হোমেন বৰগোহাঞিৰ সন্ধানত (গ্ৰন্থ)

হোমেন বৰগোহাঞিৰ সন্ধানত গ্ৰন্থখন সম্পাদনা কৰিছে নমিতা ডেকাই৷ গ্ৰন্থখনৰ প্ৰকাশ কৰিছে ষ্টুডেণ্টচ্ ষ্ট’ৰচে৷ প্ৰথম প্ৰকাশৰ চন-ডিচেম্বৰ, ১৯৯৮

  • অসমৰ বহু পাঠকৰ দৰেই হোমেন বৰগোহাঞি মোৰ আটাইতকৈ প্ৰিয় সাহিত্যিক। পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে। ইয়াৰ ফলতে আজি অসমত গঢ় লৈ উঠিছে বৰগোহাঞিৰ সাহিত্যৰ প্ৰতি অধিক অনুৰাগী এশ্ৰেণী পাঠকৰ। কেৱল সেয়াই নহয়, বৰগোহাঞিদেৱৰ সাহিত্যৰ জনপ্ৰিয়তাই আজি অসমৰ পৰিসীমা অতিক্ৰমী বিশ্বজনীনতা লাভ কৰিবলৈও সক্ষম হৈছে।- নমিতা ডেকা []
  • সাহিত্যৰ মাজেদি লগ পোৱা বৰগোহাঞি মানুহজনাৰ প্ৰতি ইতিমধ্যেই মোৰ মনত এক সুকীয়া ধাৰণাই শিপাই গৈছিল। কিন্তু তেখেতক লগ পোৱাৰ পিছত এইকথা স্পষ্টভাৱে উপলব্ধি কৰিব পাৰিছিলোঁ যে মানুহজনা এক সুকীয়া ব্যক্তিত্বৰো অধিকাৰী। তেখেতৰ সাহিত্যৰ মাজত যেনেদৰে এজন গ্ৰাম্য পৰিবেশত ডাঙৰ-দীঘল হৈ জীৱনৰ অভিজ্ঞতা সঞ্চয় কৰা ব্যক্তিক লগ পোৱা যায়, লগ পোৱা যায় যেনেদৰে এজন নিঃসঙ্গ ব্যক্তিক; সেইদৰে তেখেতৰ মাজতে বিচাৰি পোৱা যায় ফ্ৰয়েড, হুইটমেন, ৱৰ্ডছৰ্থ, ক'লৰিজ, গ্ৰাহাম গ্ৰীণ, ফ্লবেয়ৰ, টেৰেন্স আদিৰ আদৰ্শক। - নমিতা ডেকা []
  • অসমৰ লেখকসকলৰ মাজত তেওঁ এজন অসাধাৰণ ব্যক্তি (unique personality) বুলি তেওঁৰ শত্ৰুৱেও স্বীকাৰ নকৰি নোৱাৰে। সৰু কালৰপৰা এনে বিচিত্ৰ অভিজ্ঞতাৰ অধিকাৰী হোৱা লোক পাশ্চাত্য দেশত মাজে-মাজে পোৱা যায় কিন্তু ভাৰতবৰ্ষত বিৰল।- যজ্ঞেশ্বৰ শৰ্মা []
  • বৰগোহাঞিৰ জীৱনত দেখা দিয়া বিপৰীত গুণসমাবেশে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা বঢ়ালে। অসমৰ লেখকসকলৰ মাজত তেওঁ এজন অসাধাৰণ ব্যক্তি (unique personality) বুলি তেওঁৰ শত্ৰুৱেও স্বীকাৰ নকৰি নোৱাৰে। সৰুকালৰপৰা এনে বিচিত্ৰ অভিজ্ঞতাৰ অধিকাৰী হোৱা লোক পাশ্চাত্য দেশত মাজে মাজে পোৱা যায়। কিন্তু ভাৰতবৰ্ষত বিৰল। বৰগোহাঞিক মই লোকোত্তৰ বুলি নাভাবোঁ। কিন্তু তেওঁ যে আমাৰ ভিতৰত এজন অসাধাৰণ লোক আৰু অসাধাৰণ লেখক তাক স্বীকাৰ নকৰি নোৱাৰোঁ।- যজ্ঞেশ্বৰ শৰ্মা []
  • বৰগোহাঞি ডাঙৰীয়া অধ্যয়ন-ব্ৰতী পণ্ডিত। আনহাতে তেওঁ সততে সমাজ-সচেতন। জনগণৰ শক্তিৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস; আৰু অন্যায়ৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আপোচবিহীনভাবে সচেষ্ট। এনেকুৱা নিৰন্তৰ সাধনাৰ মাজতো তেওঁৰ আছে একপ্ৰকাৰ বৈৰাগ্য- বোধ। বিজ্ঞান আৰু দৰ্শনেও এক মহাশূন্যতাৰ সন্ধান কৰে। জীৱন আৰু জগতৰ শূন্যতাৰ কথা বুদ্ধই যেনেকৈ কয়, শঙ্কৰাচাৰ্যও জীৱন- জগৎ সম্বন্ধে একে সিদ্ধান্ততে উপনীত হয়। বৰগোহাঞিৰ বৌদ্ধিক উপলব্ধিও শাস্ত্ৰলব্ধ যেন লাগে। এই বৈৰাগ্য-বোধৰ বাবেই তেওঁ নিঃসঙ্গ, বিষণ্ণ, একক।- উমাকান্ত শৰ্মা []
  • সত্যসন্ধ হোমেনৰ লগত কথা পাতিব খুজিছিলো

