেৰে নিজৰ চিনাকি চৰিত্ৰ,কাহিনী বা পৰিৱেশৰ প্ৰতিফলন চাই ভাল পায় আৰু এই ক্ষেত্ৰত ব্যংগ ছবিৰ উপস্থাপনে সবল ভূমিকা গ্ৰহণ কৰে৷ [১]
- প্ৰয়াত মুনিন বৰুৱাৰ ছবিত অভিনয় কৰা প্ৰায়বোৰ চৰিত্ৰয়ে মোৰ প্ৰিয়৷ তেখেতৰ ছবিত চৰিত্ৰবোৰৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা থাকে। যাক আমি “কেৰেক্টাৰ এচটাব্লিচমেণ্ট” বুলি কও,সেয়া খুব ভাল৷ [১]
- মোৰ মতে মানুহ বয়স বঢ়াৰ লগে লগে আৰু অধিক সজীৱ,উদ্যমী আৰু প্ৰাণৱন্ত হোৱা উচিত৷ অসুখ বা জীৱনৰ বাধা বিঘিনী নেওচি আগবাঢ়ি যাব লাগে৷[১]
- সমাজক বাদ দি শিল্পীজনৰ কোনো অস্তিত্ব নাই,সমাজৰ মাজতেই শিল্পীজন জীয়াই থাকিব লাগিব৷ কিন্তু শিল্পীৰ মোহৰটো লগাই শিল্পীৰ নাম লৈ ৰাজনীতিলৈ যাব নালাগে৷[১]