কুলদা কুমাৰ ভট্টাচাৰ্য

কুলদা কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Kulada Kumar Bhattacharjee, জন্ম: ১৯৩৩) অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাট 'পৰশুৰাম'ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. সেই সময়ত গুৱাহাটীত দুটা ভাষাৰ দুটা সাংস্কৃতিক অনুষ্ঠান গঢ় কৈ উঠিছিল- অসমীয়া আৰু বঙালী।দুই পক্ষই নিজৰ নিজৰ ভাৱ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৰিহণা যোগাই আছিল। আপাতঃ দৃষ্টিত কোনো বৈষম্য সৃষ্টি হোৱা নাছিল।মোৰ মনত আছে যে প্ৰথমতে মই মাৰ সৈতে তিৰোতা মানুহ বহা আছুতীয়া স্থানত মাৰ কোলাত বহি যাত্ৰা চাইছিলো।[১]
  2. আজি আৰু সেই দিন নাই।বৰ্তমান অৱশ্যে গ্ৰুপ থিয়েটাৰৰ যথেষ্ট উন্নতি সম্ভৱ হৈছে। এই ক্ষেত্ৰত বাহাৰুল ইছলাম,জ্যোতিনাৰায়ণ আদিৰ নাম ল'ম।এন এচ ডিৰ পৰা অহা লোকসকলে গ্ৰুপ থিয়েটাৰক নতুন মাত্ৰা প্ৰদান কৰিছে।মই এওঁলোকক লৈ যথেষ্ট আশাবাদী।[১]
  3. আচলতে মই তেতিয়াৰ পৰা মানে ল'ৰালি কালৰ পৰাই অভিনয় কৰিছো।এটা চৰিত্ৰত কৰিবলৈ গৈ মই বৰ বিশেষ ভাবি নাথাকো।অভিমন্যুৰ দৰে এইয়া মোৰ হয়তো কিবা এটা জন্মগত গুণ। মই সদায় স্বাভাৱিকভাবে অভিনয় কৰোঁ আৰু কেতিয়াও অতি-নাটকীয়তা নকৰো।আনহাতে পৰিচালনাৰ সময়ত মই যথেষ্ঠ পৰিশ্ৰম কৰো।কিছুমান স্মৃতি মোৰ সদায়েই সজীৱ হৈ থাকে।[১]
  4. মই মাথোঁ জানো যে পৃথিৱীৰ সকলো ক্ৰিয়া কৰ্ম পৰিৱৰ্তনশীল। কিন্তু আচলটো আচলেই। এইযে 'নিশি উজগৰী' নামৰ টেলিফিল্মখন, তাত শেষ কথাটো নীলমণি ফুকনৰ কবিতাৰে দিয়া হৈছিল।"পথাৰখন পাৰ হৈ তুমি বহুদুৰ গলাগৈ,কিন্তু সজাত ভৰাই থোৱা আছে তোমাৰ চিঞৰ।" চিঞৰটোৱেই আচল কথা।[১]
  5. আধুনিকতাৰ নামত আমি যিমানেই বাহিৰৰ সংস্কৃতিৰ লগত মিলি নাযাও কিয়, কিন্তু এই পৰিৱৰ্তনশীল সময়ৰ সৈতে নিজৰটো অৰ্থাৎ মৌলিকতাও কঢ়িয়াই নিয়া দৰকাৰ।মই ভাবো এই যে মৌলিকতাৰ কথাটো অসমৰ যুৱসমাজক মনত পেলাই দিয়া হওক। ৰবি ঠাকুৰে কোৱাৰ দৰে "দিবে আৰ নিবে, মিলাবে মিলিব, যাবে না ফিৰে।" তেওঁলোকক কোৱা হওক - Please Carry the Colors Along এনেধৰনৰ চিন্তাধাৰাৰে শান্তিপূৰ্ণ সহাৱস্থান সম্ভৱ যিয়ে জাতি এটিৰ স্বকীয়তা বজাই ৰখাত সহায়ক হ'ব।সংস্কৃতি, জীৱন আৰু সমাজৰ ক্ষেত্ৰত এই কথাই প্ৰযোজ্য।[১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ সাক্ষাৎকাৰঃ কুলদা কুমাৰ ভট্টাচাৰ্য. প্ৰকাশক: সাহিত্য ডট অৰ্গ (জানুৱাৰী ১৫, ২০১৯). আহৰণ কৰা হৈছে: 31 মে' 2024.