ৱিকিউদ্ধৃতি:ৱিকিউদ্ধৃতি কি নহয়

ৱিকিউদ্ধৃতি পৃষ্ঠাত ৱিকিউদ্ধৃতি কি আৰু ইয়াৰ লক্ষ্য সম্পৰ্কে চমু বৰ্ণনা দিয়া হৈছে। এই পৃষ্ঠাটোত ৱিকিউদ্ধৃতি কি নহয় সেয়া আলোচনা কৰা হৈছে।

ৱিকিউদ্ধৃতি কোনো বিশ্বকোষ নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতি ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰে একে নহয়। ইয়াত প্ৰবন্ধ এটাৰ বিষয় চিনাক্ত কৰিবলৈ এটা চমু পৰিচয় ব্যৱহাৰ কৰা হয় আৰু প্ৰয়োজন হ'লে ই কিয় উল্লেখযোগ্য তাৰ চমু বৰ্ণনা থাকে। বিষয়টোৰ বিষয়ে অধিক পঢ়াৰ বাবে দীঘলীয়া ব্যাখ্যা, বিশ্বকোষীয় প্ৰসংগ, আৰু পৰামৰ্শবোৰ এটা সংশ্লিষ্ট ৱিকিপিডিয়া প্ৰবন্ধত যোগ কৰা হ'ব পাৰে, কিন্তু ৱিকিউদ্ধৃতিৰ অন্তৰ্ভুক্ত নহয়।

ৱিকিউদ্ধৃতি কোনো অভিধান নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতি কোনো শব্দৰ আভিধানিক সংজ্ঞাৰ স্থান নহয়, এনে শব্দবোৰ ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিঅভিধানত যোগ কৰা হ'ব পাৰে। উদ্ধৃতিবোৰ এটা নিৰ্দিষ্ট বিষয়বস্তুৰ বিষয়ে হ'ব পাৰে, যেনে প্ৰেম, কিন্তু যিকোনো যাদৃচ্ছিক শব্দৰ বিষয়ে নহয়।

ৱিকিউদ্ধৃতি কোনো পাঠ্যপুথি নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতি কোনো পাঠ্যপুথি বা নিৰ্দেশিকাৰ পৰা আহৰণ কৰা তথ্যৰ সংগ্ৰহালয় নহয়। ৱিকিগ্ৰন্থ চাওক।

ৱিকিউদ্ধৃতি ৰাজহুৱা স্বত্বাধিকাৰ থকা সমল সংৰক্ষণৰ স্থান নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতি ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ নথি, যেনে উৎস কোড, মূল ঐতিহাসিক নথিপত্ৰ, চিঠি, আইন, সম্পূৰ্ণ কিতাপ বা সম্পূৰ্ণ কবিতাৰ সংগ্ৰহ নহয়।

ৱিকিউদ্ধৃতি ব্যক্তিগত ৱেবছাইট নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতি মাইস্পেছ বা ফেচবুক নহয়। ইয়াত প্ৰত্যেকজন পঞ্জীকৃত সদস্যই নিজৰ সদস্য পৃষ্ঠা সৃষ্টি কৰিব পাৰে, কিন্তু তেওঁলোকে তাত ব্যক্তিগত নথিৰ দৰে ৱিকিউদ্ধৃতিৰ লগত সম্পৰ্ক নথকা বিষয় প্ৰকাশ কৰা অনুচিত। সদস্য পৃষ্ঠা সম্পৰ্কে অধিক জানিবলৈ সদস্য পৃষ্ঠা চাওক।

ৱিকিউদ্ধৃতি ব্যক্তিগত উদ্ধৃতিৰ সংগ্ৰহ নহয় সম্পাদনা কৰক

যিকোনো ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ সদস্য পৃষ্ঠাত তেওঁলোকে বা তেওঁলোকৰ বন্ধুবৰ্গই কোৱা উদ্ধৃতিবোৰ ৰাখিব পাৰে, কিন্তু তেওঁলোকে নিজৰ উদ্ধৃতিৰ বাবে মুখ্য নামস্থানত নিজা পৃষ্ঠা সৃষ্টি কৰিব নালাগে, বা তেওঁলোকৰ নিজৰ ব্যক্তিগত উদ্ধৃতি, বা তেওঁলোকৰ বন্ধু আৰু পৰিচিতসকলৰ উদ্ধৃতিবোৰ বিদ্যমান পৃষ্ঠাত যোগ দিব নালাগে।

ৱিকিউদ্ধৃতি ইণ্টাৰনেট সংযোগৰ তালিকা নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতিৰ প্ৰবন্ধবোৰ উদ্ধৃতিসংগ্ৰহৰ বাবেহে, কোনো যাদৃচ্ছিক লিংকৰ বাবে নহয়। আপুনি কেৱল আপোনাৰ প্ৰিয় ছাইট, যাদৃচ্ছিক ফোন নম্বৰ, আৰু অন্যান্য অসম্পৰ্কিত তথ্য তালিকাভুক্ত কৰাৰ উদ্দেশ্যে ইয়াত কোনো পৃষ্ঠা সৃষ্টি কৰিব নালাগে।

