ৰাঘৱ চন্দ্ৰ ডেকা
ৰাঘৱ চন্দ্ৰ ডেকা এগৰাকী ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞানী তথা দক্ষিণ মেৰুত বা এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি।[১] ১৯৮৭ চনৰ ২৫ নৱেম্বৰত কুমেৰু অভিমুখে যাত্ৰা কৰা সপ্তম ভাৰতীয় কুমেৰু অভিযাত্ৰী দলৰ তেওঁ এজন সদস্য আছিল। তেওঁ এণ্টাৰ্কটিকাত অৱস্থিত ভাৰতীয় গৱেষণা কেন্দ্ৰ "দক্ষিণ গংগোত্ৰী"ত ১৬ মাহ থাকি দক্ষিণ মেৰুৰ চুম্বকীয় ক্ষেত্ৰৰ ওপৰত গৱেষণা কৰিছিল।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- মোৰ মনত তেতিয়া এটাই লক্ষ্য আছিল যে যিকোনো প্ৰকাৰে হ'লেও আমি এই এণ্টাৰ্কটিকালৈ যাবই লাগিব। সেই লক্ষ্যৰ দ্বাৰা চালিত হৈ আমি প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈও সাজু আছিলোঁ।[২]
- এন্টাৰ্কটিকাৰ পৰিস্থিতি এনে আছিল যে যদিহে কোঠাটোত এটা বেজীৰ সমানো সুৰুঙা ওলায় তেন্তে অলপ পাছতেই কোঠাটো বৰফেৰে ভৰ্তি হৈ যায়।[২]
- আমি সাগৰেৰে ২৫ দিনৰ যাত্ৰাৰ অন্তত এন্টাৰ্কটিকাত উপস্থিত হৈছিলোঁ। আমাৰ দেশত ইমান দীঘল যাত্ৰাৰ বাবে আৱশ্যকীয় জাহাজ নাছিল। গতিকে বাহিৰৰ জাহাজতহে আমি যাব লগা হৈছিল। 'অৰিজিনেল' যিখন জাহাজ আছিল সেইখনে একমিটাৰ বৰফ কাটি আগবাঢ়িব পাৰিছিল। পাছৰবিলাক বৰফ কাটিব পৰা বিধৰ নাছিল। তদুপৰি জাহাজবিলাক লগে লগে ঘূৰি আহিব লগা হৈছিল। কাৰণ তাত যদি ঠাণ্ডা পৰি যায়, জাহাজবিলাক তাৰপৰা ঘূৰি আহিব নোৱাৰে। গতিকে সোনকালে গুচি অহাৰ বাদে জাহাজবোৰৰ আন উপায় নাথাকে।[২]
- আমি আছিলোঁ দক্ষিণ গংগোত্ৰীত। আমি মৈত্ৰীলৈ সাধাৰণতে গাড়ীৰেই অহা যোৱা কৰিছিলোঁ। দক্ষিণ গংগোত্ৰী আছিল বৰফৰ ওপৰত জমা হোৱা বৰফ। তাৰে 'আইচচেল'টো আছিল প্ৰায় দুই কিঃ মিঃ ডাঠ- তাৰে ওপৰত দক্ষিণ গংগোত্ৰী। দক্ষিণ গংগোত্ৰী এতিয়া বৰফৰ তলত, আমি য'ত আছিলো তাৰ এতিয়া একো চিনেই নাই। মৈত্ৰী ষ্টেচনত এতিয়া আমাৰ অসমৰেই সুসন্তান প্ৰাঞ্জল শইকীয়া আছে।[২]
- ভৌগোলিক দৃষ্টিভংগীৰে চালে ভাৰতৰ অৱস্থান যথেষ্ট ভাল। কাৰণ কাশ্মীৰত সমুদ্ৰপৃষ্ঠৰ পৰা ভাৰত উচ্চতাত আছে আৰু দক্ষিণৰ ফালে সমুদ্ৰপৃষ্ঠৰ সৈতে লগলাগি আছে। একেদৰে 'ডীপ ইকুৱেটৰ'ৰ লগতে 'মেগনেটিক প'লো' আমাৰ দেশত আছে। গতিকে এন্টাৰ্কটিকাত আমি নিগাজীকৈ এটা কেন্দ্ৰ খুলি ল'ব পাৰিলে ভূ-চুম্বকীয় ক্ষেত্ৰখনত বিশ্বৰ কোনো ৰাষ্ট্ৰৰ ওপৰতেই আমি নিৰ্ভৰ কৰিব নালাগে।[২]