পবিত্ৰ মেৰীৰ লিলি ফুল পাহিৰ
কিন্তু সকলো আবদ্ধ থাকিল সৰিয়হ ফুল আৰু
মোৰ নেদেখা মিছিং কনেঙৰ কলাফুলতে.......
মই বহুৱালি কৰি থাকোঁতেই হোমেনে দেখুৱাই গ'ল
কি বিচিত্ৰ ট্ৰেপিজ!-নৱকান্ত বৰুৱা[]

  • হোমেন বৰগোহাঞিক ১৯৬৬ চনলৈকে মই চকুৰে দেখা নাপালেও, আৰু তেওঁ মোতকৈ কমেও ছয়-সাত বছৰ জ্যেষ্ঠ হ'লেও, তেওঁৰ লেখাৰ মাজত মই আকৰ্ষণ অনুভৱ কৰা তিনিটা বিষয় দেখা পাইছিলোঁ প্ৰত্যেক মানুহৰ একান্ত ব্যক্তিগত অথচ সাৰ্বজনীন মানৱীয় আকাংক্ষা, স্বপ্ন আৰু বিষাদৰ উপস্থিতি, গভীৰ সামাজিক চেতনা আৰু এক শক্তিশালী প্ৰকাশভংগী।-নগেন শইকীয়া []
  • অসমৰ যিসকল নতুন লেখক আৰু সাংবাদিকে সমালোচনা আৰু ভৰ্ৎসনা কৰিবলৈ অশালীন আৰু অবাচ্য শব্দৰ সাধনত আত্মনিয়োগ কৰিছে তেওঁবিলাকৰ বাবে হোমেন বৰগোহাঞিৰ ভাষাই শিক্ষকস্বৰূপে কাম কৰিব পাৰে। মুখ্যতঃ হোমেন বৰগোহাঞি এজন অন্তৰ্মুখী ব্যক্তিত্বৰ লেখক। ভাব হয় এক স্বোপাৰ্জিত গভীৰ নিসংগতাবোধেই তেওঁৰ একমাত্ৰ সংগী। অৱশ্যে প্ৰত্যেক সৃষ্টিশীল লেখকেই অকলশৰীয়া। কিন্তু বৰগোহাঞিৰ দৰে লেখক বেছি অকলশৰীয়া।- নগেন শইকীয়া []
  • হোমেন বৰগোহাঞি! লেখক হিচাপে বা মানুহ হিচাপে যাৰ আছে এক অগতানুগতিক ব্যক্তিত্ব। তেওঁ এক ব্যতিক্ৰম। আৰু 'ব্যতিক্ৰমে' সদায়েই মন আৰু চকু দুয়োটাকে আকৰ্ষণ কৰে। বৰগোহাঞিৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা-এই সকলোেবাৰতে প্ৰতীয়মান হৈছে তেওঁৰ এক পৃথক স্বাক্ষৰ, -অনন্য প্ৰমূল্য! বৰগোহাঞিৰ সাহিত্য-কৰ্ম অধ্যয়ন কৰিলে পাঠকে অচিৰেই সেই সত্য উপলব্ধি কৰিব পাৰে। হোমেন বৰগোহাঞিৰ নিজৰ জীৱন-দৰ্শন আৰু আধ্যাত্মিক ভাৱধাৰাও কিছু অগতানুগতিক।- মলয়া খাউণ্ড []

তথ্য সংগ্ৰহ

সম্পাদনা কৰক