ৱিকিউদ্ধৃতি আলোচনাৰ মজিয়া নহয় সম্পাদনা কৰক

ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নিজ নিজ বাৰ্তা পৃষ্ঠাত ইজনে সিজনক বাৰ্তা প্ৰকাশ কৰিবলৈ অনুমতি দিয়া হয়, কিন্তু তেঁওলোকে সেই আলোচনাবোৰ কেৱল সেই পৃষ্ঠাবোৰতে সীমাবদ্ধ ৰাখিব লাগিব, প্ৰবন্ধৰ বাৰ্তা পৃষ্ঠাবোৰত নহয়। প্ৰবন্ধৰ বাৰ্তা পৃষ্ঠাবোৰ কেৱল সেই পৃষ্ঠা সম্পৰ্কে কৰা আলোচনাৰ বাবে সংৰক্ষিত।

ৱিকিউদ্ধৃতি কোনো ৱেবলগ নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতি বিভিন্ন ৱেবলগৰ পৰা পোৱা জাৰ্নেল প্ৰবিষ্টিৰ সংগ্ৰহ নহয়। যদিও ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ চিন্তাবোৰ তেওঁলোকৰ সদস্য পৃষ্ঠাত প্ৰকাশ কৰিব পাৰে, তেওঁলোকে সেইবোৰ কেৱল মাত্ৰ এটা ৱেবলগ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব নালাগে।

ৱিকিউদ্ধৃতি স্বত্বাধিকাৰ থকা কৰ্মৰ উদ্ধৃতি প্ৰকাশৰ স্থান নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতি কোনো গীতৰ কথা বা সমগ্ৰ কবিতাৰ সংকলন নহয়, আৰু আনকি ন্যায্য ব্যৱহাৰৰ ব্যৱস্থাৰ অধীনতো আধুনিক গীত বা আধুনিক কবিতাৰ কেইটামানতকৈ অধিক শাৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট স্বত্বাধিকাৰৰ সমস্যা আছে। চলচ্চিত্ৰ, দূৰদৰ্শনৰ অনুষ্ঠান আৰু ভিডিঅ' গেমৰ সংলাপৰ ক্ষেত্ৰতো একে নিয়মেই প্ৰযোজ্য। যদিও ৰাজহুৱা ক্ষেত্ৰত থকা সমগ্ৰ কবিতা বা গীত ব্যৱহাৰৰ ক্ষেত্ৰত কোনো আইনী বাধা নাই, সমগ্ৰ কবিতাৰ ব্যৱহাৰ বা যিকোনো গানৰ সম্পূৰ্ণ কথাংশ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা নহয়, আৰু এটা কবিতা বা গীতৰ ভিতৰত কেৱল গুৰুত্বপূৰ্ণ কোনো অংশহে বাছনি কৰা উচিত। “স্বত্বাধিকাৰ থকা কোনো কৰ্ম ইণ্টাৰনেটত প্ৰকাশ কৰা” মানেই সেইবোৰ ৰাজহুৱা ক্ষেত্ৰৰ সমল নহয়।

ৱিকিউদ্ধৃতি বিজ্ঞাপনৰ সংগ্ৰহ নহয় সম্পাদনা কৰক

যদিও ৱিকিউদ্ধৃতিত বিজ্ঞাপনৰ শ্লোগানৰ বাবে স্থান আছে, ৱিকিউদ্ধৃতিয়ে কোনো ধৰণৰ বিনামূলীয়া বিজ্ঞাপনৰ (স্পাম) অনুমতি নিদিয়ে। সতৰ্ক কৰাৰ পিছতো যিসকল ব্যৱহাৰকাৰীয়ে বাৰে বাৰে বাণিজ্যিক ৱেবছাইট বা তেওঁলোকৰ ব্যক্তিগত ৱেবছাইটতৰ লিংক প্ৰকাশ কৰে তেওঁলোকক ৱিকিউদ্ধৃতিত সম্পাদনা কৰাৰ পৰা বাৰণ কৰা হ'ব পাৰে।

ৱিকিউদ্ধৃতি ভৱিষ্যতৰ দাপোন নহয় সম্পাদনা কৰক

ৱিকিউদ্ধৃতিত থকা উদ্ধৃতিবোৰৰ শুদ্ধতা নিশ্চিত কৰিবলৈ নিৰ্ভৰযোগ্য উৎসতথ্য সূত্ৰ প্ৰদান কৰা হয়। কিতাপ, চলচ্চিত্ৰ, খেল, আৰু অন্যান্য যিবোৰ কৰ্ম বৰ্তমানলৈকে প্ৰকাশ কৰা হোৱা নাই সেইবোৰ প্ৰমাণীকৰণৰ বাবে উপলব্ধ নহয়, সেয়েহে এই বিষয়বোৰৰ উদ্ধৃতি আৰু প্ৰবন্ধ গ্ৰহণযোগ্য নহয় যেতিয়ালৈকে সেইবোৰৰ পূৰ্বলোকন কৰা এক নিৰ্ভৰযোগ্য প্ৰকাশন নাথাকে। কৰ্মবোৰ মুকলি হোৱাৰ পিছত পূৰণ কৰিব লগা কংকাল বোৰ বিশেষভাৱে অনুপযুক্ত, কিয়নো সেইবোৰে উদ্ধৃতি বিচৰা পাঠকসকলক কোনো মূল্য প্ৰদান নকৰে, আৰু এনে উদ্ধৃতি সমল নোহোৱাৰ বাবে দ্ৰুততাৰে বিলোপ কৰা হ'ব পাৰে।

অন্য ভগ্নী প্ৰকল্পসমূহৰ একেধৰণৰ নীতিসমূহ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক