মুনিন বৰুৱা
অসমীয়া চলচ্চিত্ৰ পৰিচালক
মুনিন বৰুৱা হৈছে অসমৰ এজন আগশাৰীৰ সাংস্কৃতিক কৰ্মী। তেওঁ প্ৰথমে চিত্ৰনাট্যকাৰ হিচাপে ভৰি দি পাছলৈ অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাপে পৰিচিত হৈ পৰে আৰু প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰে।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- দিল্লীলৈ যোৱাৰ পাছত চিনেমাৰ প্ৰতি হেঁপাহ মোৰ দুগুণে বাঢ়িল। যিবোৰ চিনেমাৰ কথা পেপাৰত পঢ়িছিলোঁ, যিবোৰ নায়ক-নায়িকাৰ ছবি পেপাৰত দেখিছিলোঁ, সেইবোৰ নায়ক-নায়িকাৰ চিনেমাবোৰ চাবলৈ দিল্লীত বেচ সহজ হ’ল। আৰু লাহে লাহে এনেদৰে চিনেমাবোৰ চাই-চাইয়ে চিনেমাৰ কিছু কথাও শিকি পেলালোঁ।[২]
- চিনেমাখনৰ কাহিনীটো ভাল হ’বই লাগিব। মোৰ প্ৰতিখন চিনেমাতে কাহিনীটোৰ ওপৰত যথেষ্ট জোৰ দিছোঁ। কিন্তু কাহিনীটোক আগুৱাই নিব পাৰে চিত্ৰনাট্য আৰু সংলাপেহে। প্ৰতিখন চিনেমাতে মই চিত্ৰনাট্য আৰু সংলাপ ভালকৈ লিখিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ। মিউজিকবোৰো উন্নতমানৰ কৰিবলৈ চেষ্টা কৰিছোঁ।[২]
- আচলতে যতীন বৰা Natural actor. তেওঁ Dialogue মুখস্থ নামাতে, হৃদয়ৰ পৰা কথাখিনি অনুধাৱন কৰিহে কয়। আৰু সেইকাৰণে Dialogueটো কোৱাৰ লগে লগে তেওঁৰ মুখৰ প্ৰকাশভংগীও সলনি হয়। মন আৰু মগজু সমানে প্ৰয়োগ কৰি তেওঁ যথেষ্ট Seriously কাম কৰে।[২]
- নায়কজনৰ প্ৰতিভাৰ দক্ষতাখিনি উলিয়াই আনিবলৈ হ’লে পৰিচালকজনৰো দক্ষতা লাগিব। ভাল অভিনয় কৰা বুলি ক’লেই কোনেও কৰিব নোৱাৰে, সমলখিনি যুগুতাই দিব লাগিব, তেতিয়াহে ভাল অভিনয় আশা কৰাটো সমিচীন হব মই ভাবোঁ।[২]
- ভূপেনদাৰ পৰা প্ৰতি মুহূৰ্ততে বহু নতুন নতুন কথা শিকিব পাৰি। তেওঁৰ কথা কোৱা ষ্টাইল, ধৰণ-কৰণবোৰ এনেকুৱা যে গম নোপোৱাকৈ তেওঁৰ সংগ লওঁতাজনে বহু কথা শিকি পেলায়। ভূপেনদাই কেতিয়াও কথা এনেই নকয়, কোৱা প্ৰতিটো কথাই হৈ পৰে বেছ তত্বগধুৰ।[২]
- জুবিনে সদায় নিজ ইচ্ছামতেই কাম কৰে। কেতিয়াবা এসপ্তাহো তেওঁ কোনো কাম নকৰাকৈ বহি থকা ৰেকৰ্ড আছে, আৰু কেতিয়াবা হয়তো এসপ্তাহত এঘণ্টাৰ বাবেও জিৰণি নোলোৱাকৈ তেওঁ কাম কৰে। মুঠৰ ওপৰত জুবিনক কেতিয়াও কোনেও কাম কৰ বুলি কৈ পেলাই কাম কৰাব নোৱাৰে। জুবিনে কেতিয়াও কাৰো আদেশ নামানে। দৰকাৰ হ’লে তেওঁৰে লাখ লাখ টকা লোকচান হওঁক বা প্ৰযোজক হাতৰ পৰা গুচি যাওক। জুবিনৰ ওপৰত বিশ্বাস ৰাখি তেওঁক কামটো এৰি দিব লাগিব, তেতিয়াহে কামটো ভাল হ’ব।[২]
- জুবিনে কেৱল পইছা-পাতিৰ বাবে কাম নকৰে। মই মোৰ দীনবন্ধু চিনেমাত জুবিনক সংগীত পৰিচালনাৰ দায়িত্ব দিব খোজা নাছিলো। কাৰণ দীনবন্ধুৰ মিউজিকৰ কনচেপ্টটো বহু বেলেগ আছিল। আৰু তেতিয়ালৈকে জুবিনে তেনেকুৱা মিউজিকৰ ওপৰত কাম কৰাই নাছিল। কিন্তু এদিন জুবিনে মোক ক’লে যে দীনবন্ধুৰ মিউজিক হেনো তেঁৱেই কৰিব। অৱশেষত তেওঁক দায়িত্বটো দিলোঁ, আৰু মই বিচাৰামতেই তেওঁ কামখিনি কৰিছিল। দীনবন্ধুৰ মিউজিকৰ বাবে জুবিনে এটকাও লোৱা নাছিল। শইকীয়া চাৰৰ প্ৰতি শ্ৰদ্ধা জনাইহে জুবিনে কামখিনি কৰি দিছিল।[২]
- চিনেমা এখনে ভাল চিনেমা আখ্যা পায় যেতিয়া চিনেমা এখনে সকলো শ্ৰেণীৰ দৰ্শকক আকৰ্ষণ কৰিব পাৰে। যুৱচামৰ কথা মনত ৰাখি চিনেমা এখনত কিছু পৰিমাণৰ ৰং দিব লাগিব, কিন্তু এই ৰং খিনি সমাজৰ এটা গণ্ডীৰ ভিতৰত থকাটো দৰকাৰ। ভাল কাহিনী, নিখুঁত চিত্ৰনাট্য, তত্বগধুৰ সংলাপ, উচ্চমানৰ কাৰিকৰী কৌশল আৰু ভাল মিউজিক থাকিলে চিনেমা এখন দৰ্শকে ল’বই বুলি মোৰ বিশ্বাস।[২]
- নাটক আৰু চিনেমা দুটা বেলেগ বস্তু। চিনেমা থাকোঁতে নাটকসমূহক চিনেমা কৰি পেলোৱাৰ কি দৰকাৰ, মোৰ তাতো দ্বিমত আছে।[২]
- ভিচিডিবোৰৰ প্ৰকাশৰ ধৰণ সুকীয়া, চিনেমাবোৰৰ প্ৰকাশৰ ধৰণ সুকীয়া। চিনেমা ভাল পোৱা মানুহে চিনেমা চাব, ভিচিডি ভাল পোৱা মানুহে ভিচিডি চাব। বৰঞ্চ ভিচিডিসমূহৰ দ্বাৰা বহু নতুন নতুন প্ৰতিভাই চান্স পাইছিল। কিন্তু ভিচিডিয়ে অসমীয়া চিনেমাৰ কিবা ক্ষতি কৰা বুলি মই কেতিয়াও নাভাবোঁ।[২]
- দৰ্শক মোৰ বাবে হ’ল আটাইতকৈ ডাঙৰ প্ৰেৰণা।[২]