ৰমেশ পাঠক
অসমীয়া লেখক, শিক্ষাবিদ
ড° ৰমেশ পাঠক (জন্ম: ১ মে' ১৯৪২- মৃত্যু: ২৬ জানুৱাৰী ২০২১) এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা।[১] তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতেই তেখেতৰ মাতৃৰ মৃত্যু হয়। তেখেত হৰেশ্বৰ পাঠকৰ পঞ্চম তথা কনিষ্ঠ পুত্ৰ আছিল।[২]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- নাটক অৱস্থাৰ অনুকৰণ৷ অনুকৰণ মানুহৰ সহজাত প্ৰবৃত্তি৷ অনুকৰণ যেতিয়া কলাত্মক ৰূপত প্ৰদৰ্শিত হয় তেতিয়া ৰস সঞ্চাৰ হয় আৰু সাহিত্যৰ মৰ্যাদা লাভ কৰে৷[৩]
- নাটকৰ জন্মৰ সৈতে ধৰ্মৰ সম্পৰ্ক আছে৷ [৪]
- পৃথিৱীৰ অন্যান্য নাটকৰ সৈতে সংস্কৃত নাটকৰ মৌলিক পাৰ্থক্য হ’ল ৰস-সৃষ্টিত৷[৫]
- আধুনিক যুগ ব্যস্ত যুগ৷[৬]
- একাংক নাট স্বয়ংসম্পূৰ্ণ৷ পূৰ্ণাঙ্গ নাট এখনৰ সংক্ষিপ্ত ৰূপ ই নহয়৷[৭]
উৎস
সম্পাদনা কৰক- ↑ কনকসেন ডেকা (২০১৬)। “সাহিত্যাচাৰ্য ড॰ ৰমেশ পাঠকৰ কৃতিত্ব”, ড॰ ৰমেশ পাঠক জীৱন আৰু কৃতি। পাণবজাৰ, গুৱাহাটী। অশোক বুক ষ্টল, পৃষ্ঠা:০৯।
- ↑ Edited by Ratneswar Mili। Ramesh Pathak : Jeevan Aaru Kriti। Ashok Book Stall, Panbazar, Guwahati 1।
- ↑ নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ১.
- ↑ নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ৩.
- ↑ নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ১৫.
- ↑ নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ৩৫.
- ↑ নাটক আৰু নাটক, অশোক বুক ষ্টল, তৃতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা. ৩৬.