২য় পৃষ্ঠাৰ সেই প্ৰেম (গ্ৰন্থ)

২য় পৃষ্ঠাৰ সেই প্ৰেম, ড° আকাশীতৰাৰ দ্বাৰা লিখিত এখনি উপন্যাস।উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০১৩ চনত।প্ৰকাশক আছিল বনলতা প্ৰকাশন।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে শোভনা।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. মানুহৰ জীৱনটো এক দীঘলীয়া যাত্ৰা। এক ভ্ৰমণ। কেতিয়াবা এই যাত্ৰা ৰেলৰ দৰে ষ্টেচনবোৰত ৰৈ যায়। কেতিয়াবা উৰাজাহাজৰ দৰে হঠাতে পোৱা যায় গন্তব্যস্থান আৰু কেতিয়াবা গৰু গাড়ীৰ যাত্ৰাৰ দৰে। ধীৰ আৰু বেছ লেহেম।
  2. জীৱনৰ মুহূৰ্তবোৰ সদায় মনে বিচৰা ধৰণেৰে নাহিবও পাৰে। কিন্তু মুহূৰ্তবোৰ নিজৰ ভাল লগাকৈ আয়ত্বলৈ আনিবলৈ চেষ্টা কৰিব লাগে।
  3. মানুহবোৰ জানা ৰ'দ, বৰষুণৰ দৰে বতৰে বতৰে আহে। কিছুমান আহে আৰু কিছুমান ধুমুহাৰ দৰে উভালি যায় শিপা।
  4. সুখৰ বাটবোৰ সূৰ্য্যৰ কিৰণৰ দৰে কোনেও বাধা দিব নোৱাৰে। বন্ধ খিৰিকীৰ সামান্য ফাঁকেদি কেনেকৈ যে কিৰণ সোমাই আহে!নিজৰ সুখৰ বাটটো নিজেই ঠিক কৰিব লাগিব। সুন্দৰৰ উৎসবোৰো নিজেই বিচাৰি উলিয়াব লাগিব।
  5. গোটেই জীৱন চলি থাকিব ভাল আৰু বেয়া-সত্য আৰু অসত্যৰ এই যুদ্ধ। সত্যৰ জয় হ'বই লাগিব। যি জীৱন মোক ভগৱানে দিছে সেই জীৱনেই মই ল'ব লাগিব।
  6. যদি তুমি আন সকলো পাপীতকৈ অধিক পাপী হোৱা তথাপি তুমি জ্ঞানৰূপ নাৱৰ সহায়ত নিঃসন্দেহে সমস্ত পাপ সমুদ্ৰৰ পৰা সুন্দৰভাৱে পাৰ হ'ব পাৰিবা।
  7. শোভনাই কৈছিল তাইৰ জীয়াই থকাৰ মন্ত্ৰটো -"প্ৰেম, চেলেঞ্জ আৰু গভীৰ জীৱনবোধ"।
  8. স্মৃতিবোৰো সাগৰৰ দৰে। গভীৰ.. কিছুমান শব্দই অনবৰত সাগৰে ভৰি তিওৱাৰ দৰে চুই যায়।কেতিয়াবা কণমানি ঢৌৰ দৰে কেৱল ভৰি স্পৰ্শ কৰে আৰু কেতিয়াবা ডাঙৰ ঢৌৰ দৰে গোটেই শৰীৰটো তিয়াই যায় আৰু কেতিয়াবা চুনামিৰ দৰে উটুৱাই লৈ যায় আৰু কেতিয়াও ঘূৰি নাহিবলৈ।
  9. সকলোৱে বিচাৰে আমি ভালপোৱা মানুহবোৰক মাজে মাজে সোঁৱৰাই দিওঁ যেন - হয় মই তোমাক ভাল পাওঁ।এয়া সকলোৱে বিচাৰে।
  10. এই বিশ্বাসৰ সূতাডাল ধৰিয়েই মকৰাজালৰ দৰে মৰমৰ আঠাতে মানুহে সম্পৰ্ক গঢ়ে।ভাঙিবলৈ বা বিচ্ছেদৰ মোহৰ লগাবলৈ নহয়।কোনো বিচ্ছেদে মানুহক সুখী নকৰে।
