হৰিনাৰায়ণ দত্তবৰুৱা

অসমীয়া সাহিত্যিক আৰু প্ৰকাশক৷

হৰিনাৰায়ণ দত্তবৰুৱা (১৮৮৫-১৯৫৮) এগৰাকী অসমীয়া সাহিত্যিক আৰু প্ৰকাশক৷ তেওঁ ভালেসংখ্যক অসমীয়া মাধ্যমৰ পাঠ্যপুথি আৰু শংকৰ-মাধৱৰ কৰ্মৰাজি পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰাত অৱদান আগবঢ়াইছিল৷ অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত 'বৰুৱা এজেন্সি', 'শ্ৰীগুৰু প্ৰেছ' আৰু 'দত্তবৰুৱা এণ্ড কোম্পানী' আদি প্ৰতিষ্ঠা কৰে৷

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

সাহিত্য - সপ্তম ভাগ

সম্পাদনা কৰক

১৯২৯, বৰকটকী কোম্পানী, যোৰহাট

  • কিছুমানে কয় “মিছা নকলে চলিব নোৱাৰি”; আচলতে কিন্তু এই কথাৰ একো অৰ্থ নাই। দোষ স্বীকাৰ কৰি শাস্তি গ্ৰহণ কৰি নিৰ্ভাব হৈ থকা ভাল, নে মিছা কৈ সদায় শঙ্কিত হৈ থকা ভাল?
    • পৃষ্ঠা ৭
  • কুইনাইনে চেনিৰ গুণ লব নোৱাৰাৰ দৰে মিছাই মানুহক কোনো অবস্থাতে তৃপ্তি দিব নোৱাৰে। চেনিৰ আৱৰণ দিয়া কুইনাইনৰ বড়ী মুখত দিয়াত পোনতে মিঠা লাগে সঁচা, কিন্তু পৰক্ষণতেই কুইনাইনৰ তিতা গুণ জিভাই ধৰিব পাৰে।
    • পৃষ্ঠা ১০
  • কৰ্ম্মত আসক্ত থাকিলে হৃদয়ত কুপ্ৰবৃত্তি জন্মিব নোৱাৰে। ইংৰাজীত এটা প্ৰবাদবাক্য আছে— “এলেহুৱা মন ভূতৰ বাহ।”
    • পৃষ্ঠা ৪৫
  • সংসাৰত উন্নতি কৰিবলৈ হলে মানুহৰ অন্তৰত প্ৰথমে কৰ্ম্ম কৰিবলৈ প্ৰৱল ইচ্ছা জন্মিব লাগে; কৰ্ম্মীজন আত্মনিৰ্ভৰশীল আৰু দৃঢ়প্ৰতিজ্ঞ হলে তেওঁ কৃতকাৰ্য্য নহৈ নাথাকে।
    • পৃষ্ঠা ৪৭
  • মানুহে কৰ্ম্ম কৰি দেৱতা হয়—পৃথিবীতে স্বৰ্গ-সুখ ভোগ কৰে। কাপুৰুষবিলাকে দৈৱক নিৰ্ভৰ কৰি চলে আৰু তাৰ ফলত ভাত-কাপোৰৰ দুখতে অশেষ লাঞ্ছনা ভোগ কৰে।
    • পৃষ্ঠা ৪৮
  • গ্ৰন্থ পাঠেও সঙ্গৰ কাম কৰে। কিন্তু সৎগ্ৰন্থ পাঠ কৰি সঙ্গৰ দোষত অসদুনুষ্ঠানত ৰত থাকিলে গ্ৰন্থ-পাঠৰ ফল নধৰে— নিজৰ মন যি সাঁচত ঢালিব খোজা যায় তদনুসাৰে কৰ্ম্মত নিযুক্ত থাকিলেহে অভীষ্ট সিদ্ধি হয়।
    • পৃষ্ঠা ১২৪

শ্ৰীমন্ত শঙ্কৰদেৱ

সম্পাদনা কৰক

১৯৫৫, দত্ত বৰুৱা এণ্ড কোং, নলবাৰী

  • শ্ৰীশঙ্কৰৰ নাম দহটা—ডেকাগিৰী, শঙ্কৰ, গদাধৰ, মহাপুৰুষ, আচাৰ্য্য, সন্ত, মহন্ত, আতা, গোমস্তা আৰু জগন্নাথ।
    • পৃষ্ঠা ৬
  • বৈকুণ্ঠৰ পটৰ সংবাদ পাই, ৰাজ্যৰ ডেকা, গাভৰু, বুঢ়া-বুঢ়ী দলে দলে আহি টেম্বুৱানি ভৰি পৰিল; সকলোৱে পট চাই পৰম আনন্দ লভিবলৈ ধৰিলে; কিন্তু লগতে বহুতে তাৰ বিৱৰণ শুনিবলৈ ইচ্ছা কৰাত শ্ৰীশঙ্কৰে চিহ্ণ যাত্ৰাৰ সৰু নাটিকা এখন ৰচনা কৰি “নটুৱা শিখায়া মুখা বন্ধ কৰি চৌ নিৰ্ম্মিলা।”
    • পৃষ্ঠা ৯
  • পাটবাসী শ্ৰীকৃষ্ণৰ ২য় বৃন্দাবন হল; হৰিনাম ৰস গোবিন্দৰ প্ৰেম অমৃতৰ নদী উজনী-ভাটীলৈ বব ধৰিলে। শ্ৰীশ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীদামোদৰদেৱ, শ্ৰীশ্ৰীহৰিদেৱ আৰু শ্ৰীশ্ৰীনাৰায়ণ ঠাকুৰে হৰি নামৰ ফল চাৰি পুৰুষাৰ্থৰ পতাকা লৈ হৰি-ভক্তি দান কৰি সকলোকে সংসাৰ-সিন্ধুৰপৰা উদ্ধাৰৰ ব্যৱস্থা কৰিব ধৰিলে।
    • পৃষ্ঠা ২৭


বাহ্যিক সংযোগ

সম্পাদনা কৰক