ৱিকিউদ্ধৃতি:প্ৰশাসক

প্ৰশাসক বা চিছপসকল হৈছে বিশেষ কিছু অধিকাৰ থকা ৱিকিউদ্ধৃতিয়ান। গোলকীয় নীতিৰ সৈতে সংগতি ৰাখি মানি চলা অসমীয়া ৱিকিউদ্ধৃতিৰ সাম্প্ৰতিক নীতি অনুযায়ী এগৰাকী সক্ৰিয় ৱিকিউদ্ধৃতি অৱদানকাৰী আৰু সাধাৰণতে সম্প্ৰদায়ৰ এজন পৰিচিত আৰু বিশ্বাসযোগ্য সদস্যক এই অধিকাৰ প্ৰদান কৰা হয়।

এগৰাকী প্ৰশাসক বা চিছপক কোনো বিশেষ কৰ্তৃত্ব দিয়া নহয়, আৰু সম্পাদনাৰ দায়িত্ব আৰু নীতি-নিয়মৰ ক্ষেত্ৰত তেওঁলোক আন সকলো সদস্যৰে সৈতে সমান।

এয়া প্ৰকৃততে কি?সম্পাদনা কৰক

ৱিকি চফ্টৱেৰত সীমিত ৰখা বৈশিষ্ট্য বা কাৰ্য বেছি নাই যদিও এইসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰশাসকসকলে নিম্নোক্ত কাৰ্যসমূহ কৰিব পাৰে:

  • অন্য সুৰক্ষিত পৃষ্ঠা সম্পাদনা। ইয়াৰ উপৰিও পৃষ্ঠাসমূহক সুৰক্ষিত আৰু অসুৰক্ষিত কৰিব পাৰে। তথ্য আৰু নিৰ্দেশনাৰ বাবে বা সুৰক্ষাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাবলৈ ৱিকিউদ্ধৃতি:সুৰক্ষিত পৃষ্ঠা চাওক।
  • পৃষ্ঠা আৰু ইয়াৰ ইতিহাস মচি পেলোৱা। তথ্য আৰু নিৰ্দেশনাৰ বাবে ৱিকিউদ্ধৃতি:বিলোপনৰ নীতি চাওক। মচি পেলাবলৈ এটা পৃষ্ঠাৰ পৰামৰ্শ দিবলৈ (নীতি পঢ়াৰ পিছত), ৱিকিউদ্ধৃতি:মচি পেলোৱাৰ বাবে ভোট চাওক। কেতিয়াবা মচি পেলোৱাটো এটা কাৰিকৰী বিষয়, য'ত এটা প্ৰবন্ধৰ নাম সলনি কৰিবলৈ এটা পুনৰনিৰ্দেশনা পৃষ্ঠা আঁতৰাব লাগে, বা যিটো পৃষ্ঠাৰ ইতিহাসে ভগ্ন অৱস্থা পাইছে সেইটো মচি ইয়াক পুনৰ সংযুক্ত কৰিব লাগে। আন সময়ত কোনো প্ৰকৃত বিষয়বস্তু নথকা পৃষ্ঠাসমূহত সৰল খুচুৰা-খুচুৰি সম্পাদনাসমূহ পৰিষ্কাৰ কৰাৰ কথা, বা অন্য চাইটৰ পৰা পেষ্ট কৰা আৰু কপিৰাইট উলংঘা কৰা উপাদান আঁতৰোৱাৰ কামো কৰাৰ প্ৰয়োজন হয়।

এগৰাকী প্ৰশাসক হ'বলৈসম্পাদনা কৰক

প্ৰশাসকৰ বিশেষাধিকাৰ কৰ্তনসম্পাদনা কৰক