- যেতিয়া কেপ্তেইন ৰবাৰ্ট ফেলকন স্কটে দক্ষিণ মেৰুলৈ যাবলৈ ওলাল, তেতিয়া তেওঁৰ পত্নীয়ে দুখ প্ৰকাশ কৰিলে। স্কটে তেওঁৰ পত্নীক বিয়াৰ আগতে কথা এটা কৈছিল। কথাটো আছিল এনেধৰণৰ যে পত্নীৰ ব্যক্তিগত কৰ্মত স্কটে হকাবাধা নকৰিব আৰু পত্নীয়েও স্কটক তেওঁৰ ব্যক্তিগত কৰ্মত হস্তক্ষেপ নকৰিব। বিয়াৰ আগেয়ে স্কট আৰু তেওঁৰ পত্নী কেথলীনে এই চুক্তি কৰিছিল। স্কটে সেই চুক্তি সম্পৰ্কে কেথলীনক সোঁৱৰাই দিলে আৰু দক্ষিণ মেৰুলৈ যাত্ৰা আৰম্ভ কৰিলে। কেথলীনে স্কটক দক্ষিণ আফ্ৰিকালৈ সংগ দিলে। তাৰপৰা কেথলীন চকুলো টুকি ঘৰলৈ ঘূৰি আহিল। মোৰ নিজৰ ক্ষেত্ৰত সেই স্কটৰ কথাটোৰ মিল পাওঁ। সেই স্কট আৰু ঘূৰি নাহিল। দক্ষিণ মেৰুতেই তেওঁক কবৰস্থ কৰা হ'ল। ষাঠি বছৰ পিছত স্কটৰ সন্তান পিটাৰ স্কটে সেই স্থানলৈ গৈ মৃত পিতৃৰ সমাধিস্থলত প্ৰণাম কৰি আহিল। এনেবোৰ ঘটনাই নিজ লক্ষ্যত আগুৱাই যাবলৈ মোক কিবা এক প্ৰেৰণা যোগাইছিল।[২]
- জুন মাহৰ ২১ তাৰিখৰ দিনটো এন্টাৰ্কটিকাত 'মিড ডে অৱ দ্য উইণ্টাৰ' বুলি কোৱা হয়। সেইদিনাখন আমাৰ বাবে তাত এটা ডাঙৰ উৎসৱৰ দৰে হয়। তাৰমানে সেইদিনটোৰপৰা আমি পোহৰলৈ আগবাঢ়োঁ। এন্টাৰ্কটিকাত দুমাহ একেৰাহে আন্ধাৰ হৈ থাকে। মানে একেবাৰে 'ননষ্টপ' আন্ধাৰ। আমি আমি এন্টাৰ্কটিকাত প্ৰথম সূৰ্য্য দেখা পালোঁ ১৯ জুলাইৰ দিনা। সেইদিনা সূৰ্য্যটো মাত্ৰ দহমিনিটৰ বাবে ওলাইছিল। সূৰ্য ওলাল আৰু লগে লগে ডুব গ'ল। সেইয়া সাংঘাতিক ধুনীয়া দৃশ্য। তাৰ পাছদিনা সূৰ্যটো প্ৰায় আধাঘণ্টা সময় ওলাইছিল। তাৰপাছত সূৰ্য ওলোৱা সময়টো লাহে লাহে বাঢ়ি গ'ল। লাহে লাহে ২৪ ঘণ্টাই সূৰ্য্য ওলাই থকা হ'ল।[২]
- মই কিন্তু তাত এটা কাম কৰিছিলোঁ, য'তেই সুযোগ পাওঁ ত'তেই অসমীয়াত কথা কিছুমান লিখি থৈ আহিছিলোঁ। ৰঙাকে ধৰি বিভিন্ন ৰঙ ব্যৱহাৰ কৰিছিলোঁ। মই বিশেষকৈ অসমীয়াত লিখিছিলোঁ। “মই অসমৰপৰা আহিছোঁ, মোৰ গুৰু হ'ল শংকৰদেৱ-মাধৱদেৱ”, এনেধৰণৰ কথাবোৰ লিখি মই যে অসমৰ পৰা এন্টাৰ্কটিকালৈ আহিছিলো, সেইয়া অনুভৱ কৰি মনটোত বৰ শান্তি পাইছিলোঁ।[২]
- মই এবাৰ ৰাছিয়ালৈ যোৱাৰ পথত মস্কো বিশ্ববিদ্যালয় দৰ্শন কৰিছিলোঁ। তাত তেওঁলোকে মোক জনাইছিল যে যদিহে আমি পৃথিৱীৰ কোনো এখন ঠাই বা বিন্দুত ভূ-চুম্বকত্ব উদাসীন বা শূন্য কৰি দিব পাৰোঁ, তেন্তে তাত চৰাই এটাও উৰিব নোৱাৰে। আলিগড়ত আমি এই পৰীক্ষাটো চলাই চাইছিলোঁ। ভু-চুম্বকত্ব শূন্য কৰি পাৰ চৰাই এটা এৰি দিয়াত দেখিছিলো যে পাৰটো সেই ঠাইখিনিত উৰিব পৰা নাছিল। প্ৰকৃততে ভূ-চুম্বকীয় শক্তি খুবেই প্ৰয়োজনীয়। বিশেষকৈ পৰিভ্ৰমী চৰাইবোৰেও এই ভূ- চুম্বকত্বৰ দ্বাৰাই বহুদূৰ যাত্ৰা কৰিব পাৰে। চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ সদায় উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰে আৰু এই ক্ষেত্ৰৰেখাক অনুসৰণ কৰিয়েই পৰিভ্ৰমী চৰাইবোৰে বহুদূৰ যাত্ৰা কৰিও নিজৰ পথত উৰি থাকে। মস্কো বিশ্ববিদ্যালয়ৰ পণ্ডিতসকলে মোক এইবিষয়েও কৈছিল যদিও এয়া কিমানদূৰ সত্য মই নাজানো। হয়তো আমাৰ পক্ষীবিজ্ঞানীসকলে এই সম্পৰ্কে ভালদৰে আলোকপাত কৰিব পাৰিব।[২]