ৰাধিকা মোহন ভাগৱতী

অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক।

ৰাধিকামোহন ভাগৱতী (ইংৰাজী: Radhika Mohan Bhagawati, ১৯৩৩-২০১৭) অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত তেখেতৰ জন্ম হয়। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত তেখেত ৰামধেনু আলোচনীৰ সম্পাদক নিযুক্ত হৈছিল।[] পৰ্যায়ক্ৰমে তেখেত 'আজিৰ দৈনিক বাতৰি', 'আজিৰ অসম'আদি কাকতৰ সম্পাদক আছিল। সম্পাদকৰূপে তেখেত আছিল আপোচবিহীন আৰু লেখক আৰু সংবাদদাতাক তেখেতে এখন গণতান্ত্ৰিক মঞ্চ প্ৰদান কৰিছিল। অসমৰ সাংবাদিকতাৰ জগতখনত তেখেতৰ এক সুকীয়া নাম আছিল। তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৯১ চনত ‘সাহিত্য অকাডেমি’ৰ অনুবাদ বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিল। ভাগৱতীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল। ‘ৰামধেনু’ৰ পাতত তেখেতে প্ৰথম বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু আখ্যা দিছিল। কেৱল সংবাদিকেই নহয়, ভাগৱতী আছিল এগৰাকী কবি, গল্পকাৰ, অনুবাদক তথা মঞ্চ অভিনেতা।সম্পাদক: উপেন্দ্ৰ বৰকটকী (৬ নৱেম্বৰ, ১৯৯৪ চন)। বিভিন্নজনৰ দৃষ্টিত মুনীন বৰকটকী। মুনীন বৰকটকী স্মাৰক ন্যাস, পৃষ্ঠা:১৫৫।

  1. সংবাদপত্ৰৰ সম্পাদনাৰ লগত যোৱা ৪৫টা বছৰে জড়িত থাকি কেইবাখনো কাকত সম্পাদনা কৰি আজিও বুকুত হাত দি ক'ব নোৱাৰোঁ যে সম্পাদনাত মই সম্পূৰ্ণ সফল হৈছোঁ। প্ৰতিদিনেই সম্পাদনাৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলি থাকে, কাকতখন তাৰেই প্ৰতিফলন মাথো বছৰত যদি ১২খন মনোমত কাকত ৰাইজৰ হাতত তুলি দিব পাৰোঁ কেনেবাকৈ, তেতিয়াই সন্তুষ্টি লাভ কৰোঁ। তেনে অৱস্থা বৰ সঘনে নাহে। পোৱা নাই সহজে। []
  2. আমি এনে এখন কাকত উলিয়াব পৰা নাই- যিখন কাকত পঢ়িলে আমাৰ সুদূৰ গাঁও অঞ্চলত সোমাই থকা পঢ়ুৱৈয়ে আন দ্বিতীয় এখন নপঢ়িলেও স্থানীয় তথা বিশ্বৰ সকলো ধৰণৰ বা- বাতৰি অনায়াসে মাতৃভাষাত হাততে পাব পাৰে। []
  3. সংবাদপত্ৰৰ ভাষাৰ বিষয়ে সমালোচনাৰ শেষ নাই। সেই সমালোচনাবিলাকৰ মানসিক হেতু নাই। এই কথা মই নকওঁ। আমি যিমানেই জাতীয় মূলৰ পৰা বিচ্ছিন্ন হৈ পৰিছোঁ, সিমানেই আমাৰ ভাষাৰ লগত থকা সম্বন্ধতো কেণা লাগিছে। ঐতিহ্যৰ লগত ভাষাৰ কালিকা জড়িত হৈ থাকে। ভাষা ব্যৱহাৰৰ সীমাবদ্ধতাই জগতৰ সীমাবদ্ধতা বুজায়। কিন্তু সেই কালিকা বুজিবৰ বাবে আমি আজি কিমানদূৰ প্ৰস্তুত? মাতৃভাষাক 'মাতৃদুগ্ধ' বুলি কোৱা হয়। কিন্তু এনে মাতৃদুগ্ধ পিয়াসী নহৈ বিজতৰীয়া হোৱাৰ বাবেই দুৰ্ভাগ্যজনক বিষয় নিশ্চয়। []
  4. সাংবাদিকতাত সাফল্য বৰ সহজে নহয়- এই বিষয়ত মই সদায় ছিৰিয়াছ আৰু একেধৰণৰ ট্ৰলাইবেলিজিম একুৰীয়া' অভ্যাস গঢ়ি তুলিবলৈ প্ৰয়াসী হৈ আহিছোঁ। পদে পদে অনুভৱ কৰিছোঁ- সকলোেপিনে বেঙা মেলি লাভ নাই। সাংবাদিকতাত সৃজনীশীল কলা আৰুবিজ্ঞান ইয়াত হাত পকাবলৈ যি পৰিশ্ৰম একক নিষ্ঠাৰ প্ৰয়োজন, তাক গোটাবলৈ অহৰহ প্ৰয়াস পাই আহিছোঁ যোৱা ৪৫ বছৰে।[]
  5. সাংবাদিকতাও সাহিত্য, কিন্তু ই লৰালৰিৰ সাহিত্য Literature in hurry- আনহাতে, সকলো সাহিত্যও News, কিন্তু এইবিলাক মানৱ লয়ৰ সংবাদ, প্ৰভাৱশালী হৈ ৰয় চিৰন্তন।[]
  6. সাহিত্য সমাজৰ দাপোণ, সংবাদপত্ৰও Rough Draft of History- সাংবাদিক আৰু সাহিত্যৰ মাজত প্ৰভেদ আছে। দুয়ো সমাজক নিৰ্ভৰ কৰি বৰ্তি থাকে। এইখিনিতে দুয়োৰে মিল। সাংবাদিক হ'ল সংবাদ পৰিবাহক। তেওঁলোেক আধুনিক কালৰ সমাজখনৰ ভাট কিম্বা চাৰণ। সাহিত্যকসকল সমাজৰ দ্ৰষ্টা।[]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক