অনিল ৰায়চৌধুৰী (ইংৰাজী: Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী।[১] ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল। পৰৱৰ্তী কালত সাহিত্যিক হিচাপে সুনাম অৰ্জন কৰা ৰায়চৌধুৰী আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল আৰু প্ৰায় ডেৰশ গীত ৰচনা কৰিছিল। অসম সচিবালয়, শিক্ষকতা, কেন্দ্ৰীয় আবকাৰী পৰিদৰ্শক আদি কৰি প্ৰায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী হিচাপে নিযুক্ত হয়।[২] পৰৱৰ্তী সময়ত ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰশাসনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

নামনি অসমৰ পটভূমি

  • আজিৰ অসমৰ মুঠ জনসংখ্যা তথা নাগৰিকৰ প্ৰায় এক তৃতীয়াংশ (বা এক চতুৰ্থাংশ) অসমৰ বাহিৰৰপৰা চাহ বাগিচা আৰু উদ্যোগৰ বাবে অনোৱা শ্ৰমিকৰ বংশধৰ; একে পৰিমাণৰ জনসংখ্যাই হ'ল (অসমৰ কৃষিক্ষেত্ৰৰ কৃষক) পূৰ্ববঙ্গ বা এতিয়াৰ বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰি অসমৰ মাটিত নিগাজিকৈ বসবাস কৰা অভিবাসী সকলৰ বংশধৰ স্থায়ী নাগৰিক।[৩]
  • আহোম ৰাজশক্তিৰ বিৰুদ্ধে যুদ্ধ কৰি ব্ৰিটিছে অসম জয় কৰা নাছিল, অসম দখল কৰিছিল মানক খেদিহে। মান তথা মিয়ানমাৰৰ (বৰ্মাদেশ) অধিপতি আভাৰ ৰজাৰ লগত ব্ৰিটিছৰ ৰণখন অসমৰ বাহিৰেও বিভিন্ন ঠাইত বিয়পি আছিল। আসামত উপৰি জয়ন্তীয়া, কাছাড় আৰু মণিপুৰৰ স'তে লগা যুদ্ধত মান বিজয়ী হৈছিল, সমুদ্ৰ পাৰৰ দক্ষিণ-পূব বংগৰ আৰাকান প্ৰান্তকো মানে অধিকাৰ কৰিছিল। মান ৰাজশক্তিৰ বিৰুদ্ধে ব্ৰিটিছে নিজা স্বাৰ্থতেই ৰণত নামিছিল।[৩]
  • আনুমানিক ১৩-১৪ শতিকাৰ পৰা, হয়তোবা তাৰ আগৰ পৰাই ৰাজশক্তিৰ পৃষ্ঠপোষকতাৰে সংগঠিতভাবে ভাটীৰ পৰা চামে চামে জনপ্ৰব্ৰজন হৈ আছিল। নামনি অসম আছিল তাৰ দুৱাৰ-ডলি। সেয়ে এই অভিবাসী প্ৰব্ৰজনকাৰীসকলে লগত লৈ অহা সাংস্কৃতিক বা আৰ্থ-সামাজিক প্ৰভাৱ নামনিত গাঢ় আৰু উজনিত ক্ৰমাৎ পাতল দেখা যায়।[৩]
  • নামনি অসমৰ ভূমি প্ৰশাসন ব্যৱস্থা কম-বেছি পৰিমাণে মোগল অধিকৃত ভাটীৰ ৰাজ্যবোৰৰ দৰে আছিল; উজনি অসমৰ আহোম প্ৰৱৰ্তিত ব্যৱস্থাৰ দৰে নাছিল। ব্ৰিটিছে অসম লোৱাৰ পিছতহে উজনি অসমৰ ভূমি ব্যৱস্থা সলনি হয়। ভূমি প্ৰশাসন আৰু ৰাজহ ব্যৱস্থাৰ লগত কৃষি পদ্ধতি আৰু আন আন সম্পদ উৎপাদনৰ শ্ৰম পদ্ধতি, উৎপাদন সম্পৰ্ক আদিৰ ওতপ্ৰোত সম্বন্ধ থাকে।[৩]
  • সাংস্কৃতিক ক্ষেত্ৰত নামনি অসমৰ বৈচিত্ৰ্য চকুত পৰা বিধৰ আছিল। আমাৰ আলোচনা উনৈশ শতিকা আৰু কুৰি শতিকাৰ অৰ্দ্ধভাগ অৰ্থাৎ, ২য় বিশ্বযুদ্ধৰ আৰম্ভণি পৰ্যন্ত সীমাবদ্ধ কৰি ৰখা হৈছে। কাৰণ, দ্বিতীয় বিশ্বযুদ্ধ আৰু দেশৰ স্বাধীনতাৰ পিছত ঘটনাৰ গতি আৰু প্ৰকৃতি অতি দ্ৰুতহাৰত সলনি হ'বলৈ লৈছিল।[৩]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "প্ৰগতিশীল বুদ্ধিজীৱী, গৱেষক লেখক অনিল ৰায়চৌধুৰীৰ দেহাৱসান". ১ মে', ২০২০. 
  2. "বিশিষ্ট সাহিত্যিক-সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্ৰয়ান". Niyomiyabarta.org. 2 May. Retrieved on 4 May 2020. 
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ অনিল ৰায়চৌধুৰী। নামনি অসমৰ পটভূমি গ্ৰন্থ। অসম প্ৰকাশন পৰিষদ। আহৰণ কৰা হৈছে: 5 মে' 2024।