অমৰ্ত্য সেন (ইংৰাজী: Amartya Sen) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ। অমৰ্ত্য সেনৰ জন্ম হয় ১৯৩৩ চনৰ ১১ নৱেম্বৰত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানসকুঞ্জ পশ্চিমবংগশান্তিনিকেতনত। তেওঁৰ পিতৃৰ নাম আশুতোষ সেন আৰু মাতৃ অমৃতা সেন। অমৰ্ত্য সেন এই নামটো ৰাখিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে।১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান ন'বেল বঁটা লাভ কৰে।

অমৰ্ত্য সেন

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. অপেক্ষাকৃত মুক্ত গণমাধ্যম থকা কোনো স্বাধীন তথা গণতান্ত্ৰিক দেশত কেতিয়াও কোনোধৰণৰ উল্লেখযোগ্য দুৰ্ভিক্ষ হোৱা নাই।
  2. মই বিশ্বাস কৰো যে বিশ্বজগতৰ সমস্ত সমস্যা এক বা বিভিন্ন ধৰনৰ বৈষম্যৰ পৰা আহিছে।
  3. এখন সমাজৰ সাফল্য মূলতঃ সেই স্বাধীনতাৰ দ্বাৰা মূল্যায়ন কৰা হয় যিখিনি স্বাধীনতা সমাজৰ সদস্যসকলে উপভোগ কৰে।[১]
  4. কিছুমান মানুহৰ ক্ষেত্ৰত, যথেষ্ট পৰিমাণৰ খাবলৈ নোপোৱাই হৈছে অনাহাৰৰ কাৰণ। ইয়াৰ কাৰণ যথেষ্ট পৰিমাণে খাবলৈ নথকাটো নহয়।
  5. লিঙ্গ বৈষম্য কোনো এক বিশিষ্ট সমস্যা নহয়, এয়া সমস্যাসমূহৰ এক সংগ্ৰহ।
  6. শিক্ষা প্ৰদানে যে কেবল প্ৰাপককে আলোকিত কৰে তেনে নহয়, বৰং শিক্ষক, অভিভাৱক, বন্ধুৰ দৰে শিক্ষা দাতাকো সমৃদ্ধ কৰে।[১]
  7. মই এখন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত জন্ম হৈছিলোঁ আৰু গোটেইজীৱন এক বা একাধিক বিশ্ববিদ্যালয়ৰ প্ৰাংগণত কটাই দিয়াযেন অনুভৱ হৈছিল।
  8. মানুহে কথা ক'বলৈ ভয় খালে বুজিব লাগিব যে গণতন্ত্ৰ ক্ষতিগ্ৰস্ত হৈছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ১.০ ১.১ Happy Birthday Amartya Sen: Top quotes by Indian Nobel laureate. প্ৰকাশক: India Today (Nov 3, 2024). আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2024.