  11. কিছুমান মানুহ সাহসৰ বাবে, সাহস দিবলৈ, সাহসেৰে নহয় বুলি ক'ব পৰা সাহস লৈ জন্ম হয়।
  12. Bury the past' ,'যি অতীতে প্ৰেৰণা নোযোগায়, সেই অতীতক পাহৰি যোৱাই মংগল।
  13. কিমান যে ভাল লাগে ভালপোৱা মানুহবোৰ জীয়াই থাকিলে, ভালকে।একধৰণৰ নিৰাপত্তা অনুভৱ হয়।আৰু আটাইতকৈ ভালপোৱা মানুহজন এই পৃথিৱীৰ যিকোনো চুকতে ভালকৈ জীয়াই থকাৰ কথা জানিলে অন্তৰ ভৰি যায়।
  14. বুকুত গোট মৰা, কৰাল মৰা তেজবোৰ মোহাৰি যুদ্ধই কৰি গৈছিলো।
  15. ভাল প্ৰেমিক এজন ভাল মানুহ নহ'বও পাৰে।কিন্তু ভাল মানুহ এজন ভাল প্ৰেমিক হ'বই!
  16. ভালপোৱা মানে কি? যি প্ৰেমে তোমাক বাঢ়িবলৈ নিশিকায়, ভাবিবলৈ নিশিকায়,নিৰাপত্তা নিদিয়ে, বিশ্বাস নিদিয়ে, সেয়া বাসনাহে, প্ৰেম নহয়।'
  17. নিজৰ বিষয়ে কোনেও নিজতকৈ বেছিকৈ নাজানে।
  18. জীৱনৰ অৰ্থই হৈছে ফিনিক্স পক্ষীৰ দৰে নিজৰ ছাইৰ পৰা জন্ম হোৱা।
  19. আগ্ৰহ, মৰম এইবোৰ শিকাব পৰা বস্তু নহয়।নিজে নিজেই নিজৰ লগতে থকা হেঁপাহ।
  20. জীৱনৰ কিছুমান সম্পৰ্ক কেৱল দুটা আখৰতে শেষ কৰিব নোৱাৰি।
  21. বেয়া হ'বলৈ মানুহক কাৰণ নালাগে।
  22. সময় লাগে বুকুৰ ঘাঁবোৰ শুকাবলৈ।
  23. যিমানেই জীৱনক প্ৰশংসা কৰিবা জীৱনে সিমানেই দিব।
  24. প্ৰতিকূল পৰিস্থিতিত যুঁজ দিব পৰাজনহে সাহসী।
  25. মানুহ নাথাকিলেহে অনুভৱ হয় মানুহৰ আচল মূল্য! ওচৰে পাজৰে থাকিলে গমেই পোৱা নাযায়।
  26. ভালপোৱা মানুহক কোনেও আঘাত কৰিব নোৱাৰে।এয়াই প্ৰেমৰ একমাত্ৰ প্ৰমাণ।
  27. ভগৱানে সঁচা মানুহক সদায় সহায় কৰে।
  28. এজন ভুল মানুহে পৃথিৱীখন নৰক কৰি দিব পাৰে।
  29. পৃথিৱীৰ চব মানুহ ভাল, মাত্ৰ কিছুমান মানুহৰ অভ্যাস বা হেবিটবোৰ বেয়া।
  30. Everything begins and ends with mind and thought.
  31. পৃথিৱীত শ্ৰদ্ধা আৰু মৰম থকা কোনো সম্পৰ্ক ই অৰ্থহীন হ'ব নোৱাৰে।
  32. চিন্তাইতো বেলেগ কৰে মানুহক মানুহৰ পৰা।
  33. মনৰ ধনী আটাইতকৈ ধনী আৰু সঁচা এটা শক্তি।
  1. আকাশীতৰা,ড°।২য় পৃষ্ঠাৰ সেই প্ৰেম।(২০১৩),বনলতা প্ৰকাশন