ইছলাম

(অসমত ইছলাম ধৰ্মৰ পৰা পুনঃনিৰ্দেশিত)

ইছলাম (ইংৰাজী: Islamism) হৈছে মহম্মদৰ পৰা উৎপত্তি হোৱা আৰু কোৰান নামেৰে জনাজাত ধৰ্মীয় গ্ৰন্থক কেন্দ্ৰ কৰি আব্ৰাহামীয় একশ্বৰবাদী ধৰ্ম। ই বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম আৰু বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান ধৰ্ম। ইয়াৰ আনুমানিক ১.৮ বিলিয়ন অনুগামী (২০১৭ চনলৈকে) আছে আৰু তেওঁলোক মুছলমান নামেৰে জনাজাত। ভাষিকভাৱে ইছলাম শব্দৰ অৰ্থ হৈছে "ঈশ্বৰৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰা" (আৰবী ভাষাত: الله, আল্লাহ), আৰু মুছলমান হ'ল "ঈশ্বৰৰ বশৱৰ্তী হোৱাজন"।

“আজি মই তোমাৰ বাবে তোমাৰ ধৰ্ম সিদ্ধ কৰিলোঁ, তোমাৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ আৰু তোমাৰ বাবে ইছলামক তোমাৰ ধৰ্ম হিচাপে বাছি লৈছো।” ~ কোৰান
  • ইছলাম হৈছে অনুশাসিত ইবাদত অবিৰত ব্যক্তিগত আৰু সমাজ সংস্কাৰৰ ধৰ্ম।[]
  • সকলো ধৰ্মৰ ভিতৰত ইছলাম বিজ্ঞানৰ আৱিষ্কাৰৰ লগত সৰ্বোত্তমভাৱে উপযুক্ত আৰু আত্মাক গঢ়ি তুলিবলৈ আৰু ন্যায়, দয়া আৰু সহনশীলতা মানি চলিবলৈ বাধ্য কৰিবলৈ আটাইতকৈ সাজু।
    • গুস্তাভ লে বন, দ্য ৱৰ্ল্ড অৱ ইছলামিক চিভিলাইজেচন (লা চিভিলাইজেচন ডেছ আৰবেছ, ১৮৮৪)।
  • মই প্ৰায়ে ভাবো যে খ্ৰীষ্টান ধৰ্মতকৈ ইছলামত নাৰী অধিক মুক্ত। একপত্নীৰ প্ৰচাৰ কৰা বিশ্বাসতকৈ ইছলামে নাৰীক অধিক সুৰক্ষিত। আল-কোৰআনত নাৰীৰ বিষয়ে আইন অধিক ন্যায়সংগত আৰু উদাৰ। যোৱা বিশ বছৰতহে খ্ৰীষ্টান ইংলেণ্ডে, নাৰীৰ সম্পত্তিৰ অধিকাৰক স্বীকৃতি দিছে, আনহাতে ইছলামে এই অধিকাৰক সকলো সময়ৰ পৰাই অনুমতি দিছে।
    • এনি বেছাণ্ট, দ্য লাইফ এণ্ড টিচিংছ অৱ মহম্মদ, মাদ্ৰাজ - ১৯৩২, পৃ. ২৫, ২৬।

অসমত ইছলাম ধৰ্ম

সম্পাদনা কৰক
  • কেইবছৰমান আগতে মইমনসিং আৰু অন্যান্য অঞ্চলৰ বঙালী মুছলমানসকলে অসমত আহি বসতি স্থাপন কৰিছে। অসমীয়া মুছলমানে তেওঁলোকক অসমীয়া ভাষাত শিক্ষিত কৰি গৌৰৱান্বিত অসমীয়া হিচাপে গঢ়ি তোলা আৰু তেনেকৈ অসমীয়া জাতিৰ ভেটি সুদৃঢ় কৰাৰ অপৰিসীম দায়িত্ব আছে।
    • ননী গোপাল মহন্ত, অসম আৰু ইতিহাসৰ ৰাজনীতি, পৃ. ২৯১
  1. মাহমুদ এম আয়ুব (২০১৩)। ইছলামঃ ফেথ এণ্ড হিষ্ট্ৰি। চাইমন আৰু শ্বুষ্টাৰ।, পৃষ্ঠা:৫৭। ISBN: 978-1-78074-452-0

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: