ৰূপান্তৰৰ ৰেহৰূপ

ৰূপান্তৰৰ ৰেহৰূপ সাহিত্যিক শিৱনাথ বৰ্মনে লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্য‍ে অন্তৰ্লীন ঐক্যসূত্ৰই অসমীয়া সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে৷

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  • "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"[]
  • "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"[]
  • "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"[]
  • "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"[]
  • "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"[]
  • "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"[]
  1. ১.০ ১.১ ১.২ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী -১, অসম, পৃষ্ঠা:৯।
  2. শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:১২।
  3. শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:১৬।
  4. শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:১৭।